Logo
image

ৰাণাদাৰ জন্মদিনৰ দিনাই মৃত্যু প্ৰিয় গীটাৰিষ্টৰ

আমাৰ অসম, ২১ ছেপ্টেম্বৰঃ ৰাজ্যজুৰি মঙলবাৰে যশস্বী গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালক জয়ন্ত হাজৰিকাৰ ৭৯সংখ্যক ওপজা দিন পালন কৰা হয়৷ যশস্বী শিল্পী জয়ন্ত হাজৰিকাক ৰাজ্যৰ বিভিন্ন সাংস্কৃতিক অনুষ্ঠান, অনুৰাগীসকলে গীতে-মাতে স্মৰণ কৰে৷ ইফালে স্বনামধন্য শিল্পীজনৰ ওপজা দিনৰ দিনাই দেহাৱসান ঘটে বিশিষ্ট গীটাৰবাদক, মেণ্ডলিনবাদক, জনী যোছেফৰ৷ জয়ন্ত হাজৰিকাৰ ‘মায়াময় ৰূপালী জোনাক’কে ধৰি কেইবাটাও জনপ্ৰিয় গীতৰ সুৰকাৰ জনী যোছেফে অসমৰ সংগীতৰ ক্ষেত্ৰখনক শোকস্তব্ধ কৰি মঙলবাৰে নীৰৱে আঁতৰি গ’ল৷ অসমীয়া সংগীতক এক নতুন মাত্ৰা দিয়া প্ৰখ্যাত সংগীতজ্ঞ, বেহেলা-মেণ্ডোলিনবাদক জনী যোছেফৰ সোমবাৰে নিশা গুৱাহাটীৰ বিৰুবাৰীৰ নিজা বাসভৱনত মৃত্যু হয়৷ ৩৩ বছৰ আকাশবাণী গুৱাহাটীত কাৰ্যনিৰ্বাহ কৰা সংগীতজ্ঞগৰাকীয়ে কেইবাটাও কালজয়ী অসমীয়া গীতত সুৰ দিছিল৷ জয়ন্ত হাজৰিকাৰ অতি ঘনিষ্ঠ যোছেফেই সুৰ কৰা ‘মায়াময় ৰূপালী জোনাক’ শীৰ্ষক গীতটো প্ৰজন্মৰ পৰা প্ৰজন্মলৈ অতি প্ৰিয় গীত৷ উল্লেখ্য, দ্বিতীয় মহাসমৰৰ সময়ত বাৰ্মাৰ পৰা আহি মহানগৰীৰ বিৰুবাৰীত নিগাজিকে থাকিবলৈ লোৱা জ’নী যোছেফ আছিল পৰিয়ালৰ জ্যেষ্ঠ সন্তান৷ অসমত থাকি অসমৰ বায়ু-পানী, সংস্কৃতি গ্ৰহণ কৰি অসমীয়া সংস্কৃতিৰ সাধনা কৰা জনী যোছেফে পৰৱৰ্তী সময়ত আকাশবাণী গুৱাহাটীত চাকৰি কৰিছিল৷ এই সময়তে তেওঁ সুৰেৰে সজোৱা বহুকেইটা গীত গণশিল্পী প্ৰয়াত খগেন মহন্তৰ ধৰি বহুকেইগৰাকী শিল্পীয়ে কণ্ঠ দিছিল৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮০ বছৰ৷ বিশিষ্ট সংগীত শিল্পী জ’নী যোছেফৰ গুৱাহাটীৰ নৱগ্ৰহৰ শ্মশানত শেষকৃত্য সম্পন্ন কৰা হয়৷ তেওঁৰ মৃত্যুত ৰাজ্যৰ সাংস্কৃতিক জগতত শোকৰ ছাঁ পৰে৷ ইফালে, ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে গুৱাহাটীৰ চানমাৰিস্থিত শ্বহীদ উদ্যানত থকা জয়ন্ত হাজৰিকাৰ প্ৰতিমূৰ্তিত সুৰ বাহিনীৰ উদ্যোগত শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে স্মৰণ কৰা