Logo
image

৮টা চিতাৰ আমদানি, কেমেৰা লৈ মোদীৰ আদৰণি

আমাৰ অসম, ১৯ ছেপ্টেম্বৰঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ ৭২ সংখ্যক জন্মদিনত ৭০ বছৰৰ পূৰ্বে ভাৰতৰ পৰা অবলুপ্তি ঘটা চিতা মধ্যপ্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানত মেলি দিয়াৰ লগে লগে চিতাক লৈ আৰম্ভ হৈ গ’ল বিতৰ্ক৷ জ্ঞাতে হওক বা অজ্ঞাতেই হওক, এই বিতৰ্কৰ সূচনা কৰিলে স্বয়ং প্ৰধানমন্ত্ৰী মোদীয়ে নিজে৷ কুনো ৰাষ্ট্ৰীয় উদ্যানত ৫ জনী মাইকী আৰু ৩টা মতা চিতা এৰি দিয়াৰ পাছতে স্বভাৱজাতভাৱে প্ৰধানমন্ত্ৰী মোদীয়ে কংগ্ৰেছক কটাক্ষ কৰিবলৈ নাপাহৰিলে৷ মোদীয়ে ক’লে–‘সাত দশকৰ পূৰ্বে দেশৰ পৰা চিতাৰ অৱলুপ্তি ঘটিল৷ কিন্তু কংগ্ৰেছ চৰকাৰে চিতাক ভাৰতত বিলুপ্ত প্ৰাণী বুলি কৈয়েই দায়িত্ব সামৰিলে৷ আমি এতিয়া চিতা আনিছো৷ নামিবিয়াৰ পৰা অনা চিতাই দেশত বংশবৃদ্ধি কৰিব৷ ইমানদিনে কংগ্ৰেছে সেই চিন্তা কৰিব নোৱাৰিলে৷’ প্ৰধানমন্ত্ৰীয়ে ৮টা চিতা কুনো ৰাষ্ট্ৰীয় উদ্যানত এৰি দিয়া আৰু তেওঁ কংগ্ৰেছক কৰা কটাক্ষ দেশৰ মিডিয়াই ব্যাপকভাৱে প্ৰচাৰ কৰিলে৷ পিছে তাৰ এদিন পাছতহে ওলাল ওৰহি গছৰ ওৰ৷ কংগ্ৰেছ নেতা তথা ইউপিএ চৰকাৰৰ পৰিৱেশমন্ত্ৰী জয়ৰাম ৰমেশে প্ৰধানমন্ত্ৰী মোদীক চূড়ান্ত মিথ্যাচাৰী বুলি যি উত্তৰ দিলে, তাৰ পাছত এতিয়ালৈকে মোদীক ৰক্ষা কৰিবলৈ বিজেপিৰ কোনো নেতা আৰু আনকি অতি সক্ৰিয় আইটি চেলো আগবাঢ়ি অহা নাই৷

