Logo
image

মূৰ দাঙি উঠোঁতেই অভব্যতাৰ অভিযোগেৰে জৰ্জৰ ভ্ৰাম্যমাণ থিয়েটাৰ

আমাৰ অসম, ২১ ছেপ্টেম্বৰঃ প্ৰায় দুবছৰ ধৰি ক’ভিড আৰু লকডাউনে কঁকাল বেঁকা কৰি পেলাইছিল ৰাজ্যৰ ভ্ৰাম্যমাণ থিয়েটাৰ উদ্যোগৰ৷ চৰকাৰৰ সহায় আৰু ৰাইজৰ সঁহাৰিয়ে ভ্ৰাম্যমাণ উদ্যোগক মূৰ দাঙি উঠাত সহায় কৰিছিল৷ বিপদকালীন সময়ছোৱা অতিক্ৰম কৰি কোনোমতে মূৰ দাঙিছিলহে ভ্ৰাম্যমাণ থিয়েটাৰ জগতখনে৷ তেনেতে আহিল অভিযোগৰ ধুমুহা৷ এটাৰ পাছত আন এটা গুৰুতৰ অভিযোগত জৰ্জৰ হৈ পৰিল ভ্ৰাম্যমাণ থিয়েটাৰ জগত৷ আটাইতকৈ বেছি স্পৰ্শকাতৰ অভিযোগ হৈছে অশ্লীলতা আৰু অভব্য-অবাঞ্ছিত আচৰণৰ৷ ভ্ৰাম্যমাণৰ কেইখনমান নাটকক লৈ দুৰ্ঘোৰ আপত্তি দৰ্শাইছে হিন্দুত্ববাদী শিবিৰে৷ ইফালে, জনপ্ৰিয় অভিনেত্ৰী তথা ভ্ৰাম্যমাণৰ প্ৰযোজক প্ৰস্তুতি পৰাশৰৰ বিৰুদ্ধে অৰ্ধনগ্ন ফটোৰে শ্বহীদ বেদীৰ কাষত আবাহন থিয়েটাৰৰ প্ৰচাৰ চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে৷ উল্লেখ্য, অহা ২৪ ছেপ্টেম্বৰৰ পৰা গুৱাহাটীৰ গণেশগুৰিত আবাহন থিয়েটাৰে নাট প্ৰদৰ্শন কৰিব৷ সেইসূত্ৰেই গণেশগুৰিৰ গণেশ মন্দিৰৰ শ্বহীদ বেদীৰ মূল প্ৰৱেশদ্বাৰ বন্ধ কৰি প্ৰস্তুতি পৰাশৰৰ বৃহৎ কাট-আউট লগাইছে আবাহন থিয়েটাৰে৷ স্থানীয় ৰাইজে অভিযোগ কৰিছে যে প্ৰস্তুতি পৰাশৰৰ এই কাটআউট অৰ্ধনগ্ন, আৰু শ্বহীদ বেদীৰ কাষত এনেধৰণৰ কাটআউট একেবাৰেই অবাঞ্ছিত আৰু অশোভনীয়৷ এই সন্দৰ্ভত স্থানীয় সচেতন লোকে থিয়েটাৰৰ আয়োজক গোষ্ঠী গণেশগুৰি যুৱ সংঘৰ বিষয়ববীয়াৰ সৈতে যোগাযোগ কৰিছে যদিও আয়োজক গোষ্ঠীয়ে এই গোটেই বিষয়টো প্ৰস্তুতি পৰাশৰৰ নেতৃত্বাধীন আবাহন থিয়েটাৰ কতৃৰ্পক্ষলৈ ঠেলি দি গোটেই বিষয়টোত অজ্ঞতা প্ৰকাশ কৰিছে৷ ইয়াৰ পাছতে ক্ষুব্ধ ৰাইজে শ্বহীদ বেদীৰ মূল প্ৰৱেশদ্বাৰৰ সন্মুখত আবাহন থিয়েটাৰে লগাই দিয়া প্ৰস্তুতি পৰাশৰৰ অৰ্ধনগ্ন কাটআউট নমাই দিয়ে৷ শ্বহীদ আৰু শ্বহীদ বেদীক অপমান কৰা এনে কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰিছে সচেতন ৰাইজে৷ আনহাতে, ভ্ৰাম্যমাণ থিয়েটাৰৰ কেইখনমান নাটকৰ নামক লৈ সনাতন সংস্কৃতি হিন্দু সমাজ নামৰ সংগঠনটোৱে লুইতপৰীয়া থিয়েটাৰৰ প্ৰযোজক ছাঞ্চুমা বসুমতাৰীক ভাবুকি দিয়া কাৰ্যক