Logo
image

অধিৱেশন শেষ! অসম চুক্তি মন্ত্ৰীয়ে পোৱা নাই প্ৰতিবেদন

অসমীয়াৰ সাংবিধানিক ৰক্ষাকৱচৰ ৬নং দফা

এয়া খুবেই আশ্চৰ্যজনক, চৰকাৰৰ চূড়ান্ত সমন্বয়হীনতাৰ উদাহৰণ এয়া ছাত্ৰ সন্থা

আমাৰ অসম, ২০ ছেপ্টেম্বৰঃ অসমীয়াৰ সাংবিধানিক ৰক্ষাকৱচকে ধৰি অসম চুক্তিৰ ৬ নম্বৰ দফাৰ ৰূপায়নৰ ক্ষেত্ৰত পৰামৰ্শ দিবৰ বাবে গঠিত উচ্ছ পৰ্যায়ৰ কমিটীৰ প্ৰতিবেদনখন বৰ্তমান ক’ত আছে? ইয়াকে কেন্দ্ৰ কৰি অব্যাহত আছে ৰাজনীতি আৰু বোকা ছটিওৱাৰ খেল৷  উল্লেখ্য যে ২০১৯ চনৰ ১৫ জুলাইত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰত্যক্ষ উদ্যোগত গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাক অধ্যক্ষ হিচাপে লৈ গঠন কৰা হৈছিল এখন উচ্ছ পৰ্যায়ৰ কমিটী৷ মূলতঃ অসম চুক্তিৰ ৬ নম্বৰ দফা ৰূপায়ণৰ ক্ষেত্ৰত দিহা-পৰামৰ্শ দিবৰ বাবে কেন্দ্ৰীয় চৰকাৰে এই কমিটীখন গঠন কৰি দিছিল৷ কমিটীয়ে ২০২০ চনৰ ১০ ফেব্ৰুৱাৰীত নিজৰ কাম সমাপ্ত কৰি বিস্তৃত প্ৰতিবেদন প্ৰস্তুত কৰে৷ যিহেতু কমিটীখন কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিছিল সেয়ে কমিটীয়ে ইয়াৰ প্ৰতিবেদন কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ক অৰ্পণ কৰিব বিচাৰিছিল৷ কিন্তু বহু টনা-আজোৰাৰ অন্তত কেন্দ্ৰীয় চৰকাৰে এই প্ৰতিবেদন গ্ৰহণ নকৰিলে৷ ফলত কমিটীয়ে নিজৰ প্ৰতিবেদন ৰাজ্যৰ তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতত ২০২০ চনৰ ২৫ ফেব্ৰুৱাৰীত আনুষ্ঠানিকভাৱে অৰ্পণ কৰে৷ এই কাৰ্যৰ সাক্ষী হৈ ৰৈছিল সৰ্বানন্দ সোণোৱাল চৰকাৰৰ কেবিনেট মন্ত্ৰীসকলৰ লগতে বহু শীৰ্ষ আমোলা-বিষয়া৷ পৰৱৰ্তী সময়ত সৰ্বানন্দ সোণোৱাল আৰু হিমন্তবিশ্ব শৰ্মাকে ধৰি বিজেপিৰ নেতাসকলে এইবুলি কৈছিল যে কেন্দ্ৰীয় চৰকাৰৰ হৈ প্ৰতিবেদনখন মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰিছে আৰু সেইখন যাৱতীয় আনুষ্ঠানিকতাৰ অন্তত কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰা হ’ব৷ লক্ষণীয়ভাৱে, দিন বাগৰাৰ লগে লগে বিজেপিৰ নেতা আৰু চৰকাৰৰ বৰমূৰীয়াসকলৰ ভাষ্য সলনি হ’বলৈ ধৰিলে৷ অসম আৰু অসমীয়াৰ বৃহত্তৰ স্বাৰ্থৰ সৈতে জড়িত এই প্ৰতিবেদনখন গ্ৰহণ কৰা-নকৰাক লৈ ৰাজনৈতিক টনা-আঁজোৰা আৰু বোকা চটিওৱাৰ প্ৰক্ৰিয়া অব্যাহত থাকিল৷ ফলত চৰম অনি(য়তাৰ মাজত সোমাই পৰে প্ৰতিবেদনখন৷ সমান্তৰালভাৱে এই প্ৰতিবেদনৰ অস্তিত্ব নস্যাৎ কৰাৰ ৰাজনৈতিক কুচ-কাৱাজ অব্যাহত থাকে– বিশেষকৈ বিজেপিৰ একাংশ নেতাৰ দ্বাৰা৷ তদানীন্তন মুখ্যমন্ত্ৰী সোণোৱালে প্ৰতিবেদনখন গ্ৰহণ কৰাৰ পাছত ইয়াক অসম চুক্তি ৰূপায়ন বিভাগত জিম্মাত ৰখা হ’ব বুলি চৰকাৰীভাৱে কোৱা হৈছিল৷ কিন্তু সকলোকে আচৰিত কৰি অসম চুক্তি ৰূপায়ন বিভাগৰ মন্ত্ৰী অতুল বৰাই সোমবাৰে বিধানসভাত কয় যে এই পৰ্যন্ত বিপ্লৱ শৰ্মা কমিটীৰ প্ৰতিবেদন অসম চুক্তি ৰূপায়ন বিভাগত দাখিল কৰা হোৱা নাই৷ উল্লেখ্য, যে বিজেপিৰ মিত্ৰদল অগপৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই সোমবাৰে অসম চুক্তি ৰূপায়ন বিভাগৰ মন্ত্ৰীক এই বুলি প্ৰশ্ন কৰিছিল যে গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ নেতৃত্বত গঠন কৰা কমিটীয়ে ৰাজ্য চৰকাৰৰ হাতত দাখিল কৰা প্ৰতিবেদনখন কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰা হ’লনে? বিধায়ক কলিতাৰ এই লিখিত প্ৰশ্নৰ উত্তৰত বিভাগীয় মন্ত্ৰী অতুল বৰাই সদনত কয় যে এই  প্ৰতিবেদনখন অসম চুক্তি ৰূপায়ন বিভাগত দাখিল কৰা হোৱা নাই৷ যদি প্ৰতিবেদনখন অসম চুক্তি ৰূপায়ণ বিভাগৰ ওচৰত নাই তেন্তে প্ৰতিবেদনখন ক’ত আছে? তদানীন্তন মুখ্যমন্ত্ৰী সোণোৱালে ঘোষণা কৰিছিল যে এই প্ৰতিবেদনখন অসম চুক্তি ৰূপায়ণ বিভাগৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰা হ’ব৷ প্ৰসংগক্ৰমে উল্লেখ্য যে প্ৰধানমন্ত্ৰীৰ পৌৰোহিত্যত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত বিপ্লৱ শৰ্মা কমিটীখন গঠনৰ ক্ষেত্ৰত আনুষ্ঠানিক অনুমতি প্ৰদান কৰা হৈছিল৷ কমিটীয়ে দাখিল কৰিবলগীয়া প্ৰতিবেদন দাড়ি-কমাপৰ্যন্ত সলনি নকৰাকৈ কাৰ্যকৰী কৰা হ’ব বুলি সেই সময়ত ঘোষণা কৰিছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে৷ কিন্তু ইমান এখন গুৰুত্বপূৰ্ণ প্ৰতিবেদনৰ অস্তিত্বক লৈ যোৱা দুবছৰৰ দৰে এতিয়াও উত্থাপিত হৈছে বিভিন্ন প্ৰশ্ন৷ কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিবলগীয়া এই গুৰুত্বপূৰ্ণ প্ৰতিবেদনখন বৰ্তমান মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত পৰি আছে নে ইয়াক কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰা হ’ল এই সন্দৰ্ভত দিছপুৰ নিমাত৷ বিধানসভাতো এই সন্দৰ্ভত সদৰী কৰা নহ’ল কোনো তথ্য৷ বিধানসভাৰ বিগত নিৰ্বাচনৰ সময়ত এই প্ৰতিবেদনখনৰ আইনী বৈধতাক লৈও ৰাজহুৱাভাৱে প্ৰশ্ন উত্থাপন কৰা হৈছিল– একাংশ বিজেপি নেতাৰ দ্বাৰা৷ আনহাতে, সোমবাৰে অসম বিধানসভা চৌহদত অসম চুক্তি ৰূপায়ন বিভাগৰ মন্ত্ৰী অতুল বৰাই সংবাদ মাধ্যমৰ আগত এই সন্দৰ্ভত মত প্ৰকাশ কৰি কয়– অসম চুক্তি ৰূপায়ন সন্দৰ্ভত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে এখন কমিটী গঠন কৰি দিছে৷ এই কমিটীত মন্ত্ৰী অজন্তা নেওগ আৰু পীয়ুষ হাজৰিকাৰ উপৰি আছুৰ মুখ্য উপদেষ্টা ড॰ সমুজ্জ্বল ভট্টাচাৰ্য, আছুৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা সদস্য হিচাপে আছে৷ কমিটীয়ে ইতিমধ্যে কেবালানি আলোচনা কৰিছে৷ অসম চুক্তিৰ প্ৰতিটো দফাৰ ওপৰত আলোচনা কৰা হৈছে৷ ৬ নম্বৰ দফাৰ ওপৰতো আলোচনা কৰা হৈছে৷  ৬ নম্বৰ দফাৰ ওপৰত  আছুৰ তৰফৰ পৰা আমাক এখন লিখিত প্ৰতিবেদন দাখিল কৰিব৷ তাৰ পিছত এই বিষয়ে আমি আলোচনা কৰিম৷ ন্যায়াধীশ বিপ্লৱ শৰ্মা কমিটীৰ প্ৰতিবেদনখন আমাৰ তাত দিব লাগিব বুলি কথা নাই৷ অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ সোমবাৰে আছিল শেষ দিন৷ বিধানসভাৰ অধিৱেশন শেষ হ’ল, অথচ স্পষ্ট নহল বিপ্লৱ শৰ্মা কমিটীৰ প্ৰতিবেদনৰ প্ৰকৃত স্থিতি৷ কাৰণ এইপৰ্যন্ত অসম চুক্তি ৰূপায়ণ বিভাগৰ হাততেই পৰাগৈ নাই বিপ্লৱ শৰ্মা কমিটীৰ প্ৰতিবেদন৷ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা এই প্ৰতিবেদন অসম চুক্তি ৰূপায়ণ বিভাগক দিয়া হ’বনে নহয়, সেই বিষয়েও কোনো কথা স্পষ্ট হোৱা নাই৷ মুঠৰ ওপৰত বিপ্লৱ শৰ্মা কমিটীৰ বাবে এতিয়াও দিল্লী বহুদূৰ৷ এই প্ৰতিবেদনখনৰ কাৰ্যকৰীকৰণৰ ওপৰত অসম আৰু খিলঞ্জীয়া অসমীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ প্ৰশ্ন ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে৷ অথচ এইখনৰ ওপৰতেই ৰাজনীতি কৰি আছে জাতি-মাটি-ভেটি ৰক্ষাৰ শপত খোৱা চৰকাৰে৷

