Logo
image

বৰপেটাৰোডত জি এল আগৰৱালাক স্মৰণ

আমাৰ অসম, ছেপ্টেম্বৰঃ আজীৱন নিঃস্বাৰ্থ মনোভাবেৰে, কৰ্মযোগ সাধনাৰে নিজকে স্মৰণীয় কৰি থৈ যোৱা বিশিষ্ট সমাজকৰ্মী, জি এল পাব্লিকেশ্বনছৰ স্বত্বাধিকাৰী তথা ‘আমাৰ অসম’, ‘পূৰ্বাঞ্চল প্ৰহৰী’, ‘নৰ্থ-ইষ্ট টাইম্‌ছ’ আৰু ‘মেঘালয় গাৰ্ডিয়ান’ বাতৰিকাকতৰ পৰিচালন সঞ্চালক [প্ৰয়াত] জি এল আগৰৱালাৰ কৰ্মজীৱন সকলোৰে বাৰে প্ৰেৰণাদায়ক৷ জীৱনকালত আগৰৱালাই পৰিশ্ৰম, অধ্যয়ন, নিষ্ঠা আৰু একাগ্ৰতাৰে অসমৰ সমাজ জীৱনলৈ যি অনবদ্য অৱদান আগবঢ়াই গ’ল, সেয়া অসমৰ ইতিহাসত চিৰদিন সোণোৱালী আখৰেৰে লিপিবদ্ধ হৈ ৰ’ব৷ এইগৰাকী স্বপ্নদ্ৰষ্টা জি এল আগৰৱালাৰ ৮২সংখ্যক জন্মদিন উপলক্ষে বিশিষ্ট সাংবাদিক, সমাজকৰ্মীগৰাকীক সোমবাৰে শ্ৰদ্ধাৰে স্মৰণ কৰা হয়৷ বৰপেটাৰোড সাহিত্য সভাৰ উদ্যোগত জি এল আগৰৱালাৰ ওপজা দিন উপলক্ষে বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়৷ উল্লেখ্য, তেওঁৰ কৰ্মশক্তিক কোনেও স্তব্ধ কৰিব পৰা নাছিল৷ তেওঁৰ কৰ্মোদ্যম সঁচাকৈয়ে শলাগিবলগীয়া৷ ‘বিশ্বকোষ’ৰ পাঁচটা খণ্ড আৰু ষষ্ঠ খণ্ডৰ নব্বৈ শতাংশ কাম সম্পন্ন কৰাটো জি এল আগৰৱালাৰ জীৱনৰ অন্যতম উল্লেখনীয় ঘটনা৷ অসম সাহিত্য সভাৰ ৭২সংখ্যক বৰপেটাৰোড অধিৱেশনৰ আদৰণী সমিতিৰ সভাপতি, বিশিষ্ট সমাজ সংগঠক প্ৰয়াত জি এল আগৰৱালাৰ ৮২সংখ্যক ওপজা দিন বিশেষ শ্ৰদ্ধাসহকাৰে সোমবাৰে বৰপেটাৰোড সাহিত্য সভাৰ উদ্যোগত পালন কৰা হয়৷ ১৯৪০ খৃষ্টাব্দৰ ১৯ ছেপ্টেম্বৰত বৰপেটাৰোডত জন্মগ্ৰহণ কৰা জি এল আগৰৱালা আক্ষৰিক অৰ্থতেই আছিল এটা বৃহৎ অনুষ্ঠান৷ সোমবাৰে বৰপেটাৰোড সাহিত্য সভাৰ সম্পাদক কুলেন চৌধুৰীয়ে আঁত ধৰা জি এল আগৰৱালাৰ জন্মদিন উপলক্ষে আয়োজন কৰা বিশেষ অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে সাংবাদিক তথা বৰপেটাৰোড সাহিত্য সভাৰ সভাপতি হিতেশ দাসে৷ পুষ্পাঞ্জলি অৰ্পণ কৰে সম্পাদক কুলেন চৌধুৰীয়ে৷ জি এল আগৰৱালাৰ ৮২সংখ্যক ওপজা দিনৰ বিশেষ অনুষ্ঠানত উপস্থিত থাকে বৰপেটাৰোড প্ৰেছ ক্লাব, বৰপেটাৰোড আঞ্চলিক ছাত্ৰ সন্থা, অসম নাট্য সন্মিলনৰ বৰপেটাৰোড অধিৱেশনৰ আদৰণী সমিতি, বৃহত্তৰ বৰপেটাৰোড সাংস্কৃতিক আৰু সমাজ কল্যাণ মহিলা সমিতি, বৰপেটাৰোড আঞ্চলিক মহিলা সমিতি, বৃহত্তৰ বৰপেটাৰোড মাৰোৱাৰী যুৱ মঞ্চৰ সদস্যসকলকে ধৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ বিষয়ববীয়া আৰু বিশিষ্ট ব্যক্তি৷