গৰিহণা দিছে সদৌ অসম ভ্ৰাম্যমাণ থিয়েটাৰ প্ৰযোজক সংস্থাই৷ মঙলবাৰে গুৱাহাটীৰ দিছপুৰ প্ৰেছ ক্লাবত আয়োজিত এখন সংবাদমেলত প্ৰযোজক সংস্থাৰ সভাপতি বংকিম ৰায় মেধি, সম্পাদক নজৰুল ইছলামৰ উপৰি প্ৰযোজক ক্ষীৰোদ খনিকৰ, ছাঞ্চুমা বসুমতাৰীয়ে কয়– ‘ধ্ৰুৱজ্যোতি শৰ্মা ৰচিত ‘বিষাক্ত সেন্দূৰৰ ফোঁট’ নামৰ নাটকখনৰ নামক লৈ বিষোদগাৰ কৰিছে সনাতন সংস্কৃতি হিন্দু সমাজ নামৰ সংগঠনটোৱে৷ সংগঠনটোৰ প্ৰচাৰ সম্পাদক বলেন পাঠকে নাটকখনৰ নাম সলনি কৰাৰ দাবী জনাইছে আৰু সেয়া নকৰিলে লুইতপৰীয়া থিয়েটাৰৰ প্ৰযোজকক ভাবুকি দিয়াৰ লগতে পেণ্ডেল জ্বলাই দিয়াৰ হুংকাৰ দিয়াৰ উপৰি নাট্যকাৰৰ ভৰি কাটি দিয়া হ’ব বুলি ভাবুকি দিছে৷ ইয়াৰ পূৰ্বে ‘পৰশুৰামৰ প্ৰেম’ নামৰ নাটকখনৰ ক্ষেত্ৰতো অনুৰূপ ভূমিকা গ্ৰহণ কৰিছিল হিন্দুত্ববাদী সংগঠনে৷ প্ৰযোজক সংস্থাই এই বিষয়ত জৰুৰী হস্তক্ষেপ কামনা কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী, সাংস্কৃতিকমন্ত্ৰী আৰু আৰক্ষী সঞ্চালকপ্ৰধানলৈ পত্ৰ প্ৰেৰণ কৰিছে৷ নাটকৰ নামক লৈ ভাবুকি দিয়া কাৰ্যক আমি গৰিহণা দিছোঁ৷ ধৰ্মক হিংসাৰ মাজলৈ টানি আনিব নালাগে৷ কোনোবাই যদি ধৰ্মক আঘাত কৰা বুলি ভাবে, তেন্তে নাট্যকাৰ আৰু প্ৰযোজকেৰে আলোচনা কৰি সমাধানৰ পথ উলিয়াব পাৰে৷ ভাবুকি দিয়া লোকসকলক বিচাৰি উলিয়াই তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে আমাক সুৰক্ষা দিবৰ বাবে আমি চৰকাৰক দাবী জনালোঁ৷ লগতে আমি চৰকাৰক ভ্ৰাম্যমাণ থিয়েটাৰ সম্পৰ্কত সুকীয়া আইন বা নিয়মাৱলী প্ৰস্তুত কৰিবৰ বাবেও দাবী জনালোঁ৷ আমি কেতিয়াও ধৰ্মক আঘাত কৰি নাট প্ৰদৰ্শন কৰা নাই আৰু ভৱিষ্যতেও নকৰোঁ৷ প্ৰযোজক সংস্থাৰ অন্তৰ্গত থিয়েটাৰ দলসমূহে ধৰ্ম, ভাষা, সাহিত্য, সংস্কৃতি আৰু সমাজ জীৱনৰ ক্ষতি হোৱা কোনো কামেই নকৰে৷’ লক্ষণীয়ভাৱে শ্বহীদ বেদীৰ সন্মুখত অৰ্ধনগ্ন ফটো অঁৰা আৰু ধৰ্মীয় অনুভূতিত আঘাত হনা ধৰণৰ নামেৰে নাটক ৰচনা কৰাৰ উপৰি ভ্ৰাম্যমাণ থিয়েটাৰত পূৰ্বৰ দৰেই এইবাৰো উত্থাপিত হৈছে নকল নাটক আৰু নকল গীতৰ পয়োভৰ ঘটাৰ গুৰুতৰ অভিযোগ৷ সেয়া আন এটা বৃহৎ অধ্যায়৷ অৱশ্যে এই সন্দৰ্ভত ভ্ৰাম্যমাণ প্ৰযোজক সংস্থাই এতিয়ালৈকে টু শব্দও উচ্ছাৰণ কৰা নাই৷