Logo
image

অস্কাৰলৈ ভাৰতৰ ছবি চেল্ল’ শ্ব’

আমাৰ অসম, ২১ ছেপ্টেম্বৰঃ দেশে-বিদেশে তুমুল জনপ্ৰিয়তা অৰ্জন কৰা দক্ষিণৰ ব্লকবাষ্টাৰ ‘আৰ আৰ আৰ’ বা বিজেপি চৰকাৰৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতা লাভ কৰা ‘দ্য কাশ্মীৰ ফাইলছ’ নহয়, ২০২৩ৰ অস্কাৰত ভাৰতৰ পৰা চৰকাৰীভাৱে অন্তৰ্ভুক্তি লাভ কৰিলে গুজৰাটী ছবি ‘চেল্ল’ শ্ব’ৱে’, যিখন পূৰ্ণদৈৰ্ঘৰ ছবিৰ ইংৰাজী নাম ‘লাষ্ট ফিল্ম শ্ব’৷ ১৯ সংখ্যক অকাডেমী এৱাৰ্ডছৰ বাবে আন্তঃৰাষ্ট্ৰীয় পূৰ্ণদৈৰ্ঘ ছবিৰ শিতানত ‘ছেল্ল’ শ্ব’ৱে’ ভাৰতক প্ৰতিনিধিত্ব কৰিব বুলি মঙলবাৰে ফিল্ম ফেডাৰেচন অব ইণ্ডিয়াই [এফ এফ আই] চৰকাৰীভাৱে ঘোষণা কৰিছে৷ পান নলিন পৰিচালিত এই ছবিখনত অভিনয় কৰিছে গুজৰাটী অভিনেতা ভাৱিন ৰাবাৰি, ভৱেশ শ্ৰীমালি, ৰিচা মীনা, দ্বীপেন ৰাৱাল আৰু পৰেশ মেহতাই৷ ইতিপূৰ্বে ৰবাৰ্ট ডি নিৰোৰ ত্ৰিবেকা ছবি মহোৎসৱত আন্তঃৰাষ্ট্ৰীয় মুক্তি লাভ কৰা গুজৰাটী ছবিখনে ৬৬ সংখ্যক ভালাড’লিড ছবি মহোৎসৱত গ’ল্ডেন স্পাইক পুৰষ্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে৷ অহা ১৪ অক্টোবৰত ‘চেল্ল’ শ্ব’ৱে’ দেশত মুক্তি লাভ কৰিব৷

ইমানদিনে অস্কাৰৰ দৌৰত থকা বুলি এই গুজৰাটী ছবিখনৰ কোনো নামগোন্ধ নাছিল৷ তীব্ৰ চৰ্চা চলিছিল ‘আৰ আৰ আৰ’ আৰু দ্য কাশ্মীৰ ফাইলছ’ৰ৷ মঙলবাৰে হঠাতে গুজৰাটী অখ্যাত ছবিখনে অস্কাৰত ভাৰতক প্ৰতিনিধিত্ব কৰিব বুলি চৰকাৰী ঘোষণা হোৱাৰ পাছতহে চিত্ৰ ৰসিকে ‘চেল্ল’ শ্ব’ৰ বিষয়ে খা-খবৰ ল’বলৈ আৰম্ভ কৰিছে৷  ছবিখন এটি ৯ বছৰীয়া শিশুৰ চিনেমা-প্ৰীতিৰ কাহিনীক লৈ নিৰ্মিত হৈছে৷ ভিতৰুৱা গাঁৱৰ এই শিশুটিয়ে কিদৰে এটা সমগ্ৰ গ্ৰীষ্মকাল ‘প্ৰজেকচন বুথ’ত চিনেমা চাই অতিবাহিত কৰে তাকে ছবিখনত তুলি ধৰা হৈছে৷