Logo
image

বাৰে বাৰে ঘৰত জুই! বিধায়ক তেৰছৰ সন্দেহ কাৰোবাৰ তন্ত্ৰ-মন্ত্ৰ

আমাৰ অসম, ১৯ ছেপ্টেম্বৰঃ অপশক্তিৰ চকু পৰিছে নেকি দুলীয়াজানৰ বিজেপি বিধায়ক তেৰছ গোৱালাৰ ঘৰখনত৷ ঘৰখনৰ য’তে-ত’তে লাগিছে জুই৷ সংঘটিত হৈছে ইটোৰ পাছত সিটো ঘটনা৷ কেতিয়াবা জুই লাগিছে পাকঘৰত, কেতিয়াবা জুই লাগিছে শোৱনি কোঠাত৷ সকলোকে হতচকিত কৰি আজি আকৌ জুই লাগিল বিধায়কজনে শোৱাৰ বাবে ব্যৱহাৰ কৰা বিছনাখনৰ [বক্স পালেং] বক্সৰ ভিতৰত৷ দুলীয়াজন আৰক্ষী, অইলৰ অগ্নিনিৰ্বাপনৰ লোক তথা অসম গেছ কোম্পানীৰ বিষয়া কৰ্মচাৰীৰ লগতে শুভাকাংক্ষী আত্মীয়ই চলাথ কৰিও উলিয়াব পাৰ নাই জুইৰ কাৰণ৷ অৱশ্যে জুই লাগিলে সকলোৱে তৎপৰতাৰে নিৰ্বাপন কৰিছে জুই৷ সেয়েহে বিধায়কগৰাকীকয়ে এই জুই কাৰণৰ আঁৰত ঐশ্বৰিক অলৌকিক শক্তি, তন্ত্ৰ-মন্ত্ৰ থকা বুলি আজি ঘোষণা কৰিছে৷ বিধায়কজনৰ সন্দেহ কোনোৱে বীৰা মেলি তেওঁৰ ঘৰত অলৌকিক শক্তিৰে জুই লগাইছে৷ ঘটনা সন্দৰ্ভত বিধায়কগৰাকীৰ ভাষ্য এনে ধৰণৰ–‘যোৱা ১৪ ছেপ্টেম্বৰৰ সন্ধিয়া ৭.৩০ বজাত মোৰ ঘৰৰ কিটছেনত প্ৰথম জুই লাগে৷ স্থানীয় ৰাইজৰ এই জুই নুমুৱাবলৈ সক্ষম হয়৷ ইয়াৰ দহ মিনিট পাছতেই পুনৰ আন এটা ৰুমত জুই লাগিছিল৷ এই জুই লগাৰ সময়ত স্থানীয় ৰাইজে জ্বলি থকা কাপোৰ কানি বাহিৰত উলিয়াবলৈ সক্ষম হয়৷ অইল ইণ্ডিয়াৰ ফায়াৰ ব্ৰিগেড গাড়ীও আহে আৰু তেওঁলোকে জুই নুমুৱায়৷ সেইদিনা মই গুৱাহাটীত আছিলো, গুৱাহাটীৰ পৰা আহি ঘৰখন নিৰীক্ষণ কৰি ভাবিলো–এয়া শ্বৰ্ট চাৰ্কিট হ’ব পাৰে৷ লগতে লাইন গেছৰ পৰাও হ’ব পাৰে বুলি অসম গেছ কোম্পানীৰ সকলো বিষয়া, এক্সপাৰ্টসকলক মাতি আনিলো৷ তেওঁলোকেও গেছৰ কিবা লিক হৈছে নেকি পৰীক্ষা কৰি চালে৷ পৰীক্ষা-নিৰীক্ষা কৰি গেছ কোম্পানীৰ মানুহে ক’লে যে গেছৰ কোনো লিকেজ হোৱা নাই৷ পুনৰ আজি ১৮ তাৰিখ দেওবাৰে দিনৰ প্ৰায় ১১টা মান বজাত মই যিখন বেডত শোও, সেই বক্স পালেংখনৰ ভিতৰত আজি জুই লাগিছে৷ মোৰ ঘৰত পূৰ্বৰ জুইৰ ঘটনাৰ বাবে মেৰামতি কৰি থকাৰ বাবে বৰ্তমান কোনো কাৰেণ্ট কানেকশ্বন নাই, লাইন গেছ কানেকশ্বন নাই৷ তেনেক্ষেত্ৰতো মোৰ বক্স পালেঙত কেনেকৈ জুই লাগিল৷ গতিকে মই ভাবো কিবা অলৌকিক শক্তিয়ে এই কামখিনি কৰি আছে আৰু কোনোবাই যদি বেজ বেজালি কৰিছে এনে কৰিব নাপায়৷ মোৰ ঘৰত ছোৱালী দুজনী আৰু মোৰ মানুহজনী থাকে৷ গতিকে এনে ধৰণৰ কোনোবা অপশক্তিয়ে বেয়া চিন্তা কৰিব নাপায়৷ মোৰ ব্যক্তিগত আৰু ৰাজনৈতিক জীৱনত যদি কৰবাত ভুল ক্ৰুটি হৈছে আঙুলিয়াই দিয়ক, মই মানি লম৷ কিন্তু বেজ বেজালি নকৰিব৷’