Logo
image

কাৰ্যকৰীকৰণৰ দিশে অসম চুক্তি! অতুল বৰা

আমাৰ অসম, ২১ ছেপ্টেম্বৰঃ অসম চুক্তিৰ সকলো দফা শীঘ্ৰে কাৰ্যকৰী হ’ব৷ অসম চুক্তিৰ ৬ নং দফা সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাৰ পৰা প্ৰতিবেদন পালেই কাৰ্যকৰীকৰণৰ দিশে আগবাঢ়িব৷ আনহাতে, আন্তঃৰাজ্যিক সীমা সমস্যাও সমাধানৰ দিশে আগবাঢ়িছে৷ –লখিমপুৰৰ অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব লাভ কৰাৰ পাছত প্ৰথমবাৰলৈ লখিমপুৰলৈ আহি এনেদৰে ব্যক্ত কৰে কৃষি, পশুপালন আৰু পশু চিকিৎসা দপ্তৰৰ মন্ত্ৰী অতুল বৰাই৷ মন্ত্ৰীজনে আজি লখিমপুৰ জিলা পুথিভঁৰালত ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেন্সন আঁচনিৰ অধীনত এককালীন আৰ্থিক সাহাৰ্য প্ৰদান আঁচনিৰ শুভাৰম্ভ কৰি তেওঁ এই মন্তব্য কৰে৷ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয় ৰাজ্যৰ সীমা সমস্যাটো ইতিমধ্যে সমাধানৰ দিশে যিদৰে আগবাঢ়িছে তেনেদৰে অসম চুক্তি ৰূপায়ণৰ বিষয়টোও সকলোৰে উমৈহতীয়া প্ৰচেষ্টাত আগবাঢ়িব বুলি মন্ত্ৰী বৰাই আশা প্ৰকাশ কৰে৷ মন্ত্ৰীজনে লখিমপুৰ জিলা পুথিভঁৰালত আনুষ্ঠানিকভাৱে তিনিজন হিতাধিকাৰীক এককালীন সাহাৰ্য বিতৰণ কৰে৷ এই আঁচনিৰ যোগেদি লখিমপুৰ জিলাৰ ৩৮০জন স্বামীহীন মহিলাক ২৫ হাজাৰ টকাকৈ এককালীন সাহাৰ্য প্ৰদান কৰা হ’ব৷ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ত্ৰিপুৰেন্দ্ৰ পাটৰে আঁতধৰা অনুষ্ঠানটোত লখিমপুৰ জিলাৰ উপায়ুক্ত সুমিত সাত্তাৱন আৰু জিলা পৰিষদৰ সভানেত্ৰী মঞ্জু বৰগোহঁাই আদি উপস্থিত থাকে৷ অনুষ্ঠানত মুখ্য অতিথিৰ ভাষণ প্ৰদান কৰে কৃষিমন্ত্ৰী অতুল বৰাই৷ তেওঁ ভাষণ প্ৰসংগত কয়– অসম চৰকাৰে মহিলা সৱলীকৰণৰ ক্ষেত্ৰত লোৱা বিভিন্ন আঁচনিৰ ভিতৰত ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেন্সন আঁচনিখন অন্যতম৷ নাৰীক সমাজিক আৰু বিত্তীয় সুৰক্ষা প্ৰদানৰ কাৰণে চৰকাৰে এই আঁচনিখন ৰূপায়ণ কৰিছে৷ সাহস ত্যাগ আৰু অসীম ধৈৰ্যৰে সমাজখনক নতুন দৃষ্টিৰে চোৱাৰ ক্ষেত্ৰত বিদুষী মহিলা ইন্দিৰা মিৰিয়ে দেখুৱাই যোৱা পথেৰে অসমৰ আই মাতৃসকল আগবাঢ়িযাব লাগিব৷ আঁচনিখনক অধিক জনমুখী কৰি জনসাধাৰণৰ মাজলৈ লৈ যাবলৈ তেওঁ ৰাইজক আহ৩ান জনায়৷ ৰাজ্য চৰকাৰে কৃষকসকলক আগবঢ়োৱা বিভিন্ন আঁচনিসমূহ যাতে ভুৱা হিতাধিকাৰীয়ে লাভ কৰিব নোৱাৰে তাৰ প্ৰতি চকু ৰাখিবলৈ জিলা উপায়ুক্তক মন্ত্ৰীজনে পৰামৰ্শ দিয়ে৷ দীৰ্ঘদিনীয়া সীমামূৰীয়া সমস্যা সমাধানৰ বাবে বিভিন্ন শান্তি আলোচনা কৰি থকাৰ কথাও তেওঁ সভাত সদৰি কৰে৷ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত শোণিতপুৰৰ পৰা পোনপটীয়াভাৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হিতাধিকাৰীসকলক অনুমোদন-পত্ৰ প্ৰদান কৰাৰ পোনপটীয়া সম্প্ৰচাৰ কৰে৷ আনহাতে, অভিভাৱক মন্ত্ৰী তথা অগপৰ সভাপতি অতুল বৰাই আজি লখিমপুৰ জিলা অগপ কাৰ্যালয়ত উপস্থিত হৈ দলীয় সাংগঠনিক ভেটি অধিক শক্তিশালী কৰিবৰ বাবে অগপৰ নেতা-কৰ্মীসকলৰ প্ৰতি আহ্বান জনায়৷