Logo
image

গৰমৰ বাবেহে বাঢ়িছে বিদ্যুৎ বিল! এপিডিচিএলৰ ব্যাখ্যা

প্ৰতি ইউনিটত ৩০ পইচাকৈ বাঢ়িছে বিদ্যুৎ মাচুল

স্মাৰ্ট মিটাৰতো কাৰিকৰী বিসংগতি থাকিব পাৰে

গ্ৰাহকে অভিযোগ দিব পাৰিব

আমাৰ অসম, ২২ ছেপ্টেম্বৰঃ বিদ্যুতৰ অস্বাভাৱিক বিল বৃদ্ধিক লৈ চৰকাৰৰ লগতে এপিডিচিএলেও এতিয়া যুক্তি দি দি যেন তৎ নোপোৱা অৱস্থাৰ সৃষ্টি হৈছে৷ বিল বৃদ্ধিৰ কাৰণ ব্যাখ্যা কৰি মুখ্যমন্ত্ৰীয়ে বিদ্যুৎ মাচুল বৃদ্ধি হোৱা নাই বুলি দাবী কৰিছিল যদিও ইয়াৰ বিপৰীতে মন্ত্ৰী পীয়ূষ হাজৰিকাই বিদ্যুতৰ মাচুল বৃদ্ধি পোৱা বুলিহে উল্লেখ কৰিছিল৷ আনহাতে, শক্তিমন্ত্ৰীয়ে স্মাৰ্ট মিটাৰ বিসংগতিৰ বাবে ৰিডিং বৃদ্ধি পোৱাৰ সন্দেহ প্ৰকাশ কৰিছিল যদিও এপিডিচিএলৰ মতে মিটাৰৰ কোনো বিসংগতি হোৱা নাই৷ এনে স্ববিৰোধী যুক্তিৰ মাজতে এপিডিচিএল কতৃৰ্পক্ষই তিনিমাহৰ বাবে ৩০ পইচাকৈ বিদ্যুৎ মাচুল বৃদ্ধি কৰাৰ বাবেহে উপভোক্তাই অধিক বিল লাভ কৰা বুলিও যুক্তি দি ক্ষুব্ধ ৰাইজক শান্ত কৰাৰ চেষ্টা চলাইছিল৷ নানা মুনিৰ নানা মতৰ দৰে এইবাৰ এপিডিচিএল কতৃৰ্পক্ষই উৎকট গৰমৰ বাবেহে বিদ্যুতৰ বিল বৃদ্ধি হোৱাৰ আজৱ যুক্তি দাঙি ধৰিছে৷ একেখিনি ইলেকট্ৰনিক সামগ্ৰী ব্যৱহাৰ কৰাৰ পাছতো ২-৩ গুণ পৰ্যন্ত অধিক পাৰ্থক্যৰ বিল আহিছে যদিও শক্তি বিভাগে যেন নিজৰ কাৰিকৰী বিসংগতিৰ কথা মানি ল’ব বিচৰা নাই৷ এই সন্দৰ্ভত বুধবাৰে এপিডিচিএলৰ জনসম্পৰ্কৰক্ষী বিষয়া অভিজিৎ শৰ্মা বৰুৱাই কয়– ‘এইবাৰ অধিক গৰম পৰিছে৷ এই গৰমৰ বাবে উপভোক্তাসকলে অধিকভাৱে ফেন চলাইছে, এচি ব্যৱহাৰ কৰিছে৷ যাৰ বাবে স্বাভাৱিকভাৱেই বিদ্যুৎ বিল বৃদ্ধি পাইছে৷ স্মাৰ্ট মিটাৰ ক’ৰবাত বিসংগতি থাকিব পাৰে৷ সেই কথা আমি স্বীকাৰ কৰিছোঁ৷ যদিহে কাৰোবাৰ মিটাৰৰ বিসংগতি আছে তেনে মিটাৰসমূহৰ মেৰামতি কৰা হ’ব৷ স্মাৰ্ট মিটাৰৰ বিসংগতি সন্দৰ্ভত বৰ্তমানলৈ ২০০ অভিযোগ লাভ কৰিছোঁ৷ সেইসমূহ আমি পৰীক্ষা কৰিম৷ কিন্তু বিল বৃদ্ধিৰ মূল কাৰণটো হৈছে গৰম৷ অৱশ্যে আমাৰ কিছুমান মিটাৰ ৰিডাৰ আছে, যিয়ে ৰিডিং নোলোৱাকৈ নিজা অনুমানৰ ভিত্তিত বিল বনাই দিয়ে৷ কেতিয়াবা ৰিডিং বেছি হোৱাৰ পাছতো কমকৈ বিল প্ৰস্তুত কৰে৷ পাছৰ মাহত পৰীক্ষা কৰি নিৰ্দিষ্ট ৰিডিং ধৰি বিল প্ৰস্তুত কৰাত বিলৰ মাচুল বৃদ্ধি পোৱা দেখা যায়৷ উপভোক্তাই বিল বৃদ্ধি পালেই সন্দেহ প্ৰকাশ কৰে৷’ এপিডিচিএলৰ শীৰ্ষ বিষয়াজনে ছেপ্টেম্বৰৰ পৰা প্ৰতি ইউনিট বিদ্যুতৰ বিপৰীতে ৩০ পইচাকৈ মাচুল বৃদ্ধি পোৱাৰ কথাও জানিবলৈ দিয়ে৷ ইফালে, গ্ৰাহকে অধিক বিদ্যুৎ বিল লাভ কৰাৰ সন্দৰ্ভত টোল ফ্ৰী নম্বৰ– ৭৫৭৫৯৯৯৬৬৬ আৰু ১৯১২ নম্বৰত অভিযোগ দিব পাৰিব বুলিও এপিডিচিএল কতৃৰ্পক্ষই জানিবলৈ দিছে৷