Logo
image

‘কেগ’ক প্ৰত্যাহ্বান মুখ্যমন্ত্ৰীৰ

অৰ্থনৈতিক অৱস্থা যদি বেয়া হৈছেও তথাপি ৰাইজক দুখত

থাকিবলৈ দিয়া নাই, বান সাহায্য দিছোঁ, চাকৰি দিছোঁ

আমাৰ অসম, ২১ ছেপ্টেম্বৰঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাৰ্যতঃ প্ৰত্যাহ্বান জনালে ‘কেগ’ক৷ মঙলবাৰে তেওঁ নস্যাৎ কৰি দিলে ‘কেগ’ৰ প্ৰতিবেদনক৷ ৰাজ্যৰ বিত্তীয় বিশৃংখলতাৰ স্বৰূপ উদঙাই কেগ-এ প্ৰতিবেদন প্ৰকাশ কৰাৰ পাছত মঙলবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত কয়–‘কেগ’এ কৈছে ৰাজ্যৰ আৰ্থিক অৱস্থা বেয়া৷ আমি এক লাখ নিবনুৱাক চাকৰি দিছোঁ৷ গতিকে আগৰ চৰকাৰতকৈ বৰ্তমানৰ চৰকাৰৰ আৰ্থিক অৱস্থা ভাল হ’বই লাগিব৷ নহ’লে কেনেকৈ দিব এক লাখ নিযুক্তি? ৰাজ্যৰ অৰ্থনৈতিক অৱস্থা বেয়া হ’লেও ৰাইজক দুখত থাকিবলৈ দিয়া নাই৷ চাকৰি দিছোঁ, বান সাহায্য দিছোঁ৷ ৰাইজে অভাবৰ কথা অনুভৱ কৰিবলগীয়া হোৱা নাই৷ ২০১৭, ২০১১ চনৰ বান সাহায্য এতিয়াও পোৱা নাই৷ আমি ৩ মাহত দিছোঁ বান সাহায্য৷ আমি এক লাখ নিবনুৱা যুৱক-যুৱতীক চাকৰি দিছোঁ৷ আগৰ চৰকাৰে দিব পৰা নাই৷ গতিকে আগৰ চৰকাৰৰ দিনতকৈ বৰ্তমানৰ চৰকাৰৰ অৰ্থনৈতিক অৱস্থা বেছি ভাল হ’বই লাগিব৷ আগত ‘অৰুণোদয়’ নাছিল, আমি ‘অৰুণোদয়’ দিছোঁ৷ আগত ২৫ হাজাৰ টকাৰ আঁচনি নাছিল৷ ৰাইজে ক’ব পাৰে দিল্লী, মুম্বাইতকৈ ভাল নহয় অসমৰ অৱস্থা৷ কিন্তু অসমৰ আগৰ চৰকাৰসমূহতকৈ ভাল৷ নহ’লে অসমত ২৫ খন মেডিকেল কলেজ কেনেকৈ হ’ব? এইটো কেগত নালাগে, সাধাৰণ ৰাইজৰ ওচৰলৈ গ’লে আমি দেখা পাও আগত যিমান পকী ৰাস্তা আছিল তাতকৈ বেছি পকী ৰাস্তা হৈছে৷ আগত বান সাহায্য পাওতে দুমাহ, তিনিমাহৰ ঠাইত চাৰিবছৰ ৰখিব লাগিছিল৷ ২০১৭ চনৰ বান সাহায্য আজিও পোৱা নাই৷ ২০১১ চনৰ বান-সাহায্য আজিও পোৱা নাই৷ ২০০৯ চনৰ বান সাহায্য আজিও পোৱা নাই৷ আমাৰ চৰকাৰৰ কাৰ্যকালত দুমাহতে পালে বান সাহায্য৷ আৰ্থিক অৱস্থা বেয়া হ’ব পাৰে৷ বেয়া হ’লেও ৰাইজক আমি দুখত থাকিবলৈ দিয়া নাই৷ উল্লেখ্য, ‘কেগ’ৰ প্ৰতিবেদনত উন্মোচিত হৈছে ৰাজ্যৰ চৰম বিত্তীয় বিশৃংখলতা ২০১৯-২০ বৰ্ষৰ ১৩,৪৬৮.৫৫ কোটি টকাৰ বিপৰীতে ২০২০-২১ বৰ্ষত মূলধনী ব্যয় হ্ৰাস পালে ১২,৩৯৯.৩৯ কোটি টকালৈ৷ সোমবাৰে বিধানসভাত দাখিল কৰা ভাৰতৰ নিয়ন্ত্ৰক আৰু মহা হিচাপ পৰীক্ষক চমুকৈ ‘কেগ’ৰ প্ৰতিবেদন মতে ২০২১ বৰ্ষৰ ৩১ মাৰ্চত সমাপ্ত হোৱা বিত্তীয় বৰ্ষৰ বাবে অসম চৰকাৰে বাজেটত ধাৰ্য কৰা পুঁজিৰ অধিকাংশই বিনামূলীয়া আঁচনিৰ বিপৰীতে ব্যয় কৰিবলগীয়া হোৱা বাবে মূলধনী ব্যয় হ্ৰাস পাইছে৷ ২০১৬-১৭ বৰ্ষৰ পৰা ২০১৯-২০ বৰ্ষলৈ মূলধনী ব্যয়ৰ ধাৰা আছিল উধবৰ্মুখী৷ কিন্তু ২০১৯-২০ বৰ্ষৰ পাছৰ পৰা মূলধনী ব্যয় ক্ৰমাৎ হ্ৰাস পাবলৈ ধৰে৷ ২০১৯-২০ বৰ্ষত ১৩,৪৬৮.৫৫ কোটি টকাৰ পৰা ২০২০-২১ বৰ্ষত ১২,৩৯৯.৩৯ কোটি টকালৈ হ্ৰাস পায় মূলধনী ব্যয়৷ অৰ্থাৎ এটা বিত্তীয় বৰ্ষতে মূলধনী ব্যয় ১০৬৯.১৬ কোটি টকা হ্ৰাস পায়৷ এই অনুসৰি ৰাজ্যখনৰ মূলধনী ব্যয়ৰ হ্ৰাসৰ হাৰ হৈছে ৭.৯৪ শতাংশ৷ অকল সেয়াই নহয়, ৰাজ্যখনত কৰবিহীন ৰাজহ সংগ্ৰহৰ পৰিমানো ব্যাপক হাৰত হ্ৰাস পাইছে৷ ২০১৮-১৯ বৰ্ষত কৰ বহিৰ্ভূত ৰাজহ আছিল ৮,২২১.২৯ কোটি টকা৷ ২০১৯-২০ বিত্তীয় বৰ্ষত ৫৫৩৯.৩৪ কোটি টকা, ২০২০-২১ বৰ্ষত ২৮৯৯.৬১ কোটি টকালৈ হ্ৰাস পাইছে কৰ বহিৰ্ভূত ৰাজহ৷ কেগৰ প্ৰতিবেদনত উল্লেখ কৰা মতে ৰাজ্য চৰকাৰৰ ৫৫টা বিভাগে আজিলৈকে মুঠ ৩৯,৬২৯.৪৯ কোটি টকাৰ হিচাপ দাখিল কৰা নাই৷ উক্ত বিভাগসমূহে ২০০১-২০০২ বিত্তীয় বৰ্ষৰ পৰা আজি পৰ্যন্ত ১১,৭১৯খন ব্যৱহাৰিক প্ৰমাণ-পত্ৰ দাখিল কৰা নাই৷