Logo
image

অৱশেষত জয়মালাৰ কাষত অসমৰ প্ৰতিনিধি

আমাৰ অসম, ২০ ছেপ্টেম্বৰঃ বহু বিতৰ্ক আৰু আইনী যুঁজৰ অন্তত জয়মালাক কাষৰ পৰা প্ৰত্যক্ষ কৰিবলৈ সক্ষম হ’ল অসম চৰকাৰৰ প্ৰতিনিধি দলটোৱে৷ তামিলনাডুৰ শ্ৰীভিল্লীপুত্তুৰ আন্দল মন্দিৰত সোমবাৰে উপস্থিত হৈ অসম চৰকাৰৰ চাৰিজনীয়া প্ৰতিনিধি দলটোৱে অসমৰ জয়মালা নামৰ হাতীজনীৰ স্বাস্থ্য পৰীক্ষা কৰে৷ তামিলনাডুৰ কৃষ্ণন কোভিল মন্দিৰত মাউতৰ নিৰ্মম নিৰ্যাতনৰ সন্মুখীন হোৱা জয়মালাক প্ৰত্যক্ষ কৰাৰ বাবে তামিলনাডু চৰকাৰে অনুমতি দিয়া নাছিল অসম চৰকাৰৰ প্ৰতিনিধি দলটোক৷ তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে জয়মালাৰ প্ৰসংগত হস্তক্ষেপ কৰি অসমৰ দলটোক সাক্ষাতো দিয়া নাছিল৷ আনকি আগতীয়াকৈ অনুমতি নোলোৱাকৈ অকতৃৰ্ত্বশীলভাৱে জয়মালাক ঘূৰাই অনাৰ বাবে অসম চৰকাৰৰ দল তামিলনাডুত উপস্থিত হোৱাত তামিলনাডু চৰকাৰে অসন্তুষ্টি ব্যক্ত কৰি পত্ৰও প্ৰেৰণ কৰিছিল৷ আনহাতে জয়মালা কৃষ্ণন কোভিল মন্দিৰৰ ভক্ত-দৰ্শনাৰ্থীৰ ভক্তি আৰু আৱেগত পৰিণত হোৱা বুলি দাবী কৰি হাতীজনীক গৃহৰাজ্য অসমলৈ ঘূৰাই নপঠাই বুলি মাদ্ৰাছ উচ্ছ ন্যায়ালয়ত শপতনামা দাখিল কৰিছিল তামিলনাডু চৰকাৰে৷ ইয়াৰ বিপৰীতে জয়মালাক উভতাই অনাৰ বাবে অসম চৰকাৰৰ বন বিভাগেও গুৱাহাটী উচ্ছ ন্যায়ালয়ত দ্বাৰস্থ হয়৷ শেহতীয়াকৈ উক্ত গোচৰৰ শুনানি গ্ৰহণ কৰি গুৱাহাটী উচ্ছ ন্যায়ালয়ে জয়মালাক সাক্ষাৎ কৰাৰ বাবে অসম চৰকাৰৰ প্ৰতিনিধি দলটোক অনুমতি দিবলৈ তামিলনাডু চৰকাৰক নিৰ্দেশ দিয়ে৷ সেই সূত্ৰই সোমবাৰে অসম চৰকাৰ অতিৰিক্ত প্ৰধান মুখ্য বন সংৰক্ষক হৃদেশ মিশ্ৰ, বিশিষ্ট হস্তি বিশেষজ্ঞ ডাঃ কুশল কোঁৱৰ, মৰিগাঁৱৰ এছ পি অৰ্পণা নটৰাজন আৰু তিনিচুকীয়াৰ জিলা পশুপালন বিষয়া ডাঃ ৰূপজ্যোতি কাকতিয়ে আন্দল মন্দিৰত উপস্থিত হৈ জয়মালাৰ স্বাস্থ্য পৰীক্ষা কৰে৷ ন্যায়ালয়ৰ নিৰ্দেশত অসম চৰকাৰৰ প্ৰতিনিধি দলটোকে সংগ দিয়ে তামিলনাডুৰ উপ-বন সংৰক্ষক ড॰ নাগানথনৰ নেতৃত্বত ডাঃ সুকুমাৰ আৰু এন্থনী ৰুবিনকে ধৰি এটা দলে৷ অসমৰ প্ৰতিনিধি দলটোৱে জয়মালাৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে মন্দিৰৰ কাৰ্যবাহী বিষয়া মুথুৰাজৰ সৈতেও বাৰ্তালাপ কৰে৷ মন্দিৰৰ প্ৰৱেশদ্বাৰত পঞ্জীয়ন বহীত স্বাক্ষৰ কৰি সাধাৰণ ব্যক্তিৰ দৰে চৌহদত প্ৰৱেশ কৰিবলগীয়া হোৱা অসম চৰকাৰৰ প্ৰতিনিধি দলটোৱে জয়মালাক যোগান ধৰা খাদ্য সামগ্ৰীও পৰীক্ষা কৰে৷ অৱশ্যে প্ৰতিনিধি দলটোৱে জয়মালাৰ স্বাস্থ্যৰ সন্দৰ্ভত কোনো মন্তব্য কৰা নাই যদিও এই সন্দৰ্ভত শীঘ্ৰে অসম চৰকাৰক প্ৰতিবেদন দাখিল  কৰিব বুলিও জানিবলৈ দিছে৷ ইফালে, আন্তঃৰাষ্ট্ৰীয় পশুপ্ৰেমী সংগঠন ‘পেটা ইণ্ডিয়া’ই জয়মালা যদিহে পৰিবহণ কৰিব পৰাকৈ সুস্থ হৈ আছে, তেনেহ’লে হাতী যতন কেন্দ্ৰলৈ স্থানান্তৰ কৰি আন হাতীৰ সৈতে থকাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে৷