Logo
image

ঢেকীয়াজুলিৰ মন্ত্ৰীয়ে গুৱাহাটীৰ কথা কি জানে? গেমনক চৰ শোধাব লাগিছিল! অগ্নিশৰ্মা বিধায়ক অতুল

আমাৰ অসম, ২২ ছেপ্টেম্বৰঃ গুৱাহাটীৰ বাসিন্দাৰ পৌৰ সম্পত্তি কৰ সংগ্ৰহৰ বাবে ছত্তীশগড়ৰ ব্যক্তিগত প্ৰতিষ্ঠানক দায়িত্ব দিবলৈ নিবিদা আহ্বানৰ কথা মন্ত্ৰী অশোক সিংঘালে সদম্ভ ঘোষণা কৰাৰ পাছতেই এতিয়া শাসক পক্ষৰ বিধায়কৰে ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিছে৷ নগৰ উন্নয়ন দপ্তৰৰ মন্ত্ৰী সিংঘালে গুৱাহাটী পৌৰ নিগমত একনায়কত্ববাদ চলোৱাৰ অভিযোগ কৰি স্থানীয় বিধায়কৰ অজ্ঞাতে একপক্ষীয় সিদ্ধান্ত লোৱাৰ অভিযোগ কৰি অশোক সিংঘালৰ পদত্যাগৰো দাবী জনাইছে খোদ পূব গুৱাহাটী সমষ্টিৰ বিজেপি বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই৷ ক্ষুব্ধ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ সুৰত সুৰ মিলাই পশ্চিম গুৱাহাটী সমষ্টিৰ মিত্ৰদল অগপৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাইও ব্যক্তিগত প্ৰতিষ্ঠানক তেওঁৰ অজ্ঞাতে পৌৰ কৰ সংগ্ৰহৰ ঠিকা দিয়াৰ প্ৰস্তুতি চলোৱা কাৰ্যৰ ক্ষোভ ব্যক্ত কৰিছিল৷ শাসক পক্ষৰ এই দুই বিধায়কৰ পাছতেই এইবাৰ মন্ত্ৰী অশোক সিংঘালৰ বিৰুদ্ধে গৰজি উঠিছে দিছপুৰ সমষ্টিৰ বিজেপি বিধায়ক অতুল বৰা৷ গুৱাহাটীৰ স্থানীয় বিধায়কক অজ্ঞাতে ৰাখি ব্যক্তিগত প্ৰতিষ্ঠানক নাগৰিকৰ কৰ সংগ্ৰহৰ ঠিকা দিবলৈ মন্ত্ৰী অশোক সিংঘালে ক’ৰ পৰা ইমান সাহস পালে বুলিও প্ৰশ্ন কৰিছে বিধায়কজনে৷ বুধবাৰে সংবাদ মাধ্যমৰ আগত এই সন্দৰ্ভত বিধায়ক অতুল বৰাই কয়– ‘গুৱাহাটীৰ নাগৰিকৰ কৰ সংগ্ৰহৰ দায়িত্ব ব্যক্তিগত প্ৰতিষ্ঠানক গটোৱাৰ বাবে মন্ত্ৰী অশোক সিংঘালে নিজেই নিবিদা কৰিছে নে জি এম চিৰ মেয়ৰ তথা পাৰিষদসকলৰ অনুমতি লৈ এই নিবিদা কৰিছে৷ পৌৰ নিগমৰ কামত চৰকাৰে বিশেষ হস্তক্ষেপ কৰিব নালাগে৷ পাৰিষদসকল জয়ী হোৱাৰ পাছত তেওঁলোকৰ অস্তিত্ব নোহোৱা কৰিব নালাগে৷ যদিহে পাৰিষদসকলৰেই এই অৱস্থা হয়, তেনেহ’লে সাধাৰণ কৰ্মচাৰীসকলৰ কি হ’ব? আমাৰ লগতো এই বিষয়ত কোনো আলোচনা নকৰিলে৷ পাৰিষদসকলে যদি এই প্ৰস্তাৱত সমৰ্থন জনাইছে তেনেহ’লে পাৰিষদসকল ৰাইজৰ ওচৰত জবাবদিহি হ’ব৷ যদিহে পাৰিষদসকলৰ অজ্ঞাতে মন্ত্ৰী অশোক সিংঘালে এনে কাম কৰিছে, তেনেহ’লে ৰাইজে অশোক সিংঘালক ধৰক৷ এয়া ভুল কাম কৰিব ওলাইছে৷ মই কেতিয়াও ইয়াৰ সমৰ্থন নকৰোঁ৷ এইবোৰকেই যদি চৰকাৰে কৰিব বিচাৰিছে, তেনেহ’লে জিএমচি নিৰ্বাচন