Logo
image

খাকী পোছাকত উজলিব দৰিদ্ৰ ঘৰৰ সতি-সন্ততি

ফলাফল প্ৰকাশ

আৰক্ষীত ৫,২০০জনক নিযুক্তি

আমাৰ অসম, ১৯ ছেপ্টেম্বৰঃ ৰাজ্যত চাকৰিৰ নামত অনিয়ম-কেলেংকাৰিৰ অভিযোগ উঠাৰ মাজতে দেওবাৰে ঘোষণা হ’ল বহু চৰ্চিত অসম আৰক্ষীৰ এছ আই-কনিষ্টবলৰ নিযুক্তি পৰীক্ষাৰ ফলাফল৷ চৰকাৰী চাকৰিৰ নামত নিযুক্তি পৰীক্ষাত অনিয়ম সংঘটিত কৰা বুলি প্ৰাক্তন বিধায়কৰ আৰম্ভ কৰি শাসক পক্ষৰ বিধায়কলৈ অভিযোগৰ আঙুলি উঠিছে যদিও  দেওবাৰে ঘোষিত অসম আৰক্ষীৰ ৫,২৬২টা পদৰ বিপৰীতে যোগ্য প্ৰাৰ্থীকেই বাছনি কৰা বুলি চৰ্চা লাভ কৰিছে৷ কিয়নো দেওবাৰে ঘোষণা কৰা উপ-পৰিদৰ্শক আৰু কনিষ্টবল পদৰ বিপৰীতে সাধাৰণ পৰিয়ালৰ মেধাৱী যোগ্য প্ৰাৰ্থীয়ে বাছনি লাভ কৰা পৰিলক্ষিত হয়৷ দেওবাৰে এই ফলাফলৰ সন্দৰ্ভত এখন সংবাদ মেল সম্বোধন কৰি আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই সদৰী কৰা অনুসৰি অসম আৰক্ষীৰ ৫,২৬২টা পদৰ বিপৰীতে আবেদন কৰিছিল ৭,০৭,৩২৮জন প্ৰাৰ্থীয়ে৷ আনহাতে চূড়ান্ত বাছনি লাভ কৰে ৫,২০০জন যোগ্য প্ৰাৰ্থীয়ে৷ ইয়াৰ ভিতৰত আৰক্ষীৰ উপ-পৰিদৰ্শকৰ ৩০৬টা পদৰ বিপৰীতে ৩০৫জনক নিযুক্তি দিয়া হৈছে৷ অসম চৰকাৰে নতুনকৈ গঠন কামাণ্ডো বেটেলিয়নৰ উপ-পৰিদৰ্শক [এবি] ৩২০০টা পদত ২৮৭জনক বাছনি কৰা হৈছে৷ একেদৰে আৰক্ষীৰ কনিষ্টবল [এবি] ১,৪২৯টা আৰু কনিষ্টবল [ইউ বি]ৰ ৭০৫টা পদৰ বিপৰীতে মুঠ ২,১৩৬ জনক নিযুক্তি দিয়া হয়৷ নৱগঠিত কামাণ্ডো বেটেলিয়নৰ কনিষ্টবল [এবি] ২৪৫০টা পদৰ বিপৰীতে ২,৪৪২জন প্ৰাৰ্থীক চূড়ান্ত  বাছনি কৰা হৈছে৷ আনহাতে ডিজিচিডি আৰু চিজিএইচজিৰ অধীনত অসামৰিক প্ৰতিৰক্ষা প্ৰদৰ্শক, পিবিএক্স অপাৰেটৰ, ৱায়াৰলেচ অপাৰেটৰৰ ৪২টা পদৰ বিপৰীতে ৩১জন নিযুক্তি দিয়া হৈছে৷ একেদৰে ডিজিচিডি আৰু চিজিএইচজিৰ অধীনত সহকাৰী উপ-নিয়ন্ত্ৰক অসামৰিক প্ৰতিৰক্ষা [জুনিয়ৰ]ৰ ১০টা পদৰ বিপৰীতে ৯ জনক চূড়ান্ত বাছনি কৰাৰ কথা ঘোষণা কৰে ডিজিপিয়ে৷ অসম আৰক্ষীৰ কামাণ্ডো বেটেলিয়নত নিযুক্তি দিয়া জোৱানসকলক সেনা-বাহিনীৰ অৱসৰপ্ৰাপ্ত শীৰ্ষ বিষয়াৰ দ্বাৰা প্ৰশিক্ষণ দিয়াৰ কথা ঘোষণা কৰি বাছনিকৃত প্ৰাৰ্থীসকলক ২২ ছেপ্টেম্বৰত গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত মুখ্যমন্ত্ৰীয়ে নিযুক্তি পত্ৰ বিতৰণ কৰিব বুলিও সদৰী কৰে আৰক্ষী  সঞ্চালক প্ৰধানে৷ লক্ষণীয়ভাৱে আৰক্ষীৰ এই নিযুক্তিত ৰিক্সা চালক, নাপিত, কাঠমিস্ত্ৰৰ পুত্ৰ-কন্যাৰ দৰে উৰুখা চালৰ ঘৰৰ সতি-সন্ততিয়ে যোগ্যতাৰ বলত বাছনি লাভ কৰা দেখা যায়৷  গ্ৰামাঞ্চলৰ দুখীয়া প্ৰাৰ্থীয়ে যোগ্যতাৰ বলত আৰক্ষী বিভাগত চাকৰি লাভ কৰা বুলি জানিবলৈ দি দেওবাৰে সংবাদ মাধ্যমৰ আগত মন্ত্ৰী পীয়ূষ হাজৰিকাই কয়–‘আজিৰ দিনটোত ভিক্টৰ দাসৰ অভিযোগ তল পৰি গ’ল৷ কিয়নো আজি সামাজিক মাধ্যমত খবৰ হৈছে গাঁৱৰ ল’ৰা বিলাকে আৰক্ষীত চাকৰি পাইছে৷ পঢ়া শুনাত বেয়া আৰু ধনী ঘৰৰ কোনো ল’ৰাই আজি যদি আৰক্ষীত চাকৰি পোৱাটো কোনোবাই বিচাৰি উলিয়াই দিব পাৰে তেনেহ’লে ৰাইজে যি শাস্তি দিয়ে তাকে মই মানি লম৷ আজি এটা ভাল লগা পৰিৱেশৰ সৃষ্টি হৈছে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ মন্ত্ৰীসভাৰ এজন মন্ত্ৰী হিচাপে নিজকে গৌৰৱ অনুভৱ কৰিছো৷ আজি আৰক্ষীৰ ফলাফল ঘোষণাৰ পাছতেই সংবাদ মাধ্যমত কিছু ফটো দেখিছো৷ যিসমূহ পৰিয়ালৰ ল’ৰা-ছোৱালীয়ে কেতিয়াও টকা দি চাকৰি ল’ব নোৱাৰে৷ চাকৰি লাভ কৰা সকলে কৈছে–আমি এটকাও নিদিয়াকৈ চাকৰি পাইছো৷ খেলুৱৈ সকলেও চাকৰি পাইছে৷ আগতে চাকৰি খেলুৱৈসকলে পোৱা নাছিল৷ কিয়নো আগতে চাকৰি বিক্ৰী হৈছিল৷ কিন্তু আমাৰ ভাল কামটোক বিনষ্ট কৰাৰ বাবে এচামে অপচেষ্টা চলাইছিল৷ এই অপচেষ্টা চলোৱা ব্যক্তিসকল এতিয়া ক’ত গ’ল? মই সেইসকল লোকক অনুৰোধ জনাও আপোনালোকে এজন এনে ল’ৰা বিচাৰি দিয়ক যি পঢ়া-শুনাত বেয়া, দৌৰিব নোৱাৰে বা ধনী ঘৰৰ ল’ৰা৷ অৰ্থাৎ যাৰ চাকৰি পাবলৈ কোনো যোগ্যতা নাই৷’ লখিমপুৰ মেডিকেল কলেজ হাস্পতালৰ নিযুক্তি পৰীক্ষা আৰু তৃতীয়-চতুৰ্থবৰ্গৰ চ্ছ হাজাৰ পদৰ পৰীক্ষাৰ অনিয়মৰ সন্দেহৰ আঙুলি উঠাৰ মাজতে মেধাৱী প্ৰাৰ্থীক চৰকাৰে যোগ্যতাৰ তালিকাত স্থান দিয়াত স্বাভাৱিকতেই আনন্দৰ বন্যা বলিছে৷ সেয়েহে আৰক্ষীৰ দৰে কঠিন শাৰীৰিক  পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ প্ৰয়োজনীয়তা নথকা আন আন বিভাগৰ তৃতীয়-চতুৰ্থ বৰ্গৰ পদৰ চাকৰিৰ ক্ষেত্ৰতো স্বচ্ছতাৰে নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন কৰিবলৈ মুখ্যমন্ত্ৰীক মেধাৱী প্ৰাৰ্থীসকলে সামাজিক মাধ্যমযোগে আহ্বান জনোৱা দেখা গৈছে৷