Logo
image

এনজিঅ’ৰ পৰাও দান বিচাৰিলে চৰকাৰে

আমাৰ অসম, ২১ ছেপ্টেম্বৰঃ প্ৰাক্তন শিক্ষাৰ্থী আৰু অভিভাৱকৰ পৰা শিক্ষানুষ্ঠানৰ অভাৱ দূৰ কৰাৰ বাবে বিদ্যাঞ্জলি আঁচনিৰ নামত সা-সামগ্ৰীৰ বৰঙণি বিচৰাৰ পাছত এইবাৰ এনজিঅ’ৰ পৰা শিক্ষানুষ্ঠানলৈ দান বিচাৰিলে চৰকাৰে৷ এক কথাত ঠিকাদাৰৰূপী এনজিঅ’ৰ পৰা অংগনবাড়ী কেন্দ্ৰৰ আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে বিচাৰিছে এই অনুদান৷ এই উদ্দেশ্যেৰে ৰাজ্য চৰকাৰৰ সমাজ কল্যাণ বিভাগে অংগনবাড়ী কেন্দ্ৰত খাদ্য-সামগ্ৰী যোগানৰ ঠিকা লাভ কৰা এনজিঅ’ৰূপী ঠিকাদাৰী প্ৰতিষ্ঠানসমূহক নিজ নিজ অংগনবাড়ী কেন্দ্ৰসমূহ মেৰামতি তথা সা-সামগ্ৰীৰ অভাৱৰ দায়িত্ব লোৱাৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে৷ অৰ্থাৎ এতিয়াৰে পৰা সমাজকল্যাণ বিভাগৰ অধীনৰ ঠিকাদাৰসকলে অংগনবাড়ী কেন্দ্ৰসমূহলৈ প্ৰয়োজনীয় অনুদান আগবঢ়াই চোৱা-চিতাৰ সমষ্ট দায়িত্ব ল’ব লাগিব৷ ইতিপূৰ্বে বিত্তমন্ত্ৰী অজন্তা নেওগৰ নেতৃত্বাধীন সমাজ কল্যাণ বিভাগে এছএনপি আঁচনিৰ লগতে অন্যান্য ঠিকাদাৰী যোগানীয়া এনজিঅ’সমূহক বিভাগীয় ৱেবছাইটত নাম পঞ্জীয়ন কৰি কোন এনজিঅ’ই কিমানটা অংগনবাড়ী কেন্দ্ৰত সা-সুবিধা প্ৰদানৰ বাবে অনুদান আগবঢ়াব তাৰ তালিকা উপলব্ধ কৰিবলৈও নিৰ্দেশ দিয়ে৷ এই সন্দৰ্ভতে সোমবাৰে সমাজ কল্যাণৰ সঞ্চালক বিভাস মোদীয়ে এছ এন পি আঁচনিৰ ঠিকাদাৰী ৪৯টা এন জি অ’ৰ কতৃৰ্পক্ষৰ সৈতে বৈঠকত মিলিত হয়৷ এই বৈঠকতে সঞ্চালকে সকলো এনজিঅ’কে মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে সাধ্য অনুযায়ী ৰাজ্যৰ অংগনবাড়ী কেন্দ্ৰসমূহলৈ বিভিন্ন প্ৰকাৰে সহায়-সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়৷ কোনো অংগনবাড়ী কেন্দ্ৰ যদিহে মেৰামতিৰ অভাৱত জহি-খহি গৈছে, তেনে কেন্দ্ৰসমূহক সজাই পৰাই তুলিবলৈও আহ্বান জনাইছে৷ বিভাগীয় মূৰব্বীৰ এনে কৌশলপূৰ্ণ নিৰ্দেশত এতিয়া বিবুদ্ধিত পৰিছে একাংশ এনজিঅ’৷ যদিও ইয়াক স্বেচ্ছামূলক বুলি কোৱা হৈছে কিন্তু এনজিঅ’সমূহে অংগনবাড়ী কেন্দ্ৰৰ আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে অনুদান আগনবঢ়ালে পৰৱৰ্তী সময়ত বিভাগৰ কাম নোপোৱাৰো আশংকাত ভুগিছে৷ কিয়নো সমাজ কল্যাণ বিভাগত দিছপুৰৰ আশীৰ্বাদপুষ্ট জনৈক সাহা, দাস, ফুলভগৰ উপাধিৰ ঠিকাদাৰে বিভিন্নজনৰ নামত প্ৰায় ১১টা এন জিঅ’ৰ জৰিয়তে কোটি কোটি টকাৰ খাদ্য-সামগ্ৰী যোগান ধৰি অহাত সংশ্লিষ্ট ঠিকাদাৰকেইজনে অংগনবাড়ী কেন্দ্ৰ মেৰামতি কৰি দিয়াৰ দায়িত্ব লৈছে যদিও আন সৰু-সুৰা ঠিকাদাৰী এনজিঅ’সমূহে এতিয়া চৰকাৰৰ নিৰ্দেশক লৈ সমস্যাত পৰা বুলিহে প্ৰকাশ কৰিছে৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশক অৱজ্ঞা কৰি অংগনবাড়ী কেন্দ্ৰৰ চোৱাচিতাৰ দায়িত্ব নল’লে ভৱিষ্যতে বিভাগৰ ৰোষত পৰাৰ আশংকাত চিন্তিত হৈ পৰা বুলিও অভিযোগ কৰিছে একাংশ এনজিঅ’ কৰ্তৃপক্ষই৷ অৱশ্যে অনুদান আগবঢ়োৱা বিষয়টো সমাজ কল্যাণ বিভাগে স্বেচ্ছামূলক বুলি ক’লেও ই যে একপ্ৰকাৰ বাধ্যতামূলক নিৰ্দেশ সেয়া নক’লেও স্পষ্ট হৈ পৰিছে৷ স্বাভাৱিকতেই  বিদ্যাঞ্জলি আঁচনিৰ পাছত সমাজকল্যাণৰ ঠিকাদাৰী প্ৰতিষ্ঠানক শিক্ষানুষ্ঠানৰ অভাৱ-সমস্যা দূৰ কৰিবলৈ নিৰ্দেশ দিয়াত অসম চৰকাৰৰ ৰাজকোষতো যে ধনৰ অভাৱ ঘটিছে তাকো যেন প্ৰতীয়মান কৰিছে৷