Logo
image

ঘৰে ঘৰে পৌৰকৰ বিচাৰি যাব বহিঃৰাজ্যৰ এজেঞ্চীয়ে

আমাৰ অসম, ২০ ছেপ্টেম্বৰঃ গুৱাহাটীৰ লগতে সমগ্ৰ ৰাজ্যৰে পৌৰ এলেকাৰ বাসিন্দাই এতিয়া অধিক কৰ পৰিশোধৰ বাবে সাজু হওঁক৷ কিয়নো অচিৰেই পৌৰ এলেকাৰ বাসিন্দাই সা-সম্পত্তিৰ বিপৰীতে চৰকাৰক দিব লাগিব অতিৰিক্ত কৰ৷ গুৱাহাটী মহানগৰীৰ নাগৰিকৰ পৰা ব্যক্তিগত প্ৰতিষ্ঠানৰ জৰিয়তে কৰ সংগ্ৰহৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে গুৱাহাটী পৌৰ নিগমে৷ পূৰ্বতে যিকোনো কৰ সংগ্ৰহৰ বাবে সংশ্লিষ্ট চৰকাৰী বিভাগেহে কৰ সংগ্ৰহ কৰে যদিও প্ৰথমবাৰলৈ মাইক্ৰ’ফাইনেন্সৰ লোনৰ কিস্তি সংগ্ৰহৰ দৰেই বেচৰকাৰী প্ৰতিষ্ঠানে ৰাজ্যৰ চহৰাঞ্চলৰ নাগৰিকৰ ঘৰে ঘৰে সংগ্ৰহ কৰিব পৌৰক৷ অৰ্থাৎ নাগৰিকৰ ঘৰত ৰিক’ভাৰী এজেণ্টৰ দৰে কৰ্মচাৰী প্ৰেৰণ কৰি হ’লেও ৰাইজক কৰ আদায় দিবলৈ বাধ্য কৰোৱাব ব্যক্তিগত প্ৰতিষ্ঠানটোৱে৷ আনকি বেচৰকাৰী প্ৰতিষ্ঠানটোৰ পৌৰ এলেকাৰ বাসিন্দাৰ সা-সম্পত্তি পৰীক্ষা কৰি কৰৰ পৰিমাণ নিৰ্ধাৰণ কৰাৰো কতৃৰ্ত্ব থাকিব৷ ব্যক্তিগত প্ৰতিষ্ঠানক পৌৰ এলেকাৰ কৰ সংগ্ৰহৰ দায়িত্ব দিয়াৰ বাবে নিবিদা আহ্বান কৰাৰ কথা অৱশেষত স্বীকাৰ কৰিবলৈ বাধ্য হ’ল নগৰ উন্নয়ন দপ্তৰৰ মন্ত্ৰী অশোক সিংঘালে৷ ইতিমধ্যে গুৱাহাটী মহানগৰীৰ বাসিন্দাৰ পৌৰ কৰ মূল্যায়ন আৰু সংগ্ৰহৰ বাবে গুৱাহাটী পৌৰ নিগমে নিবিদা আহ্বান কৰিছে৷ ছত্তীশগড়ত পৌৰ কৰ সংগ্ৰহত নিয়োজিত এটা বেচৰকাৰী প্ৰতিষ্ঠানক গুৱাহাটীতো কৰ সংগ্ৰহৰ দায়িত্ব অৰ্পণ কৰাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে গুৱাহাটী পৌৰ নিগমে৷ এই সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰী অশোক সিংঘালে কয় পৌৰ কৰ সংগ্ৰহৰ তেনেকুৱা এটা চিন্তা চলি আছে যাতে কৰ সংগ্ৰহ ভাল হ’ব লাগে৷ যি সকলে কৰ নিদিয়ে তেওঁলোকৰ পৰাও কৰ ল’ব লাগে৷ দেখা গৈছে যে ৬০ শতাংশ মানুহে কৰ দি আছে বাকী সকলে দিয়া নাই৷ বাকীসকলৰ পৰাও কৰ সংগ্ৰহৰ চেষ্টা কৰা হ’ব৷ গুৱাহাটী পৌৰ নিগমৰ অন্তৰ্গত ঘৰ থকা মানুহখিনিয়ে সম্পত্তিৰ কৰ দিব লাগে৷ তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷’ বাহিৰৰ প্ৰতিষ্ঠানক ইয়াৰ দায়িত্ব দিয়া হৈছে নেকি সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী সিংঘালে কয় যে বাহিৰৰ প্ৰতিষ্ঠানত এতিয়ালৈ দায়িত্ব দিয়া হোৱা নাই৷ নিবিদা বিচৰা হৈছে৷ ছত্তীশগড়, বিহাৰ, ঝাৰখণ্ড আদিত কৰ সংগ্ৰহত নিয়োজিত প্ৰতিষ্ঠানে নিবিদাত অংশ লৈছে৷ গতিকে ব্যক্তিগত কোম্পানীৰ হাতত অৰ্পন কৰা হ’ব গুৱাহাটীৰো দায়িত্ব৷ উল্লেখ্য, ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২০২৩ বৰ্ষৰ পহিলা এপ্ৰিলৰ পৰা পৌৰ এলেকাৰ বাসিন্দাৰ সম্পত্তি  কৰ সংগ্ৰহ আৰম্ভ হ’ব বুলি মন্তব্য কৰি ধনী মানুহৰ পৰা কৰ সংগ্ৰহ কৰিলে আপত্তি ক’ত বুলিও প্ৰশ্ন কৰিছিল৷ অৱশ্যে সোমবাৰে সাংবাদিকে ব্যক্তিগত প্ৰতিষ্ঠানক পৌৰ কৰ সংগ্ৰহৰ দায়িত্ব দিয়া বিষয়টোত প্ৰশ্ন সোধাত ক্ষুব্ধ হৈ পৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি মুখ্যমন্ত্ৰীয়ে কয়– ‘আজি এমএছএমই কাৰ্যসূচী চলি আছে৷ এমএছএমইৰ কথা সুধিব লাগে৷ ইয়াত ব্যক্তিগত প্ৰতিষ্ঠানৰ কৰ সংগ্ৰহৰ কথা সোধাতকৈ পৌৰ নিগমকহে সুধিব লাগে৷ সকলো কথা মুখ্যমন্ত্ৰীক সুধিব নেকি? মিউনিচিপাল্টীৰ কথাও যদি মই উত্তৰ দিব লাগে তেনেহ’লে মেয়ৰক কিয় ৰাইজে ভোট দিছিল৷ মই মেয়ৰৰ দৰমহা লৈ থকা নাই৷ মেয়ৰক সুধিব লগা প্ৰশ্ন মোক সুধিছে কিয়?