Logo
image

অসম চৰকাৰৰ উদ্যোগত শস্য কৰ্তন সমীক্ষাৰ এদিনীয়া প্ৰশিক্ষণ

আমাৰ অসম, ২১ ছেপ্টেম্বৰঃ বুধবাৰে কেন্দ্ৰীয় চৰকাৰৰ প্ৰধানমন্ত্ৰী ফচল বীমা আঁচনি (পিএমএফবিৱাই)ৰ অধীনত কৃষি বিভাগ ,অসম তথা অৰ্থনীতি আৰু পৰিসংখ্যা সঞ্চালকালয়, গুৱাহাটীৰ যুটীয়া সহযোগিতাত অৰ্থনীতি আৰু পৰিসংখ্যা সঞ্চালকালয়, প্ৰেক্ষাগৃহত শস্য কৰ্তন সমীক্ষা (Crop Cutting Experiment)ৰ সন্দৰ্ভত এদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়৷ এই কাৰ্যসূচীত অৰ্থনীতি আৰু পৰিসংখ্যা সঞ্চালকালয়ৰ সঞ্চালক নিৰুপমা তালুকদাৰ, অতিৰিক্ত সঞ্চালক জি.চি. মিলি, কৃষি বিভাগৰ যুটীয়া সঞ্চালক মৌচম হাজৰিকা, কৃষি বিভাগৰ ন’ডেল বিষয়াদ্বয় মকিবুৰ ৰহমান আৰু বিজু নাথ শৰ্মা, সংশ্লিষ্ট বিভাগ দুটাৰ অন্যান্য বিষয়ববীয়াসকলৰ লগতে বিভিন্ন জিলাৰ পৰা এই প্ৰশিক্ষণত অংশগ্ৰহণৰ উদ্দেশ্যে শস্য কৰ্তন সমীক্ষাৰ জিলা সমন্বয়কসকল উপস্থিত থাকে ৷

বানপানী, খৰাং, শস্যৰ বেমাৰ -আজাৰ, পোক- পৰুৱা আদিৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ ফলত কিছুমান জাননীকৃত শস্যৰ ক্ষেত্ৰত হোৱা ক্ষতিৰ বিপৰীতে ফচল বীমাৰ জৰিয়তে কৃষকক সকাহ দিয়াৰ বাবে অসম চৰকাৰৰ কৃষি বিভাগে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা নামৰ কেন্দ্ৰীয় চৰকাৰৰ এই ধ্বজাৱাহী আঁচনিখন ৰূপায়ণ কৰে। অসমত এই যোজনাখনৰ অধীনত খাৰিফ শস্য হিচাপে মাটিমাহ,শালি ধান আৰু ৰবি বতৰৰ শস্য হিচাপে গ্ৰীষ্মকালীন ধান, আলু, কুঁহিয়াৰ আৰু সৰিয়হ সামৰি লৈছে৷

শস্যৰ কৰ্তন সমীক্ষা (Crop cutting Experiment)ৰ আধাৰত কোনো জাননীকৃত বীমা গোটত যদি নিৰ্দিষ্ট প্রাকৃতিক দুৰ্য্যোগ যেনে শিলাবৃষ্টি, বা-মাৰলী, প্ৰচণ্ড বতাহ বৰষুণ আৰু আবতৰীয়া বৰষুণ, ডাৱৰ বিস্ফোৰণ, বিজুলীৰ ফলত হোৱা প্ৰাকৃতিক জুইৰ ফলত নিৰ্ধাৰিত পৰিমাণৰ শস্যৰ কৃষিকালৰ মাজভাগতে ক্ষতি হয়, তেনেহ'লে বীমাকৃত কৃষকে ক্ষতিপূৰণ লাভ কৰিব আৰু বীমাকৰণ অব্যাহত থাকিব৷


প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ জৰিয়তে অধিক সংখ্যক কৃষকক এই যোজনাখনৰ জৰিয়তে প্ৰাকৃতিক দুৰ্যোগত হোৱা তেওঁলোকৰ শস্যৰ ক্ষতিৰ বিপৰীতে কৰা দাবীৰ বিপৰীতে সুবিধা আগবঢ়াবলৈ ৰাজ্যৰ বিভিন্ন ঠাইত চলি থকা শস্য কৰ্তন সমীক্ষা (Crop Cutting Experiment) পূৰ্বতকৈ অধিক ক্ষিপ্ৰতাৰে তথা সফলতাৰে সম্পন্ন কৰাৰ ক্ষেত্ৰত এনে প্ৰশিক্ষণে সহায় কৰিব বুলি আশাবাদী বিভাগীয় বিষয়ববীয়াসকল ৷