Logo
image

লিডুৰ কয়লা খনিত নিহত শ্ৰমিক গোপনে জেচিবিৰে পুতি থ’লে দেহ

আমাৰ অসম, ২০ ছেপ্টেম্বৰঃ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অবৈধ কয়লাখনিত পুনৰ মৃত্যুমুখত পৰিছে ৩জন সধাৰণ শ্ৰমিক৷ জানিব পৰা মতে, লিডুৰ মালো গাঁৱৰ এক দুৰ্গম অঞ্চলত থকা চোৰাং কয়লা বেপাৰীৰ অবৈধ ‘খাদান’ত [ৰেট হ’ল মাইনিং] দেওবাৰে খনন চলাই থকাৰ সময়ত বিষাক্ত গেছ নিৰ্গত হোৱাৰ ফলত ৩জন শ্ৰমিকৰ ঘটনাস্থলীতে মৃত্যু হোৱাৰ উপৰি আন কেইবাজনো শ্ৰমিক আহত হয়৷ নিহত শ্ৰমিক ৩জন ক্ৰমে বঙাইগাঁও জিলাৰ যোগীঘোপাৰ ছহিদুল ইছলাম, হুছেইন আলী আৰু আনজন গোৱালপাৰা জিলাৰ বগুৱানৰ আছমত আলী বুলি প্ৰকাশ৷ সূত্ৰ মতে, প্ৰায় এমাহ পূৰ্বে তেওঁলোকে লিডুৰ কয়লাখনিত কাম কৰিবলৈ আহিছিল৷ দেওবাৰে জনৈক ডেভিদ নাগা আৰু আৰ খান নামৰ ব্যক্তিদ্বয়ৰ অবৈধ ‘খাদান’ত খনন চলাই থকাৰ সময়তে সংঘটিত দুৰ্ঘটনাত তেওঁলোকে প্ৰাণ হেৰুওৱাৰ লগতে আন কেইবাজনো আহত হয়৷ অভিযোগ অনুসৰি, দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছত নিশাৰ ভাগতে জে চি বি ব্যৱহাৰ কৰি গাঁত খান্দি তিনিটা মৃতদেহ পুতি পেলাই প্ৰমাণ নষ্ট কৰাৰ অপচেষ্টা চলোৱা হয় যদিও সতীৰ্থ৷ মিকে পুৱতি নিশা যোগীঘোপাৰ৷ মিককেইজনৰ পৰিয়ালক এই শোকাৱহ ঘটনাৰ বিষয়ে অৱগত কৰাৰ পাছতে সমগ্ৰ ঘটনা পোহৰলৈ আহে৷ বিষয়টোৱে ৰাজ্যজুৰি চৰ্চা লাভ কৰাৰ পাছতে সক্ৰিয় হৈ পৰে তিনিচুকীয়া আৰক্ষী৷ ঘটনা সন্দৰ্ভত তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক দেৱজিত দেউৰীয়ে ‘আমাৰ অসম’ৰ আগত কয় যে জনৈক ডেভিদ নাগা নামৰ ব্যক্তিজনৰ অবৈধ কয়লাখনিত সংঘটিত এই ঘটনাৰ বিষয়ে আৰক্ষীয়ে ইতিমধ্যে প্ৰায় সকলো তথ্য উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷ সোধ-পোছৰ বাবে আৰক্ষীয়ে ইতিমধ্যে ৪/৫জন ব্যক্তিক আটক কৰিছে আৰু তেওঁলোকে নিজৰ ভাষ্যত উক্ত দুৰ্ঘটনাৰ লগতে মৃতদেহ পুতি ৰখাৰ কথা সদৰি কৰিছে৷ সেই অনুসৰি, মাৰ্ঘেৰিটাৰ পৰা এটা আৰক্ষীৰ দল ঘটনাস্থলীলৈ ৰাওনা হৈছে৷ কিন্তু অঞ্চলটো যথেষ্ট দুৰ্গম হোৱাৰ বাবে আৰক্ষীৰ অভিযানত কিছু সময় লাগিছে৷ তদুপৰি, আৰক্ষী অধীক্ষকজনে কয় যে মৃতদেহ তিনিটা যদি গাতে লাগি থকা অৰুণাচলৰ দিশে পুতি থোৱা হৈছে তেতিয়া আকৌ কেতবোৰ আইনী প্ৰক্ৰিয়া অনুসৰণ কৰিব লাগিব৷ উল্লেখ্য যে, মাৰ্ঘেৰিটাৰ উত্তৰ-পূব কয়লাক্ষেত্ৰত অবৈধ খনিৰ ভিতৰত খননৰ সময়ত শ্ৰমিক মৃত্যুমুখত পৰাৰ ঘটনা নতুন কথা নহয়৷ স্থানীয় সূত্ৰ মতে, অধিকাংশ ঘটনাতে অবৈধ খনিৰ ভিতৰত আবদ্ধ হৈ মৃত্যুমুখত পৰা শ্ৰমিকক তাতেই এৰি অহা হয়৷ কোনো কোনো ক্ষেত্ৰত শ্ৰমিকক উদ্ধাৰ কৰা হয় যদিও সেই তথ্য কয়লা মাফিয়াই ধনৰ বিনিময়ত থাপি-থুপি থবলৈ সক্ষম হয়৷ চোৰাং কয়লা মাফিয়াৰ দৌৰাত্ম্যত মৃত্যু উপত্যকাত পৰিণত হোৱা মাৰ্ঘেৰিটাত বিগত ২৬ জুলাইৰ নিশা লিডুৰ ১ নং কয়লাপাৰাৰ শুভম দাস নামৰ যুৱকজনৰ অকাল মৃত্যুৰ পাছত পুনৰ ২৭ জুলাইৰ নিশা চোৰাং কয়লা মাফিয়াৰ নিৰ্দেশত টিৰাপ কলিয়ৰীৰ ৬ নং লাইনৰ এক অবৈধ কয়লাখনিত খনন চলাবলৈ গৈ খনিৰ ভিতৰত সংঘটিত বিষাক্ত গেছ বিস্ফোৰণৰ ঘটনাত চাৰিজন শ্ৰমিক অগ্নিদগ্ধ হোৱাৰ লগতে ইয়াৰে এজন নিহত হোৱাৰ ঘটনা সংবাদ মাধ্যমযোগে পোহৰলৈ আহিছিল৷ ২৬ আৰু ২৭ জুলাইত সংঘটিত দুৰ্ভাগ্যজনক ঘটনা সন্দৰ্ভত মাৰ্ঘেৰিটা আৰক্ষী অথবা মহকুমা প্ৰশাসনৰ ওচৰত কোনো তথ্য নাছিল যদিও সংবাদকৰ্মীৰ অনুসন্ধানত এই কথা পোহৰলৈ আহিছিল যে অগ্নিদগ্ধ৷ শ্ৰমিক তিনিজনক ঘটনাৰ নিশাই চিকিৎসাৰ বাবে ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল৷ প্ৰায় ২০/২১ বছৰীয়া ছফিকুল ইছলাম, জয়নাল ইছলাম আৰু বি ইছলাম নামৰ৷ মিককেইজনক হোটেলত আহাৰ বনাই থকাৰ সময়ত ষ্ট’ভ বিস্ফোৰণৰ ফলত অগ্নিদগ্ধ হোৱা বুলিহে চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল৷ কিন্তু অবৈধ কয়লাখনিত সংঘটিত এই দুৰ্ঘটনা পোহৰলৈ আহিবলৈ ধৰাত বিপদৰ আশংকাত চিকিৎসা চলি থকাৰ মাজতে কয়লা মাফিয়াই তেওঁলোকক দ্বিতীয় দিনাই মেডিকেলৰ পৰা লৈ যায়৷