Logo
image

সুৰাপানৰ অভিলেখ কোষাগাৰৰো সকাহ

বিশ্বকৰ্মা পূজাত মাথোঁ মহানগৰীতে ৬.২০ কোটি টকাৰ সুৰাপান

বিগত বৰ্ষত গুৱাহাটীত বিক্ৰী হৈছিল ৩.৭০ কোটি টকাৰ সুৰা

এইবাৰ সমগ্ৰ অসমত বিক্ৰী হ’ল ১০ কোটি টকাৰ সুৰা

আমাৰ অসম, ১৯ ছেপ্টেম্বৰঃ আবকাৰী ৰাজহেই এতিয়া চৰকাৰৰ ৰাজকোষৰ আশা-ভৰসাৰ স্থলত পৰিণত৷ উৎসৱ আহিলেই আবকাৰী ৰাজহৰে প্ৰাণ পাই উঠে ৰাজ্যৰ কোষাগাৰ সমূহ৷ এইবাৰ বিশ্বকৰ্মা পূজাও যেন ব্যতিক্ৰম নহ’ল৷ বৰঞ্চ পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি বিশ্ব কৰ্মা পূজাত আবকাৰী ৰাজহ সংগ্ৰহ কৰিছে চৰকাৰে৷ আপুনি শুনিলে আচৰিতত যেন লাগিলেও শনিবাৰৰ বিশ্ব কৰ্মা পূজাৰ দিনটোত গুৱাহাটী মহানগৰীত সুৰাপায়ীয়ে পান কৰিলে সৰ্বাধিক ৬ কোটি ২০ লাখ টকাৰ সুৰা৷ অৰ্থাৎ বিশ্বকৰ্মা পূজাৰ দিনটোত সুৰা বিক্ৰীৰ পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিলে গুৱাহাটীত৷ কিয়নো বিগত বৰ্ষত মাত্ৰ ৩ কোটি ৭০ লাখ টকাৰহে সুৰা গুৱাহাটী মহানগৰীত বিক্ৰী হৈছে৷ এককথাত এইবাৰ প্ৰায় দুগুণ বিক্ৰী হ’ল সুৰা৷ তাৎপৰ্যপূৰ্ণ বিষয়টো হৈছে গুৱাহাটী মহানগৰীত ৫০ লাখ টকাৰ বিশ্ব কৰ্মা প্ৰতিমূৰ্তিৰ বিক্ৰীৰ ব্যৱসায় নহ’ল যদিও ইয়াৰ বিপৰীতে ৩ কোটি টকাৰ সুৰা বিক্ৰী হ’ল৷ গুৱাহাটীৰ এই বৃহৎ পৰিমাণৰ সুৰা বিক্ৰীৰ বিপৰীতে  আবকাৰী বিভাগে ২.২৯ কোটি টকা ৰাজহ সংগ্ৰহ কৰা বুলিও জানিবলৈ দিছে৷ ইফালে আবকাৰী বিভাগৰ সূত্ৰই প্ৰকাশ কৰা মতে শনিবাৰৰ বিশ্বকৰ্মা পূজাৰ দিনটোত সমগ্ৰ অসমতে প্ৰায় ১০ কোটি টকাৰ সুৰা বিক্ৰী হয়৷ উল্লেখ্য, ধাৰ ঋণত চলি থকা বিজেপি-মিত্ৰজোঁটৰ চৰকাৰে এতিয়া আবকাৰী ৰাজহকে ৰাজকোষ চহকী কৰাৰ মূল অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে৷ যাৰ বাবে গাঁৱৰ পদূলিয়ে পদূলিয়েও চৰকাৰে ৱাইন শ্ব’প খোলাৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰিছে৷ আবকাৰী ৰাজহৰ আশাত মুকলি সুৰা বিক্ৰীৰে কম-বয়সীয়া যুৱক-যুৱতীৰ লগতে বহু পৰিয়ালক অন্ধকাৰ ভৱিষ্যতলৈ ঠেলি দিছে যদিও হিমন্ত বিশ্ব শমাৰ চৰকাৰে এই বিষয়টোক কোনো গুৰুত্ব দিয়া নাই৷ কিয়নো আবকাৰী ৰাজহ বন্ধ হ’লেই চৰকাৰী কৰ্মচাৰীক মাহেকত দৰমহাৰ টকাকেইটা দিয়াতো টনা-টনিৰ সৃষ্টি হ’ব ৰাজ্য চৰকাৰখনৰ বাবে৷