Logo
image

ভৱেশ কলিতাৰ গ্ৰেপ্তাৰ বিচাৰি ৰণচণ্ডী অংকিতা

আমাৰ অসম, ১৯ ছেপ্টেম্বৰঃ জলসিঞ্চনৰ চাকৰি কেলেংকাৰিৰে নাম সাঙোৰ খোৱা বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ গ্ৰেপ্তাৰৰ দাবীত আজি ৰঙিয়াৰ ৰাজপথত প্ৰদেশ যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্তৰ নেতৃত্বত শতাধিক কৰ্মীয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ ৰঙিয়াৰ ৰাজীৱ ভৱনৰ পৰা উলিওৱা  যুৱ কংগ্ৰেছৰ এই প্ৰতিবাদী সমদলে ৰাজপথ কঁপাই তোলে৷ আৰক্ষীৰ বাধা নেওচি অংকিতা দত্তই ৰণচণ্ডী ৰূপ ধাৰণ কৰি সতীৰ্থৰ সৈতে ৰঙিয়াৰ সদাব্যস্ত এন টি ৰোডত বহি লৈ বিজেপি মুৰ্দাবাদ,  জলসিঞ্চন বিভাগত সংঘটিত নিযুক্তি কেলেংকাৰিৰ তদন্ত কৰক, ভবেশ কলিতাক গ্ৰেপ্তাৰ কৰক আদি শ্ল’গান দি পৰিস্থিতি উত্তাল কৰি তোলে ৷ প্ৰতিবাদকাৰীসকলে ৰাজপথত বহি পৰাৰ পাছতে অধিক উত্তাল হৈ পৰাত আৰক্ষীয়ে বাধা দিবলৈ চেষ্টা কৰিছিল যদিও মহিলা আৰক্ষী অবিহনে গাত হাত নিদিবলৈ আৰক্ষীক হুংকাৰ দিয়ে যুৱ নেত্ৰী অংকিতা দত্তই৷ পাছত মহিলা আৰক্ষীয়ে অংকিতা দত্তক আটক কৰিবলৈ চেষ্টা কৰে যদিও ৰাজপথতে শুই পৰে নেত্ৰী গৰাকীয়ে৷ বল প্ৰয়োগ কৰি অংকিতা দত্তক প্ৰতিবাদস্থলীৰ পৰা আঁতৰাই আনে মহিলা আৰক্ষীয়ে৷ আধা ঘণ্টা ধৰি ৰঙিয়া আৰক্ষীৰ লগত প্ৰতিবাদকাৰীৰ টনা-আঁজোৰা লাগে৷  উত্তাল প্ৰতিবাদৰ অন্তত অংকিতা দত্তসহ প্ৰতিবাদকাৰীসকলক ৰঙিয়া আৰক্ষীয়ে আটক কৰি থানালৈ লৈ আহে৷ প্ৰতিবাদস্থলীত শাৰীৰিক ভাবে আঘাত প্ৰাপ্ত হোৱা অংকিতা দত্তৰ লগতে সহযোগীসকলক ৰঙিয়া আদৰ্শ চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা কৰোৱাৰ পাছত ৰঙিয়া ৰাজীৱ ভৱনত এখন সংবাদমেল আয়োজন কৰে৷ জলসিঞ্চন বিভাগত হোৱা নিযুক্তি কেলেংকাৰি সন্দৰ্ভত ন্যায়িক তদন্তৰ দাবী জনাই কংগ্ৰেছ যুৱ নেত্ৰী অংকিতা দত্তই৷ অসমৰ শিক্ষিত নিবনুৱাসকলৰ বাবে সদায়ে প্ৰতিবাদ তথা আন্দোলনত নামি পৰিব বুলি মন্তব্য আগবঢ়ায় অংকিতাই৷ আজিৰ কাৰ্যসূচীত যুৱ কংগ্ৰেছৰ ৰাতুল পাটোৱাৰী, যুবেৰ আহমেদ,  দ্বীপজ্যোতি দাসসহ বহু নেতা-কৰ্মী অংশগ্ৰহণ কৰে৷