Logo
image

ৰাহুলৰ কাষত সুন্দৰী! কুৎসা বিয়পাই অস্বস্তিত বিজেপি

আমাৰ অসম, ২১ ছেপ্টেম্বৰঃ কংগ্ৰেছ দলৰ নেতৃত্বত কন্যাকুমাৰীৰ পৰা আৰম্ভ হোৱা ভাৰত জোড়ো যাত্ৰাত বিজেপিয়ে সৰ্বদিশৰ পৰা ইমানেই ব্যাঘাত ঘটাবলৈ চেষ্টা কৰিছে, যিবোৰ পদক্ষেপ এতিয়া প্ৰাচীন কালত ঋষি মূনিৰ তপস্যা ভংগ কৰিবলৈ অসূৰ বা ৰাক্ষসে ব্যৱহাৰ কৰা মায়াবী পদক্ষেপৰ দৰে হৈ পৰিছে৷ ভাৰত জোড়োৰ আৰম্ভণিতে আগশাৰীৰ বিজেপি নেতাই ৰাহুল গান্ধীক ভাৰতৰ সৈতে পাকিস্তান আৰু বাংলাদেশকো সাঙুৰি ল’বলৈ পৰামৰ্শ দিছিল৷ বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ ভাৰত ভ্ৰমণকালত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিয়া সেই পৰামৰ্শই নতুন দিল্লী আৰু ঢাকা উভয়কে অস্বস্তিত পেলাইছিল৷ এইবাৰ তামিলনাডুৰ বিজেপি দলৰ আইটি চেলৰ মুৰব্বী চিটিআৰ নিৰ্মল কুমাৰে যি কাণ্ড কৰিছে সেই ঘটনাই কেৱল কংগ্ৰেছকে ক্ষোভিত কৰা নাই, স্বয়ং বিজেপিকো লজ্জানত কৰিছে৷ নিৰ্মল কুমাৰে তেওঁৰ টুইটাৰ হেণ্ডলত এগৰাকী সুন্দৰী কিশোৰীৰ সৈতে ৰাহুল গান্ধী ঘনিষ্ঠভাৱে বহি থকা এখন ফটো আপলোড কৰিছে আৰু এই ফটো ভাৰত জোড়ো যাত্ৰাৰ সময়ৰ বুলি দাবী কৰি যৌনগন্ধী মন্তব্য কৰিছে৷ ফটোখনত ৰাহুল গান্ধীয়ে কিশোৰীগৰাকীৰ হাত এখন ধৰি আছে আৰু কিশোৰীগৰাকীয়ে তেওঁৰ ভৰি দুয়োটাৰে ৰাহুল গান্ধীৰ ভৰিত ভেজা দি আছে৷ এই ফটোখন তামিলনাডুৰ বিজেপি দলৰ আইটি চেলৰ মুৰব্বী নিৰ্মল কুমাৰে টুইটাৰত আপলোড কৰি লিখিছে–‘খুউব সুখেৰে কংগ্ৰেছ নেতাজনে ছোৱালীৰ হাতত হেনা লগাই আছে আৰু শিশুৰ সৈতে বাটে পথে খেলা ধুলা কৰি আছে৷ তেওঁৰ সৈতে এই যাত্ৰাত একেলগে যোৱা বাকী দহজন লোকলৈহে দুখ লাগিছে৷’ নিৰ্মল কুমাৰে এই ফটো আৰু যৌনগন্ধী মন্তব্য দিয়াৰ পাছতে টুইটাৰত হুলস্থূল আৰম্ভ হয়৷ হুলস্থূল বা প্ৰতিক্ৰিয়াৰ কাৰণ কেৱল নিৰ্মল কুমাৰে দিয়া যৌনগন্ধী মন্তব্যৰ বাবেই নাছিল৷ প্ৰতিক্ৰিয়াৰ মূল কাৰণ হ’ল–ফটোত থকা কিশোৰীগৰাকী হৈছে ৰাহুল গান্ধীৰ নিজৰ ভাগিনীয়েক মিৰায়া ভদ্ৰা আৰু ফটোখন কেইবাবছৰো পুৰণি, অৰ্থাৎ কংগ্ৰেছৰ সাম্প্ৰতিক ভাৰত জোড়ো যাত্ৰাৰ নহয়৷ ২০১৫ চনৰ ২০ আগষ্টত ৰাজীব গান্ধীৰ ৭১ সংখ্যক জন্মদিনৰ এটা অনুষ্ঠানত মামাক ৰাহুল গান্ধীৰ সৈতে ভাগিনীয়েক অৰ্থাৎ প্ৰিয়ংকা গান্ধীৰ কন্যা একেলগে বহি আছিল, য’ত প্ৰাক্তন প্ৰধানমন্ত্ৰী ড॰ মনমোহন সিং, ছোনিয়া গান্ধী ইত্যাদিও আছিল৷ সেই গ্ৰুপ ফটোৰ পৰা ৰাহুল আৰু ভাগিনীয়েক মিৰায়াৰ ফটোখন কাটি আনি তামিলনাডুৰ বিজেপি নেতাজনে এনেদৰে আপত্তিজনকভাৱে টুইট কৰাৰ ঘটনাই সভ্য সমাজক লজ্জিত কৰিছে৷ বিজেপি নেতাজনৰ মতে ৰাহুল গান্ধীয়ে ভাৰত জোড়ো যাত্ৰাত এনেদৰে কিশোৰীৰ সৈতে লীলা-খেলা [ফ্লাটিং] চলাই আছে৷ এজন ৰাজনীতিকৰ মানসিকভাৱে কিমান স্খলন ঘটিলে এনেদৰে মামাক-ভাগিনীয়েকৰ ফটোক লৈ কুৎসা ৰটনা কৰিব পাৰে সেয়া তামিলনাডুৰ বিজেপি নেতাজনে এই কাৰ্যৰে দেশবাসীক বুজাই দিছে৷

এই ঘটনাত ক্ষোভিত হৈ তামিলনাডুৰ কংগ্ৰেছ নেতা আদিত্য গোস্বামীয়ে নিৰ্মল কুমাৰৰ বিৰুদ্ধে চাইবাৰ অপৰাধ আইনৰ অধীনত গোচৰ তৰিছে৷ তামিলনাডুৰ বিত্তমন্ত্ৰী পি থিয়াগা ৰাজনে বিজেপি নেতা নিৰ্মল কুমাৰৰ এই কাৰ্য নিকৃষ্ট মানসিকতা বুলি অভিহিত কৰি কৈছে যে এই কাম নিৰ্মল কুমাৰে তেওঁৰ শীৰ্ষ নেতৃত্বৰ নিৰ্দেশতে কৰিছে আৰু তাৰবাবে তেওঁক পুৰষ্কৃত কৰা হ’ব৷ ইপিনে দেশজুৰি নিন্দিত হৈয়ো দমি নোযোৱা আৰু ভুল স্বীকাৰ নকৰা বা ক্ষমা নিবিছৰা নিৰ্মল কুমাৰে তেওঁৰ টুইটটো ডিলিট কৰিও আত্মপক্ষ সমৰ্থন কৰি কৈছে–‘ৰাহুল গান্ধী কিমান বালকসূলভ, সেয়া প্ৰমাণ কৰাৰ বাবেহে এই ফটোখন দিছো৷ এয়া ৰসিকতাহে, আন একো নহয়৷’