হয় শিল্পীগৰাকীক৷ জয়ন্ত হাজৰিকাক স্মৰণ কৰি পত্নী, সংগীত শিল্পী মনিষা হাজৰিকা আৱেগিক হৈ পৰে৷ পৰিয়ালৰ লোকৰ উপস্থিতিত জয়ন্ত হাজৰিকাক স্মৰণ কৰি বহু গুণমুগ্ধই শ্ৰদ্ধাঞ্জলি জনায়৷ অনুষ্ঠানত গীতিকাৰ মঞ্জুলা হাজৰিকা, বিশিষ্ট সংগীত শিল্পী জে পি দাসকে ধৰি বহু শিল্পী উপস্থিত থাকে৷ সেইদৰে জয়ন্ত হাজৰিকাৰ জন্মদিৱসত কলকাতাৰ শিল্পী লোপামূদ্ৰা মিত্ৰক জীৱন জোৰা সাধনা বঁটা প্ৰদান কৰে সাংস্কৃতিক মন্ত্ৰী বিমল বড়াই৷ ব্যতিক্ৰম মাছডোৱে মঙলবাৰে গুৱাহাটীৰ মাছখোৱাৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত আয়োজন কৰা সংগীত শিল্পী জয়ন্ত হাজৰিকাৰ ৭৯সংখ্যক জন্ম দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি সাংস্কৃতিক মন্ত্ৰী বিমল বড়াই জয়ন্ত হাজৰিকাৰ গীতে আমাৰ মনক যুগে যুগে অনুৰণিত কৰি থাকিব বুলি আশা প্ৰকাশ কৰে৷ আনন্দৰাম ঢেকিয়াল ফুকন, আনন্দৰাম বৰুৱা আদিৰ সৈতে কম বয়সতে জীৱন নাট সামৰা ক্ষণজন্মা পুৰুষসকলৰ সৈতে জয়ন্ত হাজৰিকাকো একে শাৰীতে ৰাখিব পাৰি বুলি মন্ত্ৰী বড়াই তেওঁৰ ভাষণত কয়৷ এই অনুষ্ঠানতে মন্ত্ৰী বড়াই শিল্পী মনিষা হাজৰিকা, অভিনেতা প্ৰাঞ্জল শইকীয়া আদিৰ সহযোগত পশ্চিম বংগৰ শিল্পী লোপামূদ্ৰা মিত্ৰক জয়ন্ত হাজৰিকা ব্যতিক্ৰম জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰে৷ ইয়াৰ পূৰ্বে অক্টোবৰত প্ৰকাশ পাবলগীয়া জয়ন্ত হাজৰিকা শীৰ্ষক স্মৃতিগ্ৰন্থখনৰ বেটুপাতো সকলোৰে সহযোগত উন্মোচন কৰে৷ অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত আয়োজিত অনুষ্ঠানত শিল্পী লোপামূদ্ৰা মিত্ৰ আৰু মনিষা হাজৰিকাই সংগীত পৰিৱেশন কৰে৷ আনহাতে স্বৰাঞ্জলীৰ উদ্যোগত মঙলবাৰে জয়ন্ত হাজৰিকাৰ ৭৯সংখ্যক ওপজা দিনত ‘আকৌ নতুন প্ৰভাত হ’ব’ শীৰ্ষক সংস্কৃতিক অনুষ্ঠান গুৱাহাটীৰ লোকনিৰ্মাণ বিভাগৰ সন্মিলন আৰু প্ৰশিক্ষণ কেন্দ্ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়৷ সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীত যশস্বী শিল্পী জয়ন্ত হাজৰিকাক ওপজা দিনত স্মৰণ কৰাৰ লগতে জ’নী যোছেফৰ প্ৰতিও শ্ৰদ্ধা জনোৱা হয়৷