এয়া চৰকাৰৰ চূড়ান্ত সমন্বয়হীনতাৰ প্ৰতিফলনঃ সমুজ্জ্বল ভট্টাচাৰ্য

অসম বিধানসভাত অসম চুক্তিৰ ৬নং দফা ৰূপায়ণ সম্পৰ্কীয় উচ্ছস্তৰীয় সমিতিৰ প্ৰতিবেদন সন্দৰ্ভত চৰকাৰে দাঙি ধৰা তথ্যৰ প্ৰসংগত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাই৷ এই সন্দৰ্ভত আছুৰ মুখ্য উপদেষ্টা ড॰ সমুজ্জ্বল ভট্টাচাৰ্যই ‘আমাৰ অসম’ক এইদৰে কয়– ‘বিধানসভাত অসম চুক্তিৰ ৬নং দফা সম্পৰ্কীয় লিখিত প্ৰশ্নৰ উত্তৰ দেখি আমি আচৰিত হৈছোঁ, হতভম্ব হৈছোঁ৷ এয়া চৰকাৰৰ চূড়ান্ত সমন্বয়হীনতাৰ প্ৰতিফলন৷ মুখ্যমন্ত্ৰীৰ আমন্ত্ৰণক্ৰমে অসম চুক্তিৰ ৰূপায়ণৰ বিষয়ে আছুৰ সৈতে চৰকাৰৰ আলোচনা হৈছিল৷ আলোচনাত অসম চুক্তিমন্ত্ৰীক অধ্যক্ষৰূপে লৈ এখন সমিতি গঠন কৰি দিয়া হৈছিল৷ ইয়াত তিনিজন কেবিনেটমন্ত্ৰী সদস্যৰূপে আছে৷ ছাত্ৰ সন্থাৰ তৰফৰ পৰাও পাঁচজন সদস্য আছে৷ এই সমিতিৰ আলোচনাত এটা দিন কেৱল অসম চুক্তিৰ ৬নং দফা সম্পৰ্কীয় উচ্ছস্তৰীয় সমিতিৰ প্ৰতিবেদনৰ বিষয়েই আলোচনা কৰা হৈছিল৷ সেই আলোচনা আধৰুৱা হৈ ৰৈছিল আৰু পৰৱৰ্তী সময়ত অধিক আলোচনাৰ পোষকতা কৰা হৈছিল৷ ইমানৰ পাছতো বিধানসভাত অসম চুক্তিৰ ৬নং দফা সম্পৰ্কীয় উচ্ছস্তৰীয় সমিতিৰ প্ৰতিবেদন সন্দৰ্ভত চৰকাৰে দিয়া লিখিত প্ৰশ্নৰ উত্তৰ আশ্চৰ্যজনক৷ এয়া কোনো কাৰণতে গ্ৰহণযোগ্য হ’ব নোৱাৰে৷ এয়া চৰকাৰৰ চূড়ান্ত সমন্বয়হীনতাৰ চানেকি, উদাহৰণ৷’ ইফালে, অনুৰূপ মন্তব্য প্ৰকাশ কৰি আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই কয়– এনেধৰণৰ কথাই চৰকাৰৰ দুৰ্বলতাকে সূচায়৷ বৰুৱাৰ প্ৰশ্ন– বিপ্লৱ শৰ্মা কমিটীৰ প্ৰতিবেদ দিল্লীলৈ পঠিওৱাতো বাদেই, আজিলৈকে অসম চুক্তি ৰূপায়ণ বিভাগলৈকে প্ৰেৰণ কৰা হোৱা নাই কিয়? উল্লেখ্য, ৰঙিয়া ছাত্ৰ সন্থাৰ দ্বাৰা আয়োজিত অভিনন্দন অনুষ্ঠানত অংশগ্ৰহণ কৰিবৰ বাবে সোমবাৰে ৰঙিয়ালৈ আহে সমুজ্জ্বল ভট্টাচাৰ্য আৰু শংকৰজ্যোতি বৰুৱা৷ দুয়োজনে চৰকাৰক সকীয়াই দি এইদৰে কয়– অসমীয়া, মাতৃভাষা তথা বড়ো মাধ্যমৰ বিদ্যালয়সমূহক ধবংস নকৰিব৷ প্ৰাথমিক বিদ্যালয়ত ইংৰাজী মাধ্যম অযুক্তিকৰ আৰু অবৈজ্ঞানিক৷ চৰকাৰে আঁকোৰগোঁজ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবই লাগিব৷