Logo
image

সৰ্বানন্দৰ পদাৰ্পণ! ডিব্ৰুগড় বিমানবন্দৰ জনাকীৰ্ণ উপস্থিত মন্ত্ৰী বিমল, প্ৰশান্ত

আমাৰ অসম, ১৯ ছেপ্টেম্বৰঃ ভাৰতীয় জনতা পাৰ্টিৰ সংসদীয় ব’ৰ্ড আৰু নিৰ্বাচন সমিতিত স্থান লাভ কৰাৰ পিছতে দেওবাৰে প্ৰথমবাৰলৈ গৃহজিলাত উপস্থিত হ’ল ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ভাৰত চৰকাৰৰ জাহাজ, বন্দৰ, জলপৰিবহণ আৰু আয়ুস মন্ত্ৰালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল৷ বিজেপিৰ দুটাকৈ সৰ্বোচ্ছ সমিতিত স্থান লাভ কৰাৰ পিছতে অসমত দ্বিতীয়বাৰ আৰু গৃহজিলাত প্ৰথমবাৰলৈ উপস্থিত হোৱা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক ডিব্ৰুগড়ত বিপুল আদৰণি জনোৱা হয়৷ সহস্ৰাধিক দলীয় নেতা-কৰ্মীয়ে ডিব্ৰুগড় বিমানবন্দৰত উষ্ম আদৰণি জনালে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালক৷ আজি বিয়লি প্ৰায় ৩ বজাত সোণোৱাল বিমানবন্দৰৰ পৰা ওলাই অহাৰ লগে লগে ‘সৰ্বানন্দ সোণোৱাল জিন্দাবাদ’ শ্লোগানেৰে মুখৰিত হৈ পৰিল বিমানবন্দৰ চৌহদ৷ বিভিন্ন জাতি-জনগোষ্ঠীৰ গীত-নৃত্য তথা ঢোল-তালেৰে মুখৰ হৈ পৰা দেখা গ’ল ডিব্ৰুগড় বিমানবন্দৰ৷ হাজাৰ হাজাৰ দলীয় কৰ্মীৰ উপস্থিতিত অনুষ্ঠিত এই আদৰণি অনুষ্ঠানত বিমানবন্দৰত বিৰ দি বাট নোপোৱা অৱস্থা৷ দলৰ শীৰ্ষ দায়িত্ব লাভ কৰা আপোন নেতাজনক সন্মুখৰ পৰা চাবলৈ হেতা-ওপৰা লাগে দলীয় কৰ্মীৰ৷ বিমানবন্দৰৰ পৰা বিশাল ৰেলীৰে বাসগৃহলৈ আদৰি অনা হয় প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক৷ অসমবাসীক ধন্যবাদ জনাই দেশ আৰু দলৰ বাবে নিস্বাৰ্থভাৱে কাম কৰি যোৱাত বিচাৰিলে ৰাইজৰ আশীস৷ কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে কয়, বিজেপিৰ শীৰ্ষ পদত স্থান দি অসম উত্তৰ পূৱৰ প্ৰতিজন নিষ্ঠাৱান দলীয় কাৰ্যকৰ্তাক বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই সন্মান আৰু মৰ্যাদা যাচিলে৷ দলৰ এজন সাধাৰণ কাৰ্যকৰ্তাইয়ো দেশক সেৱা কৰাৰ সুবিধা যে লাভ কৰিব পাৰি তাৰেই উদাহৰণ দেখুৱাইছে৷ ইয়াৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু গৃহ মন্ত্ৰী অমিত শ্বাসক ধন্যবাদ আৰু কৃতজ্ঞতা জনায় কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে৷ দেশৰ যিসমূহ ৰাজ্যত বিজেপি নেতৃত্বত চৰকাৰ গঠন হৈছে তাতেই উন্নয়নৰ গতি ত্বৰাম্বিত হৈছে৷ অসমতো মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বত গঠন হোৱা ৰাজ্য চৰকাৰখনে যথেষ্ট