জয়ৰাম ৰমেশে জনালে, ভাৰতলৈ চিতা অনাৰ প্ৰকল্প হাতত লৈছিল ইউপিএ চৰকাৰে ২০০৯ চনত৷ সেই প্ৰকল্প হাতত লোৱাৰ বাবে ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ মুৰব্বী এম কে ৰনজিৎ সিংহলৈ বন আৰু পৰিৱেশমন্ত্ৰী হিচাপে জয়ৰাম ৰমেশে যিখন চৰকাৰী পত্ৰ লিখিছিল, সেই পত্ৰখন টুইটাৰত পোষ্ট কৰি জয়ৰাম ৰমেশে লিখিছে–‘ক’বলৈ বেয়া লাগে, প্ৰধানমন্ত্ৰী মোদী স্বভাৱজাত মিথ্যাচাৰী৷ ২০০৯ চনত ইউ পি এ চৰকাৰে সেই প্ৰকল্প হাতত লৈছিল আৰু ২০১০ চনত প্ৰধানমন্ত্ৰী ড॰ মনমোহন সিঙে অনুমোদন জনোৱাৰ পাছত সেই বছৰৰে ২৫ এপ্ৰিলত মই আলোচনা আৰু চুক্তিৰ বাবে আফ্ৰিকালৈ গৈছিলো৷ ২০১১ চনত এই প্ৰকল্পৰ বাবে ৫০ কোটি টকা আবণ্টন দিয়া হৈছিল যদিও ২০১২ চনত উচ্ছতম ন্যায়ালয়ে ব্যাঘ্ৰ প্ৰকল্পত স্থগিতাদেশ জাৰি কৰে৷ কেন্দ্ৰীয় চৰকাৰৰ সৈতে হোৱা আইনী যুঁজত ২০১৯ চনত উচ্ছতম ন্যায়ালয়ে স্থগিতাদেশ প্ৰত্যাহাৰ কৰাত এতিয়া চিতা অনাটো সম্ভৱ হ’ল৷ তাত কংগ্ৰেছক দোষ দিয়াৰ যুক্তি ক’ত? বৰং কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰে হাতত লোৱা প্ৰকল্প কাৰ্যকৰী কৰিবলৈ পাই তেওঁ ধন্যবাদহে জনাব লাগে৷’ ইপিনে প্ৰধানমন্ত্ৰী মোদীয়ে নিজ হাতেৰে চিতাকেইটাক অৰণ্যত মুকলি কৰি দিয়াৰ পাছত এটা ডিজিটেল কেমেৰা লৈ কেইবাখনো ফটো তোলে৷ সেই ফটো পৰৱৰ্তী সময়ত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে ৰাজহুৱা কৰি মুকলি কৰে৷ দিনান্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চিতাৰ ফটো তুলি থকাৰ দৃশ্য অৰ্থাৎ তেওঁ হাতত লৈ থকা কেমেৰাৰ ফটো বিকৃত কৰি তৃণমূল কংগ্ৰেছৰ সাংসদ জহৰ সিৰকাৰে ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰাত তীব্ৰ বিতৰ্কৰ সৃষ্টি হয়৷ তেওঁ প্ৰকাশ কৰা সেই ফটোত প্ৰধানমন্ত্ৰীৰ হাতত থকা কেমেৰাৰ লেন্স কাভাৰ বন্ধ হৈ আছিল৷ তদুপৰি কেমেৰাৰ শ্বাটাৰ আছিল বাওদিশে, যিটো অবাস্তৱ৷ এনেদৰে প্ৰধানমন্ত্ৰীয়ে ফটো তোলা কেমেৰাৰ বিকৃত ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় আৰু তাকে দেখি তৃণমূলৰ সাংসদ জহৰ সিৰকাৰে সেই ফটো ডিলিট কৰি দিয়ে৷ দেশৰ অসংখ্য লোকে সেই বিকৃত ফটোখন ছ’চিয়েল মিডিয়াত বিয়পাই দিলেও পাছত সেইখন যে এডিট কৰি পৃথকে বনাই লোৱা ফটো সেয়া ধৰা পৰে৷ কিয়নো মোদীয়ে ব্যৱহাৰ কৰিছিল এটা নিকন কেমেৰা আৰু তাৰ লেন্স কভাৰ লগোৱা হৈছিল কেননৰ৷ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে সেই ভুৱা ফটো ধৰা পেলায়৷ 

ইপিনে কুনো ৰাষ্ট্ৰীয় উদ্যানৰ পৰিৱেশ আফ্ৰিকাৰ চিতাৰ বাবে অনুকুল নহয় বুলি আশংকা প্ৰকাশ কৰিছে প্ৰকৃতিবিদ আৰু প্ৰাণীবিদ বাল্মীক থাপাৰে৷ তেওঁ আশংকা প্ৰকাশ কৰি কয় যে কুনো ৰাষ্ট্ৰীয় উদ্যানত কেইবাশ হায়েনা আৰু নাহৰফুটুকী বাঘ আছে৷ আফ্ৰিকাৰ বনাঞ্চলত হায়েনাই প্ৰায়ে চিতাক আক্ৰমণ কৰে৷ ইয়াতো তাৰ ব্যতিক্ৰম নঘটিব৷ তদুপৰি নাহৰফুটুকী বাঘেও চিতাক আক্ৰমণ কৰিব৷ কুনোৰ চৌপাশে ডেৰশমান গাঁও আছে, য’ত আছে অজস্ৰ কুকুৰ৷ এই কুকুৰো অচিনাকি পৰিৱেশত থকা চিতাৰ বাবে ভয়ৰ কাৰণ হ’ব পাৰে৷ চিতা মুলতঃ ‘ভদ্ৰ’ প্ৰাণী বুলি কয়–বাল্মীক থাপাৰে৷ চিতাক দৌৰিবলৈ ঘাঁহনিৰে ভৰা মুক্তাংগন লাগে, অথচ কুনো ৰাষ্ট্ৰীয় উদ্যান গছ গছনিৰে পৰিপূৰ্ণ৷ গ্ৰাছলেণ্ড নহয়, উডলেণ্ড৷ এই পৰিৱেশ ৮টা নামিবিয়ান চিতাৰ বাবে অতি প্ৰত্যাহ্বানজনক হ’ব বুলি থাপাৰে মন্তব্য কৰে৷