Logo
image

ডিব্ৰুগড়ৰ পৰা বাৰাণসীলৈ ‘গংগা বিলাস’

আমাৰ অসম, ২২ ছেপ্টেম্বৰঃ অহা বৰ্ষৰ আৰম্ভণিতে ভাৰতৰ দীৰ্ঘতম নদীপথেৰে চলিবলগীয়া ক্ৰজ সেৱা আৰম্ভ হ’ব বাৰাণসীৰ পৰা ডিব্ৰুগড়ৰ বগীবল পৰ্যন্ত৷ জানুৱাৰী মাহৰ পৰা আৰম্ভ হ’বলগীয়া এই সেৱাই প্ৰায় ৪ হাজাৰ কিলোমিটাৰ নদীপথ সামৰি ল’ব৷ দুদিন পূৰ্বে বগীবিলত ব্ৰহ্মপুত্ৰৰ জলপথৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে কেইবাটাও প্ৰকল্প শুভাৰম্ভণি কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিজৰ ভাষণ প্ৰসংগত এই কথা সদৰি কৰে৷ ব্ৰহ্মপুত্ৰ আৰু গংগা নদীয়েদি যাতায়াত কৰিবলগীয়া এই বিলাসী প্ৰমোদতৰী বাংলাদেশকো স্পৰ্শ কৰি যাব৷ এই যাত্ৰাই ব্ৰহ্মপুত্ৰৰ লগতে দেশৰ সামগ্ৰিক নদী আন্তগাঁথনি আৰু পৰ্যটনক এক নতুন গতি দিব বুলি আশা প্ৰকাশ কৰিছে মন্ত্ৰী সোণোৱালে৷ নদী পথেদি বাৰানসীৰ পৰা ডিব্ৰুগড় পাবলৈ প্ৰায় ৫১দিনৰ প্ৰয়োজন হ’ব৷ সুন্দৰবন আৰু বাংলাদেশৰ মাজেদি অহা-যোৱা কৰিবলগীয়া এই ক্ৰজে নিজৰ যাত্ৰাপথত ২৭খন সৰু নদী, ৫খন ৰাজ্য আৰু ২খন দেশ অতিক্ৰম কৰিব৷ বাৰানসীৰ পৰা যাত্ৰা আৰম্ভ কৰাৰ পাছত দুখলপীয়া বিলাসী প্ৰমোদতৰীখনৰ যাত্ৰীসকলে উত্তৰ প্ৰদেশ, বিহাৰ আৰু পশ্চিম বংগৰ বিভিন্ন ঐতিহাসিক স্থানসমূহ পৰিদৰ্শনৰ সুবিধা পাব৷ যাত্ৰীসকলে বাংলাদেশৰ বিখ্যাত বৰিশালত বজাৰো কৰিব পাৰিব৷ দেশখনৰ সোণাৰগাঁৱৰ ঐতিহাসিক মছজিদো দৰ্শন কৰিব পাৰিব পৰ্যটকসকলে৷ বাংলাদেশৰ যমুনা নদী পথেদি এই বিলাসী প্ৰমোদতৰী ধুবুৰীত প্ৰৱেশ কৰিব ব্ৰহ্মপুত্ৰয়েদি৷ গংগা বিলাস নামে চিহ্নিত হ’ব এই বিলাসীবহুল যাত্ৰা৷