Logo
image

জনজাতিকৰণ নহ’লে কি মুখ লৈ ৰাইজৰ কাষ চাপিম! বিধায়ক তেৰছ

আমাৰ অসম, ২১ ছেপ্টেম্বৰঃ ৰাজ্যৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ সৰৱ শাসকীয় দলৰ দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালা৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ কেবিনেটে দেশৰ ১৫টা জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা দি ৰাজ্যৰ ৬টা জনগোষ্ঠীক জনজাতিকৰণত বঞ্চনা কৰাক লৈ খোদ নিজ দলৰ চৰকাৰৰ বিৰুদ্ধে মুকলি ক্ষোভ প্ৰকাশ কৰিলে বিধায়ক গোৱালাই৷ ডিব্ৰুগড় চহৰৰ আমোলাপট্টি নাট্য মন্দিৰত অনুষ্ঠিত হোৱা অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ সাধাৰণ পৰিষদৰ সভাত অংশগ্ৰহণ কৰি আয়োজন কৰা সংবাদ মেলত বিধায়ক গোৱালাই কয়, আমাৰ চৰকাৰৰ এই কাৰ্যত মই যথেষ্ট লজ্জিত আৰু দুখ অনুভৱ কৰিছোঁ৷ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ নহ’লে আমি অহা নিৰ্বাচনত কোনখন মুখ লৈ ৰাইজৰ কাষ চাপিম৷ আমি কি বুলি নিৰ্বাচনী প্ৰচাৰ চলাম৷ যিহেতু আমি নিৰ্বাচনৰ আগতে জনজাতিকৰণৰ প্ৰতিশ্ৰুতিৰে শাসনৰ বাঘজৰী দখল কৰিছিলোঁ৷ এতিয়া ৰাইজে আমাক সুধিছে কি বুলি আমি উত্তৰ দিম৷ অতিশীঘ্ৰে এই সমস্যা সমাধান কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক দাবী জনাইছে বিধায়ক তেৰছ গোৱালাই৷ বিধায়ক গোৱালাই ক্ষোভ প্ৰকাশ কৰি কয়, এতিয়াও জনজাতিকৰণৰ বিষয়টো আগবঢ়া পৰিলক্ষিত হোৱা নাই৷ অথচ নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণ দিয়াৰ প্ৰতিশ্ৰুতিৰ বাবে ৰাইজে আমাক শাসনলৈ আনিছিল৷ এতিয়া আমি উত্তৰ দিব নোৱৰা অৱস্থা হৈছোঁ৷ আমাৰ জনগোষ্ঠীতে প্ৰায় ১০০ টামান উপ-জাতি আছে৷ ইয়াৰে কোনোৱে এছ চি, কোনোৱে আকৌ অ’বিচিত আছে৷ গতিকে আমাৰ মাজত চলোৱা এই বিভাজন প্ৰক্ৰিয়াক যথেষ্ট দুখ পাইছোঁ৷ মই যদিও শাসকীয় দলৰ বিধায়ক তথাপিও চাহ জনগোষ্ঠী ৰাইজৰ প্ৰতিটো বিপদত আছোঁ আৰু ভৱিষ্যতেও থাকিম৷ একেখন সংবাদ মেলত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি ধীৰাজ গোৱালাই শেহতীয়াকৈ ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু ৰাজ্যৰ জ্জ্ব টাকৈ আদিবাসী বিদ্ৰোহী সংগঠনৰে হোৱা শান্তি আলোচনাৰ চুক্তিত সন্নিৱিষ্ট কেইটামান দফাক বিৰোধিতা কৰিছে৷ অৱশ্যে কোনকেইটা দফাক বিৰোধিতা কৰা হৈছে বা আপত্তি আছে সেই কথা ৰাজহুৱাকৈ উল্লেখ কৰা নাই যদিও সমগ্ৰ বিষয়টোক লৈ আলোচনা অব্যাহত থকাৰ কথা আটছা নেতাজনে প্ৰকাশ কৰিছে৷ চাহ জনগোষ্ঠীয় ৰাইজৰ আপত্তি থকা দফাকেইটাক লৈ মুখ্যমন্ত্ৰীৰে আলোচনাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা সদৰি কৰিছে৷ আটছা নেতা ধীৰাজ গোৱালাই কয়, চাহ জনগোষ্ঠীৰ সমাজখন অসমৰ মাটি-পানী, বায়ুৰে সংপৃক্ত হৈ থকা দুশ বছৰ পুৰণি