Logo
image

সংবাদ মাধ্যম সষ্টম হৈ থাকিব লাগেঃ মন্ত্ৰী পীয়ূষ

আমাৰ অসম, ১৯ ছেপ্টেম্বৰঃ সামাজিক মাধ্যমত উপলব্ধ হোৱা তথ্য সত্যাসত্য নিৰূপন নকৰাকৈ মূলসুঁতিৰ সংবাদ মাধ্যমত স্থান দিয়া উচিত নহয়৷ এনে তথ্য সত্যাসত্য নিৰূপন কৰিহে মূলসুঁতিৰ সংবাদ মাধ্যমত স্থান দিব লাগে৷–এই ভাষ্য ৰাজ্যৰ সংসদীয় পৰিক্ৰমা, তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীয়ূষ হাজৰিকাৰ৷ দেওবাৰে গুৱাহাটীৰ এটা ব্যক্তিগত শিক্ষা প্ৰতিষ্ঠানৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সমাৰোহত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মন্ত্ৰী হাজৰীকাই শিক্ষানুষ্ঠানখনৰ সকলো ন-পুৰণি ছাত্ৰ-ছাত্ৰীক শুভেচ্ছা জনোৱাৰ লগতে ভাৰতৰ দৰে গণতান্ত্ৰিক দেশ এখনত গুণগত শিক্ষাৰে শিক্ষিত সাংবাদিকৰ প্ৰয়োজনীয়তাৰ বিষয়ে উল্লেখ কৰে৷ মন্ত্ৰীজনে কয় যে ভাৰতীয় গণতান্ত্ৰিক ব্যৱস্থাত সংবাদ মাধ্যম হৈছে চতুৰ্থ স্তম্ভ আৰু এই চতুৰ্থ স্তম্ভই প্ৰতি মুহূৰ্ততে সষ্টম হৈ থাকি গণতান্ত্ৰিক ব্যৱস্থাটোক শক্তিশালী কৰি ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে৷ ভাৰতীয় গণতন্ত্ৰত কাৰ্যপালিকা আৰু ন্যায়পালিকাৰে জড়িত লোকসকল সদায়ে গুণগত শিক্ষাৰে শিক্ষিত হোৱাৰ লগতে তেওঁলোকৰ নিযুক্তিৰ ক্ষেত্ৰত একোটা বিশেষ মাপকাঠিৰ প্ৰয়োজন থাকে৷ কিন্তু গণতান্ত্ৰিক ব্যৱস্থাৰ আন দুটা বিশেষ স্তম্ভৰ সদস্য– ৰাজনৈতিক নেতা আৰু সাংবাদিকসকলৰ নিযুক্তিৰ ক্ষেত্ৰত গুণগত শৈক্ষিক মান নিৰ্দ্ধাৰণ কৰি থোৱা নাথাকে৷ যাৰ ফলত এই দুয়োটা ক্ষেত্ৰতে গুণগত শিক্ষা নথকা ব্যক্তি থাকিলে দেশ এখন চলোৱাৰ ক্ষেত্ৰত কিছু সমস্যাৰ উদ্ভৱ হ’ব পাৰে৷ তেনে অৱস্থাত ৰাজনীতি আৰু সংবাদ জগত উভয়তে গুণগত শিক্ষাৰে শিক্ষিত ব্যক্তিসকল থকাটো অত্যন্ত জৰুৰী৷ ৰাজনীতি অথবা সংবাদ জগত আন সকলো ক্ষেত্ৰতে সফল হ’ব নোৱাৰা ব্যক্তিসকলৰ অন্তিম স্থান হ’ব নালাগে৷ আনহাতে সংবাদজগতৰ ক্ষেত্ৰত প্ৰশিক্ষণৰ ব্যৱস্থা থকাটো খুবেই প্ৰয়োজনীয় বুলিও মন্তব্য কৰে মন্ত্ৰী হাজৰীকাই৷ মন্ত্ৰীজনে ভাষণ প্ৰসংগত উল্লেখ কৰে যে একাংশ সাংবাদিকে মূল উৎসৰ মূল কথাখিনিও বহু পৰিমাণে বেলেগ অৰ্থ অথবা আধা অৰ্থ উলিয়াব পৰাকৈ সলনি কৰি দিয়ে৷ মন্ত্ৰী হাজৰিকাই এই সন্দৰ্ভত নিজৰে এটা উদাহৰণ দাঙি ধৰে৷ আনহাতে, আজি ফলাফল ঘোষণা কৰা অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাত সম্পূৰ্ণ মেধাৰ ভিত্তিত প্ৰাৰ্থীসকল নিৰ্বাচিত হৈছে বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰিকাই কয় যে শেহতীয়াকৈ সামাজিক মাধ্যমত দাস উপাধিৰ এজন ব্যক্তিয়ে চাকৰিৰ নামত দুৰ্নীতি হোৱা বুলি ভিত্তিহীন অভিযোগ আনি ৰাজ্যখন উত্তাল কৰি ৰাখিছিল৷ কোনোবাই সামাজিক মাধ্যমত একোটা মন্তব্য কৰিলেই তাক সত্যাসত্য নিৰূপণ নকৰাকৈ সংবাদ মাধ্যমে গুৰুত্ব দিয়া অনুচিত৷ সত্য প্ৰতিষ্ঠাৰ বাবে সংবাদ মাধ্যম সষ্টম হৈ থাকিব লাগিব৷  মন্ত্ৰীজনে সকলোকে বিনম্ৰতাৰে অনুৰোধ জনাই কয় যে সত্যাসত্য নিৰূপণ নকৰাকৈ সামাজিক মাধ্যমৰ মন্তব্য এটাক খৰধৰকৈ মূলসুঁতিৰ সংবাদ মাধ্যমত স্থান দিব নালাগে৷ অৱশ্যে যি তথ্য সত্যৰ ওপৰত প্ৰতিস্থিত তেনে তথ্যক লৈ বেয়া কাম কৰা ৰাজনৈতিক নেতা অথবা চৰকাৰক সংবাদ মাধ্যমে সমালোচনা কৰাত কোনো ধৰণৰ আপত্তি নাই বুলিও উল্লেখ কৰে মন্ত্ৰীজনে৷ মন্ত্ৰীজনে কয়– ৰাজনৈতিক নেতাই যাতে বেয়া কাম কৰিব নোৱাৰে তাৰ বাবে সংবাদ মাধ্যম সষ্টম হৈ থকাটো এখন গণতান্ত্ৰিক দেশৰ প্ৰগতিৰ বাবে খুবেই প্ৰয়োজন৷ আনহাতে ন-পুৰণি ছাত্ৰ-ছাত্ৰীসকলক শুভকামনা জনাই মন্ত্ৰীজনে  তেওঁলোকক দেশ আৰু জাতিৰ প্ৰতি ভালপোৱা ৰাখি, দায়বদ্ধ হৈ কাম কৰি যাবলৈ আহ্বান জনায়৷