Logo
image

ভকতৰ দুই ফৈদৰ সংঘাত, তলা লগালে আঠখেলীয়া নামঘৰত

আমাৰ অসম, ২০ ছেপ্টেম্বৰঃ গোলাঘাটৰ ঐতিহ্যমণ্ডিত আঠখেলীয়া নামঘৰত পুনৰ অঘটন ঘটিছে৷ ক্ষমতাকেন্দ্ৰিক সংঘাতৰ বাবে হাজাৰ হাজাৰ লোকৰ উপসনাথলী আঠখেলীয়া নামঘৰত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ৷ ইতিপূৰ্বে ভকতৰ মাজত হতাহতি, মাৰপিট আৰু খেদাখেদিৰ দৰে অবাঞ্ছিত ঘটনাই জোকাৰি যোৱা আঠখেলীয়া নামঘৰত পুনৰ সংঘটিত হৈছে অপ্ৰত্যাশিত ঘটনা৷ নামঘৰ পৰিচালনা সমিতিক কেন্দ্ৰ কৰিয়েই সোমবাৰে পুনৰ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ৷ কোৱা বাহুল্য যে শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ দুটা পক্ষৰ সংঘাতক লৈ বিতুষ্ট হৈ পৰিছে ভক্তপ্ৰাণ ৰাইজ৷ নামঘৰ পৰিচালনাৰ দায়িত্বক লৈ দীৰ্ঘদিন ধৰি অব্যাহত থকা যুঁজখনে সোমবাৰে সকলো সীমা অতিক্ৰম কৰে৷ এটা গোটে নামঘৰৰ মূল প্ৰৱেশদ্বাৰত তলা ওলোমাই দিলে৷ এই ঘটনাত স্তম্ভিত হৈ পৰে ধৰ্মপ্ৰাণ ৰাইজ৷ কেৱল ক্ষমতাৰ বাবে ২০১৬ চনত নামঘৰৰ চৌহদত মাৰপিটৰ ঘটনা সংঘটিত হৈ গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ বিচৰাধীন হৈ থকাৰ পাছতো কৰ্ণধাৰ সমিতি আৰু পূৰ্বৰ পৰিচালনা সমিতিৰ মাজত অভিযোগ-প্ৰতিঅভিযোগ, অঁৰিয়া-অঁৰি অব্যাহত আছে৷ এই বিৰ্তকৰ মাজতে সোমবাৰে নামঘৰৰ চৌহদত বৃহৎসংখ্যক আৰক্ষী,  নিৰাপত্তাৰক্ষী, মোতায়েন কৰি দণ্ডাধীশ, অতিৰিক্ত উপায়ুক্ত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰি দুয়োপক্ষৰ বুজাবুজিৰ চেষ্টা কৰে যদিও বিফল হয়৷ উল্লেখ্য যে, যোৱা ৯ ছেপ্টেম্বৰত পূৰ্বৰ পৰিচালনা সমিতিয়ে গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ নিদেশমৰ্মে এখন সাধাৰণ সভা আয়োজন কৰিছিল৷ উক্ত সভাতেই পূৰ্বৰ সমিতিখন ভঙ্গ কৰি এখন নতুন সমিতি গঠন কৰে৷ কিন্তু উক্ত সমিতি কৰ্ণধাৰ সমিতিয়ে অবৈধ ঘোষণা কৰিছিল৷  কৰ্ণধাৰ সমিতিৰ অভিযোগ মতে, উক্ত সাধাৰণ সভাত সকলো খেলুৱা ৰাইজক নিমন্ত্ৰণ জনোৱা নাছিল আৰু প্ৰায়সংখ্যাক ভাড়াতীয়া লোক আছিল৷ কিন্তু ইয়াৰ মাজতো কৰ্ণধাৰ সমিতিৰ বাধা নামানি আজি নতুনকৈ গঠন হোৱা সমিতিখনে পূৰ্বৰ সকলো অভিযোগ-প্ৰতিঅভিযোগ নসাৎ কৰি কাৰ্যভাৰ গ্ৰহণ কৰিবলৈ নামঘৰ ভাগলৈ আহিছিল৷ কিন্তু তাতে লাগিল অথন্তৰ৷ কৰ্ণধাৰ সমিতিয়ে কোনো কাৰণতে নতুন সমিতিক কাৰ্যভাৰ গ্ৰহণ কৰিবলৈ নিদিয়াৰ হুংকাৰ দি নামঘৰৰ মূল প্ৰৱেশ-দ্বাৰত তলা মাৰি দিয়ে৷ সেয়ে দুয়োপক্ষৰ মাজত বিতৰ্কৰ সূত্ৰপাত ঘটে৷ বাক্‌-বিতণ্ডাৰ মাজতে নৱ-নিৰ্বাচিত পৰিচালনা সমিতিয়ে, তলাবন্ধ বিষয়ক লৈ উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰাৰ লগতে, তলা ভাঙিবলৈ উদ্যত হোৱাত স্থানীয় একাংশ যুৱকে তৃতীয়পক্ষৰ হৈ পৰিচালনা সমিতি আৰু কৰ্ণধাৰ সমিতিয়ে ক্ষমতাৰ খঁকত নামঘৰৰ পৰিৱেশ বিনষ্ট কৰিছে বুলি দুয়োপক্ষকে বাধা প্ৰদান কৰাৰ লগতে, জিলা প্ৰশাসনৰ হস্তক্ষেপৰ দাবী কৰে৷  ভকতৰ দুই ফৈদৰ বাক্‌-বিতণ্ডাৰ মাজতে নামঘৰলৈ অহা বহুসংখ্যক লোক নিৰাশ মনেৰে ঘৰলৈ উভতি যায়৷