এটা জনগোষ্ঠী৷ কোনোৱে যদি ভাবিছে এই জনগোষ্ঠীৰ নাম শেষ কৰি দিয়া হ’ব, সেয়া কেতিয়াও সম্ভৱ নহয়৷ আমাৰ পৰিচয় কি হ’ব সেয়া আমাৰ কথা৷ আমাক কোনেও বলপূৰ্বকভাৱে জাপি দিব নোৱাৰে, আমাৰ জনগোষ্ঠীটোৰ নাম কি হ’ব? আমি য’ত ঐতিহাসিকভাৱে চাহ জনগোষ্ঠী নামেৰে প্ৰতিষ্ঠিত হৈছোঁ, সেই নামটোক লৈ কোনোৱে তাচ্ছিল্য কৰিব, ধেমালি কৰিব বা বলপূৰ্বকভাৱে নাম সলাব সেয়া আমি কেতিয়াও মানি ল’ব নোৱাৰিম৷ আমি যিকোনো পৰ্যায়লৈকে গৈ হ’লেও আমাৰ জনগোষ্ঠীৰ পৰিচয় ৰক্ষা কৰিম৷ চাহ জনগোষ্ঠীৰ লগতে অসমৰ আন জনগোষ্ঠীসমূহৰ জনজাতিকৰণৰ প্ৰসংগতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আটছাৰ নেতাজনে৷ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত ২২ ছেপ্টেম্বৰত জনতা ভৱন ঘেৰাও কৰিব ৰাজ্যৰ ছয় জনগোষ্ঠী ঐক্য মঞ্চই৷ চ্ছ ছেপ্টেম্বৰত অসম বন্ধ আৰু পৰৱৰ্তী সময়ত দিল্লীৰ যন্তৰ-মন্তৰত ৰূপায়ণ কৰা হ’ব প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী৷ অন্যহাতে, জনজাতিকৰণক লৈ বিজেপি চৰকাৰে বিভাজনৰ ৰাজনীতি চলাইছে বুলি অভিযোগ কৰি কয় চৰকাৰৰ মুখপাত্ৰৰ মতে, জনজাতিসকলে মৰাণ আৰু মটক জনগোষ্ঠীৰ জনজাতিৰণত আপত্তি নথকাৰ কথা দৰ্শাইছে৷ চুতীয়া জনগোষ্ঠীৰ ক্ষেত্ৰত আছে আংশিকভাৱে আপত্তি৷ তাই আহোম আৰু চাহ জনগোষ্ঠীৰ ক্ষেত্ৰত অনুমোদন নিদিয়ে বৰ্তমানৰ জনজাতিসকলে৷ যোৱা ১৪ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় কেবিনেটে দেশৰ ১৫টা জনগোষ্ঠীৰ জনজাতিকৰণৰ সিদ্ধান্ত লৈছে৷ যদি চৰকাৰৰ মুখপাত্ৰসকলৰ কথাই সত্য আছিল তেনেহ’লে বৰ্তমানৰ জনজাতিসকলে আপত্তি নথকা অসমৰ দুই জনগোষ্ঠী মৰাণ আৰু মটকক জনজাতিকৰণ আউটিত কিয় অনা নহ’ল৷ তাৰ পৰা এইটো কথা স্পষ্ট হৈছে যে চৰকাৰে ছয় জনগোষ্ঠীৰ মাজতো বিভাজন আনিবলৈ চেষ্টা কৰি আছে৷ তদুপৰি, জনজাতি আৰু অ-জনজাতি মূলৰ মানুহৰ মাজতো চৰকাৰে সংঘাত সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে৷ যি কাৰণত জনজাতিকৰণৰ বিষয়টো ৰাজনীতিৰ ইচ্ছু্যলৈ পৰিণত হৈ পৰিছে৷ উল্লেখ্য যে, অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ উদ্যোগত চহৰখনৰ আমোলাপট্টি নাট্য মন্দিৰত চাহ জনগোষ্ঠীৰ জাতীয় সংগঠনসমূহৰ উপস্থিতিত এখনি সাধাৰণ পৰিষদৰ সভা অনুষ্ঠিত হয়৷ আটছাৰ কেন্দ্ৰীয় সভাপতি ধীৰাজ গোৱালাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত আদৰণি ভাষণ প্ৰদান কৰে সাধাৰণ সম্পাদক জগদীশ বৰাইকে৷ সভাত অসম চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ সভাপতি তেৰছ গোৱালা, সাধাৰণ সম্পাদক অৰুণ কৱৰ, অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ প্ৰধান সম্পাদক মনিষ ঠাকুৰ, অসম চাহ মজদুৰ সংঘৰ অতিৰিক্ত সম্পাদক অমিত চাৱাছীকে ধৰি ভালেকেইজন বিষয়ববীয়া উপস্থিত থাকে৷