Logo
image

তৰুণ গগৈক পাহৰিলে কংগ্ৰেছীয়ে!

আমাৰ অসম, ১৮ ডিচেম্বৰঃ একেৰাহে ১৫ বছৰ ধৰি মুখ্যমন্ত্ৰীৰূপে ৰাজ্যত শাসন চলোৱা সদ্যপ্ৰয়াত তৰুণ গগৈক অৱশেষত যেন পাহৰিলে স্বয়ং কংগ্ৰেছ দলৰ নেতা-কৰ্মী, সাংসদ-বিধায়কসকলে৷ প্ৰদেশ কংগ্ৰেছৰ বিধায়িনী দলৰ উদ্যোগত বৃহস্পতিবাৰে অসম বিধানসভাৰ চেণ্ট্ৰেল হলত আয়োজিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত স্বয়ং কংগ্ৰেছীয়েই প্ৰয়াত তৰুণ গগৈৰ প্ৰতি অনীহা প্ৰদৰ্শন কৰা পৰিলক্ষিত হয়৷ কংগ্ৰেছ বিধায়িনী দলৰ দলপতি দেবব্ৰত শইকীয়াই জনোৱা মতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছিল ৬৭গৰাকী লোকক৷ কিন্তু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত মাত্ৰ কুৰিজনমানকহে দেখা গ’ল৷ এগৰাকী প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰীৰ প্ৰতি স্বয়ং কংগ্ৰেছী সকলেই কৰা এনে অৱজ্ঞাক লৈ বিভিন্ন মহলত চৰ্চা চলিছে যে কংগ্ৰেছী সকলে পাহৰিলে নেকি প্ৰয়াত তৰুণ গগৈক? শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত একমাত্ৰ সাংসদ আব্দুল খালেক৷ উপস্থিত আছিল নীলমণি সেন ডেকা, দ্বিজেন শৰ্মা, টংক বাহাদুৰ ৰাই, ৰকিবুল হুছেইন, পৃথিবী মাঝি, হিৰণ্য বৰা, চেলিম নিজামুদ্দিন, আবু তাহেৰ বেপাৰী, মেহবুবুল হক, বসন্ত দাস আৰু আব্দুৰ ৰহিম খান৷ অনুষ্ঠানলৈ নাহিল বহুকেইজন কংগ্ৰেছী বিধায়ক৷ অনুষ্ঠানত এ আই ইউ ডি এফৰ হাফিজ বশ্বিৰ আহমদ কাছিমী, হাজী ৰফিকুল ইছলাম, কৰ্মচাৰী পৰিষদৰ প্ৰাক্তন সভাপতি চৰন ডেকা আৰু বৰ্ষীয়ান বাওনেতা হেমেদ দাস উপস্থিত আছিল ভাষণ প্ৰসংগত হেমেন দাসে কয়–‘ইউ ডি এফৰে মিত্ৰতাৰ ক্ষেত্ৰত কংগ্ৰেছৰ লুকাভাকুৱে দলীয়  কৰ্মীসকলৰ মাজত বিভ্ৰান্তি আৰু হতাশাৰ সৃষ্টি কৰিছে৷ সাম্প্ৰদায়িক বিজেপিক পৰাভূত কৰাটো কংগ্ৰেছৰ দায়িত্ব৷ তৰুণ গগৈ ধৰ্ম নিৰপেক্ষ আছিল৷ বিভাজনৰ ৰাজনীতিক ভেটা দিবলৈ গগৈয়ে ভবাৰ দৰে ঐক্যবদ্ধ হ’বই লাগিব৷’