উন্নয়নমূলক কাম কৰা বুলি প্ৰশংসাৰে উপচাই পেলায় সৰ্বানন্দ সোণোৱালে৷ তেওঁ কয়– প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বত দেশখনক অত্যন্ত গতিশীলতাৰে আগবঢ়াই লৈ যাবলৈ সক্ষম হৈছে৷ উন্নয়নৰ ক্ষেত্ৰত বিশ্বৰ বুকুত সুকীয়া আসন দখল কৰিবলৈ সক্ষম হৈছে৷ আমি ৰাইজৰ মৰম, সহযোগিতা আৰু আন্তৰিকতা বিচাৰিছোঁ৷ অসম তথা উত্তৰ-পূৱক ভাৰতবৰ্ষৰ অন্যতম উন্নয়নৰ কেন্দ্ৰবিন্দু হিচাপে প্ৰতিষ্ঠা কৰিবলৈ দৃঢ়সংকল্প লৈছোঁ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বলিষ্ঠ নেতৃত্বত টীম ইণ্ডিয়াৰ মানসিকতাৰে কাম কৰি যাব লাগিব৷ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আমোলাপট্টিস্থিত জিলা বিজেপি কাৰ্যালয়তো উপস্থিত হয়৷ প্ৰথমবাৰলৈ দলৰ সৰ্বোচ্ছ দায়িত্ব লাভ কৰি ডিব্ৰুগড় জিলা বিজেপি কাৰ্যালয়ত উপস্থিত হোৱা প্ৰাক্তন মুখ্যমন্ত্ৰীজনক দলীয় নেতা-কৰ্মীসকলে বিপুল আদৰণি জনোৱাৰ পিছতে নেতা-কৰ্মীসকলৰে মত-বিনিময় কৰে৷ আজি সৰ্বানন্দ সোণোৱালক সংগ দিলে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, অসম চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰী বিমল বৰা, শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণ, মৰাণৰ বিধায়ক চক্ৰ গগৈ, ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, লাহোৱালৰ বিধায়ক বিনোদ হাজৰিকা, বিহপুৰীয়াৰ বিধায়ক অমিয় কুমাৰ ভূঞা, প্ৰাক্তন মন্ত্ৰী তথা ঢকুৱাখনাৰ বিধায়ক নৱ কুমাৰ দলে, অসম পেট্ৰকেমিকেল লিমিটেডৰ অধ্যক্ষ বিকুল ডেকা, ডিব্ৰুগড় জিলা বিজেপিৰ সভাপতি জগদীশ ৰাজকোঁৱৰ, ডিব্ৰুগড় নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা, প্ৰাক্তন বিধায়ক কুশলী দুৱৰী আদিকে ধৰি বিজেপিৰ বহু নেতাই৷ 

সোণোৱালৰ আদৰণি অনুষ্ঠানত উপস্থিত নাথাকিল মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ বিধায়ক

ভাৰতীয় জনতা পাৰ্টীৰ সৰ্বোচ্ছ সমিতিত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ স্থান লাভ কৰাৰ পিছতে দলটোৰ ভিতৰচ’ৰাত আৰম্ভ হৈছে লবীকেন্দ্ৰীক ৰাজনীতি৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মাজত চলি শীতল যুঁজখন ক্ৰমাৎ স্পষ্ট হৈ পৰিল কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অসম আগমন৷ বিজেপিৰ সৰ্বোচ্ছ নীতি নিৰ্দ্ধাৰক সমিতিত উত্তৰ পূৱৰ একমাত্ৰ লোক হিচাপে সৰ্বানন্দ সোণোৱালে স্থান লাভ কৰিয়েই গুৱাহাটীত উপস্থিত হোৱাৰ দিনাই