Logo
image

যমুনামুখত আজমল গ’ বেক ধবনি, সচিবক শিশুপাল খেদা

আমাৰ অসম, ২২ ছেপ্টেম্বৰঃ এ আই ইউ ডি এফৰ প্ৰধান মৌলানা বদৰুদ্দিন আজমলে নিজৰ ৰাজনৈতিক জীৱনৰ পাতনি মেলা তথা বৰ্তমান তেওঁৰ ভাতৃৰ দখলত থকা গৃহ সমষ্টি যমুনামুখত আজি হঠাৎ শ শ লোকে দিলে বদৰুদ্দিন আজমল মুৰ্দাবাদ, চিৰাজুদ্দিন আজমল গ’ বেক ধবনি৷ কাৰ্যতঃ উৰহৰ খঙত ভঙা ধাৰি কোবোৱাৰ দৰে আজি আজমলক নাপায় তেওঁৰেই ৰাজনৈতিক পৰামৰ্শদাতা আকবৰ আলীকে খেদি খেদি প্ৰহাৰ কৰাৰ চেষ্টা কৰিলে সমষ্টিটোৰ একাংশ ৰাইজে৷ সংখ্যালঘু অধ্যোষিত সমষ্টিটোৰ দেৱস্থান বজাৰত আজি দুপৰীয়া সংঘটিত হয় এই ঘটনা৷ শ’ শ’ লোকে বদৰুদ্দিন আজমল মুৰ্দাবাদ, চিৰাজুদ্দিন আজমল গ’বেক ধবনি দি শিশুপাল খেদা দি লৈ যায় যমুনামুখৰ বিধায়ক চিৰাজিদ্দিন আজমলৰ ৰাজনৈতিক সচিব আকবৰ আলীক৷ ৰাইজৰ ৰোষৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰি কোনোমতে আঁতৰাই পঠায় আজমলৰ ঘনিষ্ট নেতাজনক৷ হোজাইৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পণজিৎ দুৱৰাই ৰাইজক বুজনি দি পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰে৷ উল্লেখ্য দেৱস্থান বজাৰৰ অসম গ্ৰামীন বিকাশ বেংকৰ শাখা কাৰ্যালয়টো সীমান্তৱৰ্তী জিলা কাৰ্বি আংলঙৰ হাওঁৰাঘাটলৈ স্থানান্তৰৰ সিদ্ধান্তৰ বিৰুদ্ধে বিগত কেবাদিনো ধৰি প্ৰতিবাদ কৰি আছিল স্থানীয় ৰাইজে৷ বিগত প্ৰায় এমাহৰো অধিক কাল ধৰি ৰাইজে কেবাবাৰো প্ৰতিবাদ সাব্যস্থ কৰি প্ৰশাসন তথা বিধায়ক চিৰাজুদ্দিন আজমলৰ দৃষ্টি গোচৰ কৰিছিল৷ হোজাইৰ উপায়ুক্ত অনুপম চৌধুৰীয়ে গ্ৰামীন ৰাইজৰ আবেদনক গুৰুত্ব দি ৰাইজৰ সমস্যা আৰু দাবীসমূহ বিবেচনাৰ বাবে বেংক কতৃৰ্পক্ষলৈ পত্ৰ প্ৰেৰণ কৰিছিল৷ পিছে বিধায়ক আজমলে কোনো গুৰুত্বই দিয়া নাছিল ৰাইজক৷ আনকি সহমৰ্মিতাৰ বাবেও ৰাইজৰ কাষত এবাৰো থিয় দিয়া নাছিল বিধায়ক চিৰাজুদ্দিন আজমল৷ যাৰ বাবে বদৰুদ্দিন আজমল আৰু চিৰাজুদ্দিন আজমলৰ বিৰুদ্ধে ক্ষোভিত হৈ আছিল দেৱস্থানৰ ৰাইজ৷ আজি বেংকৰ কাৰ্যালয়টো স্থানান্তৰ কৰাৰ সময়ত ৰাইজে পুনৰ প্ৰতিবাদ কৰি বেংক কাৰ্যালয়টোৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে৷ সেই সময়ত বিধায়ক আজমলৰ প্ৰতিনিধি হিচাপে আজমলৰ ৰাজনৈতিক সচিবগৰাকী দেৱস্থানত উপস্থিত হয়৷ তেওঁ ৰাইজক বুজনি দিয়াৰ চেষ্টা কৰা সময়তেই উত্তেজিত হৈ পৰে স্থানীয় ৰাইজ৷ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে নানা শ্লগান দি পহুখেদা দিয়ে আকবৰ আলীক৷ খেদি খেদি লৈ যায় পাৱত গজা নেতাজনক৷ ৰাইজৰ প্ৰশ্ন- নিৰ্বাচনৰ সময়ত ধৰ্মীয় কাৰ্ড খেলা আজমল বাহিনী আজি ক’ত? নিৰ্বাচনত সংখ্যালঘুৰ ভোটক হাতিয়াৰ কৰি দিছপুৰলৈ যোৱা বিধায়ক চিৰাজুদ্দিন আজমলে ৰাইজৰ সমস্যাক গুৰুত্বহীন কৰি মাত্ৰ এজন পালিনেতাক প্ৰেৰণ কৰাক লৈ ক্ষোভিত হৈ পৰে ৰাইজ৷ ইফালে কমিচন নহলে আমাৰ জনপ্ৰতিনিধিয়ে কাম নকৰে বুলি ৰাজহুৱকৈ প্ৰকাশ কৰি বিতৰ্কৰ সূচনা কৰা বিতৰ্কিত এ আই ইউ ডি এফ নেতা আব্দুল মন্নানক লগত লৈ যোৱাত ৰাইজ আৰু অধিক উত্তেজিত হৈ পৰাত পৰিস্থিতি একপ্ৰকাৰ নিয়ন্ত্ৰণহীন হৈ পৰা দেখা যায়৷