কিয় পাতিলে৷ কাইলৈ পাৰিষদসকলক ৰাইজে নধৰিবনে৷ বহিৰাগত লোকক ইমান ঘনাই ঘনাই প্ৰতিটো কথাতে আমন্ত্ৰণ কৰি থকা কি যুক্তি আছে৷ যদি কৰ সংগ্ৰহ কৰা ব্যৱস্থাটো সঠিক নহয়, তেন্তে তাক সংস্কাৰ কৰক৷ গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ,পাৰিষদসকলে কাম কৰিবলৈ পোৱাই নাই৷ তাৰ আগতেইতেওঁলোকৰ ক্ষমতাকৰ্তন কৰা হৈছে৷ আনহাতে, অসমৰ তুলনা আন ৰাজ্যৰ লগত নহয় বুলি মন্তব্য কৰি বিধায়ক বৰাই কয়– ‘কোনোবা বেলেগ ৰাজ্যই কি কৰিছে আমাৰ কি দৰকাৰ, অসমৰ বানপানী, গড়াখহনীয়া সমস্যা আছে, চুবুৰীয়া ৰাজ্যসমূহে সীমা ঠেলিছে অসমৰ৷ বেলেগ ৰাজ্যত এইবোৰ সমস্যা নাই৷ অশোক সিংঘাল ঢেকীয়াজুলিৰ বিধায়ক, মই দিছপুৰ সমষ্টিৰ বিধায়ক৷ গুৱাহাটীৰ কথা মহানগৰীৰ বিধায়কে নাজানে যদি ঢেকীয়াজুলিৰ বিধায়কে কেনেকৈ জানিব? আমাৰ সৈতে আলোচনা কৰাৰ প্ৰয়োজন নাছিল নেকি? আমাক নজনোৱাকৈ ল’ব পৰা ক্ষমতা অশোক সিংঘালে কেনেকৈ পালে, ক’ৰ পৰা পালে৷ সেইটো মোক লাগে৷ অশোক সিংঘাল ইমানো ক্ষমতাশালী মন্ত্ৰী নহয়৷ আমি স্থানীয় বিধায়ককেইজনে জানিব নালাগিছিল নেকি, কি কৰিব ওলাইছে৷ অশোক সিংঘালে মোক অৱজ্ঞা কৰিব, সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু ৰমেন্দ্ৰ নাৰায়ণ কলিতাক অৱজ্ঞা কৰিবলৈ তেওঁ ইমান ডাঙেৰা মন্ত্ৰী নহয়৷ মুখ্যমন্ত্ৰী এই সিদ্ধান্তৰ বিষয়ে জ্ঞাত হয় নে নহয় মই নাজানো৷ মই ষ্টাৰ চিমেণ্ট, আমচাং, সৃষ্টি নগৰৰ বিৰুদ্ধে সদায় মাত মাতি আছোঁ৷ বাহিৰাগত প্ৰতিষ্ঠান গেমনক গুৱাহাটীৰ পানী যোগানৰ কামৰ দায়িত্ব দিয়া হৈছিল৷ কিন্তু আধা কাম কৰি টালি-টোপোলা বান্ধি গুচি গ’ল৷ যোৱাৰ সময়ত গেমনক দুটা চৰ মাৰি পঠাব লাগিছিল৷’ ইফালে, সতীৰ্থ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু ৰমেন্দ্ৰ নাৰায়ণ কলিতাই পৌৰ কৰ সংগ্ৰহৰ নিবিদাক লৈ মন্ত্ৰী অশোক সিংঘালৰ পদত্যাগৰ দাবী জনোৱাত স্বাভাৱিকতেই অস্বস্তিত পৰিছে খোদ মন্ত্ৰী সিংঘাল৷ কৰ সংগ্ৰহৰ বাবে ব্যক্তিগত প্ৰতিষ্ঠানক ঠিকা দিয়াৰ সন্দৰ্ভত বুধবাৰে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী সিংঘালে কয়– পৌৰ সম্পত্তিৰ কৰ সংগ্ৰহৰ নিবিদাৰ সিদ্ধান্ত মোৰ নিজৰ নহয়৷ কেবিনেটৰ সিদ্ধান্তমৰ্মেহে এই প্ৰক্ৰিয়া আগবঢ়োৱা হৈছে৷’ ইফালে, পদত্যাগৰ দাবী উত্থাপন হোৱা বিষয়টোৰ সন্দৰ্ভত যি ক’বলগীয়া আছে সেয়া ক’বলগীয়া ঠাইত ক’ম বুলি উল্লেখ কৰি সংবাদ মাধ্যমৰ পৰা ফালৰি কটা দেখা যায় মন্ত্ৰী সিংঘালক৷