স্পষ্ট হৈ পৰিছিল বিজেপিৰ ভিতৰচ’ৰাত চলি থকা দুয়োটা পক্ষৰ লবীকেন্দ্ৰীক ৰাজনীতি৷ আজি পুনৰ এই লবীকেন্দ্ৰীক ৰাজনীতিত প্ৰতিফলিত হ’ল ডিব্ৰুগড় বিমানবন্দৰত৷ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক আদৰিবলৈ নগ’ল মুখ্যমন্ত্ৰীৰ বহু ঘনিষ্ঠ বিধায়ক-মন্ত্ৰীয়ে৷ আনকি একালত সোণোৱালৰ ছাঁৰ দৰে থকা মন্ত্ৰী-বিধায়ককো বিমানবন্দৰত দেখা নগ’ল কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালৰ কাষত৷ ইফালে ডিব্ৰুগড় জিলাৰ  নাহৰকটীয়া সমষ্টিৰ তৰংগ গগৈ নাহিল প্ৰাক্তন মুখ্যমন্ত্ৰী সোণোৱালৰ আদৰণি অনুষ্ঠানত৷ অৱশ্যে বিমানবন্দৰত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, অসম চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰী বিমল বৰা, ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, লাহোৱালৰ বিধায়ক বিনোদ হাজৰিকা, বিহপুৰীয়াৰ বিধায়ক অমিয় কুমাৰ ভূঞা, প্ৰাক্তন মন্ত্ৰী তথা ঢকুৱাখনাৰ বিধায়ক নৱ কুমাৰ দলে, প্ৰাক্তন বিধায়ক কুশলী দুৱৰীক দেখা গ’ল কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালৰ কাষত৷ ইফালে দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালাৰ বাসগৃহত দুবাৰকৈ অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত উপস্থিত নাথাকিল সোণোৱালৰ আদৰণি অনুষ্ঠানত৷ সি যিয়ে নহওক নাহৰকটীয়ৰ বিধায়ক তৰংগ গগৈৰ লগতে চুবুৰীয়া শিৱসাগৰ আৰু তিনিচুকীয়া জিলাৰ মন্ত্ৰী-বিধায়কসকলৰ ৰহস্যজনক ভূমিকাই বহু প্ৰশ্নৰ অৱতাৰনা হৈছে৷ স্পষ্ট হৈ পৰিছে বিজেপিৰ ভিতৰচ’ৰাত দেখা দিয়া মুখ্যমন্ত্ৰী আৰু প্ৰাক্তন মুখ্যমন্ত্ৰীৰ মাজত লবীকেন্দ্ৰীক ৰাজনীতিৰ যুঁজ৷ উল্লেখ্য যে, ডিব্ৰুগড় বিমান বিন্দৰত সোণোৱালক আদৰণি জনাবলৈ আজি সহস্ৰাধিক নেতাক হিল-দল ভাঙি অহাৰ বিপৰীতে  যোৱা ৪ ছেপ্টেম্বৰত গুৱাহাটীলৈ অহাৰ সময়ত সোণোৱালক আদৰিবলৈ বিমানবন্দৰত উপস্থিত নাছিল ৰাজ্যিক বিজেপিৰ  এজন জ্যেষ্ঠ নেতা৷ মন্ত্ৰী হিচাপে সোণোৱালক বিমান বন্দৰত আদৰণি জনাবলৈ উপস্থিত আছিল কেৱল বিমল বৰা৷ বিমান বন্দৰৰ পৰা সোণোৱাল ৰাজ্যিক বিজেপিৰ নৱ নিৰ্মিত ৰাজ্যিক কাৰ্যালয়ত আৰু বিজেপিৰ উত্তৰ-পূৰ্বাঞ্চলৰ কাৰ্যালয় পদ্ম ভৱনলৈ গৈছিল যদিও দুয়োটা কাৰ্যালয়তে সোণোৱালে আদৰণি জনাবলৈ উপস্থিত নাছিল দলৰ কোনো জ্যেষ্ঠ নেতা-মন্ত্ৰী-বিধায়ক৷ দলীয় কৰ্মীৰ অতি সেৰেঙা উপস্থিতিত বাজপেয়ী ভৱনত উপস্থিত সকলৰ সৈতে মত-বিনিময় কৰিছিল সোণোৱালে৷