Logo
image

কামাখ্যাত পূজা দিলেহি অনুপম খেৰে

আমাৰ অসম, ১৯ ছেপ্টেম্বৰঃ বলীউডৰ জনপ্ৰিয় অভিনেতা অনুপম খেৰে দেওবাৰে গুৱাহাটীৰ নীলাচলপাহাৰৰ বুকুত থকা কামাখ্যা মন্দিৰ দৰ্শন কৰে৷ কামাখ্যা ধামত উপস্থিত হৈ মা কামাখ্যাৰ আশিস ললে অভিনেতাজনে৷ তেওঁ কামাখ্যা মন্দিৰ দৰ্শন কৰি আপ্লুত হৈ পৰে৷ কামাখ্যা দেৱীৰ শ্ৰীচৰণত নিজৰ পৰিয়ালৰ লগতে সমগ্ৰ দেশবাসীৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি প্ৰাৰ্থনা আগবঢ়োৱাৰ বুলি কয়৷ লগতে মন্দিৰ কতৃৰ্পক্ষই তেওঁক এখন ফুলাম গামোছা আৰু কামাখ্যা মন্দিৰৰ এটা প্ৰতীকেৰে আদৰণি জনোৱা বাবে মন্দিৰ কতৃৰ্পক্ষক ধন্যবাদ জ্ঞাপন কৰে৷ এই কাৰ্যসূচীত মন্দিৰৰ বৰদলৈ কবিন্দ্ৰ প্ৰসাদ শৰ্মা, ভাস্কৰ শৰ্মা আদি মন্দিৰৰ বিষয় ববীয়া উপস্থিত থাকে৷ উল্লেখ্য, শনিবাৰে গুৱাহাটীত অনুপম খেৰ উপস্থিত হয়৷  গুৱাহাটীত উপস্থিত হৈয়েই তেওঁ টুইটাৰত উৰাজাহাজৰ ভিতৰৰ পৰা লোৱা অসমৰ এক মনোৰম ভিডিঅ’ শ্বেয়াৰ কৰে৷ সেই ভিডিঅ’ত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাক টেগ কৰে অনুপম খেৰে৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই তেওঁক গুৱাহাটীলৈ স্বাগতম জনাই ৰিপ্লাই দিয়ে৷ উল্লেখ্য, দেওবাৰে পুৱাৰ ভাগত জনপ্ৰিয় অভিনেতাজনক ওচৰৰ পৰা এবাৰ চাবলৈ তেওঁৰ অনুৰাগী সকলে কামাখ্যা মন্দিৰত ভিৰ কৰে৷