Logo
image

পুনৰ ২৩ ছেপ্টেম্বৰত ১১ সহস্ৰাধিকক নিযুক্তি

আমাৰ অসম, ২১ ছেপ্টেম্বৰঃ ৰাজ্যৰ এক লাখ যুৱক-যুৱতীক চৰকাৰী চাকৰি প্ৰদানৰ প্ৰতিশ্ৰুতি পূৰণৰ অংশ হিচাপে অহা ২৩ ছেপ্টেম্বৰত ৰাজ্য চৰকাৰে আন ১১,২০২গৰাকী যোগ্য প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰিব৷ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আজি এই কথা সদৰি কৰি কোৱা হয় যে এই বিষয়ত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি চৰকাৰৰ বিভিন্ন বিভাগৰ উচ্ছপদস্থ বিষয়াসকলৰ সৈতে এখন বৈঠক অনুষ্ঠিত কৰি খানাপাৰাত অনুষ্ঠিত হ’বলগীয়া নিযুক্তি-পত্ৰ প্ৰদান কাৰ্যসূচী সুচাৰুৰূপে অনুষ্ঠিত কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে৷ নতুনকৈ নিযুক্তিপ্ৰাপ্ত যুৱক-যুৱতীয়ে যাতে নিৰ্ধাৰিত সময়ত চাকৰিত যোগদান কৰিব পাৰে তাৰ প্ৰতিও লক্ষ্য ৰাখিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশনা দিয়ে৷ বৈঠকত মুখ্যমন্ত্ৰীৰ সৈতে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু উপস্থিত আছিল৷ ইফালে, মঙলবাৰে বিয়লি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কাহিলীপাৰাৰ সমগ্ৰ শিক্ষা অভিযানৰ সভাকক্ষত এক সংবাদমেলৰ আয়োজন কৰি কয় যে শিক্ষা বিভাগে পুনৰ ৪,৭১৭টা পদত নিযুক্তি দিব৷ অহা ২৩ ছেপ্টেম্বৰত এই বৃহৎ নিযুক্তি দিয়া হ’ব৷ নিযুক্তি পাবলগীয়া ৪,৭১৭টা পদৰ ভিতৰত বিদ্যালয় শিক্ষা বিভাগৰ অধীনত ৩,৮১১টা, উচ্ছ শিক্ষাত ৮০৩টা আৰু কাৰিকৰী শিক্ষাত ১০৩টা পদত নিযুক্তি দিয়া হ’ব৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰথম বৰ্ষতে শিক্ষা বিভাগত ইতিমধ্যে ১২,৮১৫জন শিক্ষকক নিযুক্তি দিয়া হৈছে৷ পুনৰ এক বৃহৎ নিযুক্তিৰ বাবে শিক্ষা বিভাগ সাজু হৈছে৷ ২৩ ছেপ্টেম্বৰত নিযুক্তি হ’বলগীয়া সৰহ সংখ্যকেই হ’ব শিক্ষক৷ শিক্ষা বিভাগৰ লগতে বিভিন্ন বিভাগৰ অধীনত এই নিযুক্তি হ’ব৷ শিক্ষা বিভাগত নিযুক্তি লাভ কৰিবলগীয়া শিক্ষকৰ ভিতৰত মাধ্যমিক পৰ্যায়ত গ্ৰেছ নম্বৰ পাই টেট উত্তীৰ্ণ হোৱা ১,২৯৪ জন প্ৰাৰ্থীও আছে৷ সংবাদমেলত শিক্ষামন্ত্ৰীয়ে কয় যে আইনী বাধাৰ বাবে বিগত সময়ত হাইস্কুলত নিযুক্তিৰ বাবে বাছনিকৃত এইসকল প্ৰাৰ্থীক নিযুক্তি প্ৰদান কৰিব পৰা হোৱা নাছিল৷ উচ্ছ ন্যায়ালয়ৰ চূড়ান্ত ৰায়দান হোৱা নাই যদিও উক্ত নিযুক্তি সম্পৰ্কীয় গোচৰত ৰাজ্য চৰকাৰ জয়ী হ’ব বুলি শিক্ষামন্ত্ৰীয়ে আশা প্ৰকাশ কৰে৷ সেইবাবেই গ্ৰেছ মাৰ্কপ্ৰাপ্ত মাধ্যমিক টেট উত্তীৰ্ণসকলৰ নিযুক্তিৰ দিহা কৰিছে ৰাজ্য চৰকাৰে৷ ৭২২ জন কলেজ শিক্ষককো নিযুক্তি দিয়া হ’ব৷ অসমত ২০১১ চনৰ পৰা শিক্ষা খণ্ডত ব্যাপক পৰিৱৰ্তন হোৱা বুলি উল্লেখ কৰি শিক্ষামন্ত্ৰীয়ে কয় যে ২০১১ চনৰ পৰা এতিয়ালৈকে শিক্ষা বিভাগত ২ লাখতকৈ অধিক নিযুক্তি হৈছে৷ শিক্ষা বিভাগে দুমাহৰ ভিতৰত এখন শ্বেতপত্ৰ প্ৰকাশ কৰিব৷ শ্বেতপত্ৰত শিক্ষা বিভাগৰ সকলো দিশ সন্নিবিষ্ট হ’ব আৰু তথ্য সমৃদ্ধ হ’ব৷ বিদ্যালয় একত্ৰীকৰণ সন্দৰ্ভতো শিক্ষামন্ত্ৰীয়ে মন্তব্য কৰে৷ তেওঁ কয় যে চৰকাৰে ১,৭১০ খন বিদ্যালয় একত্ৰীকৰণৰ প্ৰস্তাৱ লৈছে৷ ইয়াৰ ভিতৰত প্ৰায় ৩০০ একত্ৰীকৰণৰ বিৰোধিতা কৰা ৰাজহুৱা আবেদন আহিছে৷ শিক্ষা বিভাগৰ এখন উচ্ছস্তৰীয় সমিতিয়ে এই আবেদনবোৰ পুংখানুপুংখভাৱে বিবেচনা কৰি আছে৷ শিক্ষা অধিকাৰ আইন অনুসৰি চৰকাৰে সিদ্ধান্ত ল’ব বুলি তেওঁ কয়৷ শিক্ষক বদলিকৰণ প্ৰক্ৰিয়া সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে কাম কৰিব পৰা সুচল স্থানত শিক্ষক-শিক্ষয়িত্ৰীসকলক সংস্থাপনৰ বিষয়টোক গুৰুত্ব প্ৰদান কৰা হৈছে৷ ইফালে একাংশ কলেজ শিক্ষকৰ ভুৱা পি এইচ ডি ডিগ্ৰী সম্পৰ্কীয় তদন্ত সন্দৰ্ভত শিক্ষামন্ত্ৰীয়ে আজি কয় যে বিশেষজ্ঞৰ দ্বাৰা ইয়াৰ তদন্ত হ’ব৷ যিসকলৰ পি এইছ ডি বা অন্য ডিগ্ৰীক লৈ সন্দেহৰ প্ৰশ্ন উঠিছে, সেইসকলে ডিগ্ৰী অৰ্জন কৰা সংশ্লিষ্ট বিশ্ববিদ্যালয়ৰ সৈতে যোগাযোগ কৰি শিক্ষা বিভাগে প্ৰতিবেদন বিচাৰিছে৷