Logo
image

কৰ লৈ কন্দল! নগৰ উন্নয়নমন্ত্ৰী সিংঘালৰ পদত্যাগ দাবী সিদ্ধাৰ্থৰ

গেমন আহিল পানী নাপালোঁ, আকৌ ব্যক্তিগত প্ৰতিষ্ঠানক কৰ সংগ্ৰহৰ দায়িত্ব কিয়ঃ ৰমেন্দ্ৰ নাৰায়ণ কলিতা

আমাৰ অসম, ২১ ছেপ্টেম্বৰঃ গুৱাহাটীবাসীৰ পৌৰ সম্পত্তি কৰ সংগ্ৰহৰ বাবে ব্যক্তিগত প্ৰতিষ্ঠানক দায়িত্ব দিয়া হ’ব বুলি মন্ত্ৰী অশোক সিংঘালে ঘোষণা কৰাৰ পাছতেই ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিছে ৰাইজৰ লগতে খোদ শাসকপক্ষৰ বিধায়কৰ মাজতো৷ মন্ত্ৰী সিংঘালে ছত্তীশগড়ৰ ব্যক্তিগত প্ৰতিষ্ঠানে মাইক্ৰ’ফাইনেন্সৰ লোনৰ কিস্তি সংগ্ৰহৰ দৰে গুৱাহাটীবাসীৰ ঘৰে ঘৰে কৰ সংগ্ৰহত নমাৰ ইংগিত দিয়াত সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ গুৱাহাটীৰ বিভিন্ন সামাজিক সংগঠনে চৰকাৰক এই সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনাইছে যদিও চৰকাৰৰ একপক্ষীয় সিদ্ধান্তত গুৱাহাটী পৌৰ এলেকাৰ অন্তৰ্গত সমষ্টিৰ শাসক তথা মিত্ৰদলৰ বিধায়কসকলো ক্ষুব্ধ হৈ পৰিছে৷ এক কথাত মন্ত্ৰী সিংঘালৰ ঘোষণাৰ পাছতেই খোদ বিজেপিৰ বিধায়কেই বিদ্ৰোহৰ হুংকাৰ দিছে৷ নগৰ উন্নয়ন দপ্তৰ মন্ত্ৰী অশোক সিংঘালে কৰ সংগ্ৰহক লৈ সোমবাৰে বিধানসভাৰ চৌহদত সাংবাদিকৰ আগত মন্তব্য কৰি কৈছিল এইদৰে– ‘গুৱাহাটীত পৌৰ নিগমৰ বাসিন্দাৰ সম্পত্তি কৰ সংগ্ৰহৰ সিদ্ধান্ত লোৱা হৈছে৷ যিসকলে কৰ নিদিয়ে তেওঁলোকৰ পৰাও কৰ ল’ব লাগে৷ দেখা গৈ যে গুৱাহাটীৰ ৬০ শতাংশ মানুহে কৰ দি আছে যদিও বাকীসকলে দিয়া নাই৷ বাকীসকলৰ পৰাও কৰ সংগ্ৰহৰ চেষ্টা কৰা হ’ব৷ কৰ সংগ্ৰহৰ বাবে এতিয়ালৈকে কোনো প্ৰতিষ্ঠানক দায়িত্ব দিয়া হোৱা নাই যদিও নিবিদা আহ্বান কৰা হৈছে৷ ছত্তীশগড়, বিহাৰ, ঝাৰখণ্ড আদিত কৰ সংগ্ৰহত নিয়োজিত প্ৰতিষ্ঠানে নিবিদাত অংশ লৈছে৷ গতিকে ব্যক্তিগত কোম্পানীক কৰ সংগ্ৰহৰ দায়িত্ব দিয়া হ’ব৷’ ইয়াৰ পাছতেই মন্ত্ৰী সিংঘালৰ এই সিদ্ধান্তক একপক্ষীয় বুলি অভিযোগ কৰিছে বিজেপি-অগপৰ বিধায়কে৷ মন্ত্ৰী অশোক সিংঘালক একনায়ত্ববাদ চলাবলৈ নিদিও বুলি হুংকাৰ দি কৰ সংগ্ৰহত ব্যৰ্থতাৰ বাবে মন্ত্ৰী সিংঘালৰ পদত্যাগো দাবী কৰিছে পূব গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই৷ গুৱাহাটীৰ বিধায়ক হোৱা স্বত্বেও সম্পত্তি কৰ সংগ্ৰহৰ বিষয়টোত তেওঁৰ সৈতে কোনো আলোচনা কৰা হোৱা নাই বুলি আক্ষেপ কৰি বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই মঙলবাৰে সংবাদ মাধ্যমৰ আগত কয়–‘মই অনুভৱ কৰো গুৱাহাটী পৌৰ নিগম গঠন হোৱাৰ উদ্দেশ্য হৈছে নাগৰিকৰ বাবে উন্নয়নমূলক কাম-কাজ কৰাৰ বাবে নাগৰিকৰ পৰা কৰ-কাটল সংগ্ৰহ কৰা৷ এনে কৰ-কাটল সংগ্ৰহ কৰিবলৈ এটা ব্যৱস্থা আছে৷ এই ব্যৱস্থাত বিভিন্ন বিষয়া-কৰ্মচাৰী নিয়োজিত হৈ আছে৷ কিন্তু তৎস্বত্বেও এটা ব্যক্তিগত প্ৰতিষ্ঠানক নিবিদা দি নাগৰিকৰ পৰা কৰ-কাটল আদায় কৰাৰ সুবিধা দিব এইটোক লৈ চিন্তা-চৰ্চাৰ প্ৰয়োজন আছে৷ মই পশ্চিম গুৱাহাটীৰ বিধায়কৰ লগতে এই বিষয়ে কথা পাতিছো৷ আমি গুৱাহাটীৰ জনপ্ৰতিনিধি হোৱাৰ পাছতো পৌৰ কৰ সন্দৰ্ভত আমাৰ সৈতে কোনো আলোচনা কৰা নাই৷ আনকি এই বিষয়ে আজিলৈকে আমাক জনোৱাও হোৱা নাই৷ অথচ বিধায়ক হিচাপে আমি গুৱাহাটী পৌৰ নিগমৰ পদেন পাৰিষদ৷ আমাৰ লগত কোনো ধৰণৰ কথা নপতাকৈ একপক্ষীয় সিদ্ধান্ত লোৱা হৈছে৷ যিটো সিদ্ধান্তৰ চিন্তাৰ অৱকাশ আছে৷ ইয়াৰ পূৰ্বেও এনে পদক্ষেপ লোৱা হৈছিল৷ বাসগৃহ সমূহৰ নম্বৰপ্লেট দিয়াৰ বাবে ব্যক্তিগত প্ৰতিষ্ঠানক দায়িত্ব দিয়া হৈছিল৷ কিন্তু সেই প্ৰতিষ্ঠানটোৱে কাম কৰিব নোৱাৰি বিশৃংখলহে কৰিলে৷ সেয়েহে একপক্ষীয়ভাৱে কোনেও সিদ্ধান্ত ল’ব নালাগে৷ আমি যিসকল জনপ্ৰতিনিধি আছো সেইসকলৰ লগত আলোচনা নকৰাকে সিদ্ধান্ত লোৱাতো অন্ততঃ মোৰ বাবে গ্ৰহণ যোগ্য নহয়৷ যদিহে নাগৰিকৰ পৰা কৰ সংগ্ৰহত ব্যৰ্থ হৈছে, তেনেহ’লে সেই মন্ত্ৰীয়ে পদত্যাগ কৰা উচিত৷’ ইফালে বিজেপি বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ সুৰতে সুৰ মিলালে মিত্ৰ দল অগপৰ পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই৷ ব্যক্তিগত প্ৰতিষ্ঠানক কৰ সংগঠনৰ ঠিকা দিয়া বিষয়টোত আশ্চৰ্য প্ৰকাশ কৰি বিধায়ক কলিতাই কয়– ‘এজন ব্যৱসায়ীক আমদানি কৰি কৰ সংগ্ৰহৰ বাবে কিয় ঠিকা দিবলগীয়া হৈছে, তাক ভাবি মই আচৰিত হৈছো৷ আগতে গুৱাহাটী পৌৰ নিগমে জাৱৰ নিষ্কাষণৰ বাবে বাহিৰৰ প্ৰতিষ্ঠানক দিছিলে৷ তেওঁলোকে কি কৰিলে? গেমনক পানী যোগানৰ দায়িত্ব দিছিল, কিন্তু গেমনে কি কৰিলে সকলোৱে দেখিছে৷ এতিয়া আকৌ কৰ সংগ্ৰহৰ বাবে ব্যক্তিগত প্ৰতিষ্ঠানক ঠিকা৷ বাহিৰা প্ৰতিষ্ঠানসমূহে কি কৰিছে আমি দেখি আহিছো৷’ ইফালে, গুৱাহাটীৰ সম্পত্তি কৰ আদায় কাৰ্য আউটচ’ৰ্ছিং কৰিব বিচৰা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰিছে বৃহত্তৰ গুৱাহাটী নাগৰিক সমন্বয়ৰক্ষী সমিতি আৰু মহানগৰ উন্নয়ন সমিতি৷ গুৱাহাটী পৌৰ নিগমৰ কৰ সংগ্ৰহৰ বাবে নিজস্ব ব্যৱস্থা থকা সত্বেও ইয়াক আউট চ’ৰ্ছিং কৰাৰ উদ্দেশ্য হৈছে ৰাজ্যৰ নিবনুৱাসকলৰ নিযুক্তিৰ ক্ষেত্ৰখন সংকুচিত কৰা৷ বহিঃৰাজ্যৰ প্ৰতিষ্ঠানক গুৱাহাটীৰ সম্পত্তি কৰ আদায়ৰ দায়িত্ব দিয়াৰ সিদ্ধান্তৰ বিৰোধিতা কৰি এটা বিবৃতিত গুৱাহাটী নাগৰিক সমন্বয়ৰক্ষী আৰু মহানগৰ উন্নয়ন সমিতিৰ নেতা ক্ৰমে– বেণুধৰ বৰুৱা, টিকেন দাস, বীৰেণ শৰ্মা আৰু মছদ্দৰ হুছেইনে কয়–প্ৰকৃততে বৃহৎ কৰ্পৰেট গোষ্ঠীক গুৱাহাটীৰ সম্পত্তি কৰ সংগ্ৰহৰ দায়িত্ব দিয়াৰ বাবেহে আউটচ’ৰ্ছিঙৰ প্ৰস্তুতি চলোৱা হৈছে৷ আউটচ’ৰ্ছিঙৰ দ্বাৰা সম্পত্তি কৰ সংগ্ৰহত বাহুবলী ব্যৱস্থা প্ৰৱৰ্তন কৰিব বিচৰা হৈছে৷ কেন্দ্ৰীয় চৰকাৰৰ জাতীয় মুদ্ৰাকৰণ পাইপলাইন আঁচনিৰ দ্বাৰাই অনুপ্ৰাণিত হৈ গুৱাহাটী পৌৰ নিগমে সম্পত্তি কৰৰ আউটচ’ৰ্ছিঙৰ ব্যৱস্থা কৰিছে৷ মাত্ৰ কেইমাহ মান আগতে গুৱাহাটীবাসীয়ে নিৰ্বাচিত কৰি পঠিওৱা জনপ্ৰতিনিধিসকলে নিৰ্বাচনত সম্পত্তি কৰ সম্পৰ্কত এনে ব্যৱস্থাৰ কথা উল্লেখ কৰা নাছিল৷ এনে অৱস্থাত সম্পত্তি কৰ বৃদ্ধি আৰু আউটচ’ৰ্ছিঙৰ ব্যৱস্থা মানি ল’ব নালাগে নিৰ্বাচিত পাৰিষদসকলে৷ ৰাজ্য চৰকাৰে জন বিৰোধী, নিবনুৱা বিৰোধী, বাহুবলী ব্যৱস্থা প্ৰৱৰ্তন কৰিব নোৱাৰে তাৰ বাবে প্ৰয়োজন সাপেক্ষে ৱাৰ্ড ৱাৰ্ডে নাগৰিকে কাউন্সিলৰসকলৰ ওপৰত হেঁচা প্ৰয়োগ কৰিব লাগিব৷ বৃহত্তৰ গুৱাহাটী নাগৰিক সমন্বয়ৰক্ষী সমিতি আৰু মহানগৰ উন্নয়ন সমিতিয়ে সম্পত্তি কৰ বৃদ্ধি, সম্পত্তি কৰ সংগ্ৰহত আউটচ’ৰ্ছিং ব্যৱস্থাৰ তীব্ৰ বিৰোধিতা কৰি তীব্ৰ গণ আন্দোলন গঢ়ি তুলিব বুলিও সকীয়াই দিয়ে৷