Logo
image

স্বগৃহত শ্ৰমিকৰ মৃতদেহ, গোবিন চেত্ৰীক আমনি দিয়া নাই আৰক্ষীয়ে

আমাৰ অসম, ২২ ছেপ্টেম্বৰঃ ৰাজনৈতিক পৃষ্ঠপোষকতাত চলা লিডুৰ অবৈধ কয়লাখনিত মৃত্যুক আকোঁৱালি লোৱা বঙাইগাঁও আৰু গোৱালপাৰাৰ তিনি শ্ৰমিকৰ মৃতদেহ বুধবাৰে স্বগৃহলৈ অনা হয়৷ অবৈধ ৰেট হল কয়লাখনিত বিষাক্ত গেছ নিৰ্গত হৈ অক্সিজেনৰ অভাৱত মৃত্যু হোৱা বঙাইগাঁৱৰ যোগীঘোপাৰ ছহিদুল ইছলাম আৰু হুছেইন আলীৰ লগতে গোৱালপাৰাৰ বগুৱানৰ আছমত আলীৰ মৃতদেহ বাসগৃহলৈ অনাত সমগ্ৰ অঞ্চলটোতে শোকাৱহ পৰিৱেশে বিৰাজ কৰে৷ অবৈধ কয়লা খনিটোৰ মালিক কুখ্যাত ডেভিদ নাগাই শ্ৰমিককেইজনৰ মৃত্যু হোৱাৰ পাছত এছকেভেটৰেৰে মাটি খান্দি মৃতদেহ গোপনে পুতি থৈছিল যদিও পৰিয়ালৰ লোকৰ অভিযোগৰ পাছতেই তিনিচুকীয়া আৰক্ষী-প্ৰশাসনে মৃতদেহকেইটা মাটি খান্দি উদ্ধাৰ কৰিছিল৷ অৰ্ধগলিত মৃতদেহকেইটা গৃহভূমিলৈ ওভটাই অনা হ’ল যদিও দৰিদ্ৰ দুৰ্ভগীয়া পৰিয়ালকেইটাই ক্ষতিপূৰণৰ দাবী জনাইছে৷ ইফালে, শ্ৰমিকৰ মৃত্যুৰ ঘটনাৰ সন্দৰ্ভত তিনিচুকীয়া আৰক্ষীয়ে প্তজন লোকক গ্ৰেপ্তাৰ কৰে যদিও বৰ্তমানো আত্মগোপন কৰি থাকিবলৈ সক্ষম হৈছে অবৈধ কয়লা খনিটোৰ মালিক ডেভিদ নাগাই৷ অভিযোগ অনুসৰি অসম-অৰুণাচল সীমান্তৰ পাহাৰৰ কয়লা ছিণ্ডিকেটৰ মাফিয়া গোবিন চেত্ৰীৰ হস্তক্ষেপৰ বাবেই তিনিচুকীয়া আৰক্ষীয়ে ডেভিদ নাগাক কৰায়ত্ত কৰিবলৈ সাহস কৰা নাই৷ নক’লেও হ’ব যে ৰাজনৈতিক পৃষ্ঠপোষকতাত শাসকীয় দলৰ বিধায়কৰ নেতৃত্বতে গোবিন চেত্ৰী বাহিনীয়ে ৰেট হল মাইনিঙেৰে নিতৌ কয়লাৰ খনন অব্যাহত ৰাখিছে৷ কয়লা ছিণ্ডিকেটৰ ভাগ দিছপুৰলৈ অহাৰ বাবেই আজিলৈকে আৰক্ষীয়ে গোবিন চেত্ৰীৰো ওচৰ চাপিব পৰা নাই৷ কয়লাৰ অবৈধ খননক নেতৃত্ব দিয়া মাফিয়া চেত্ৰীক বাধা দিয়াটো বাদেই দুৰ্ভগীয়া তিনি শ্ৰমিকক মৃত্যুৰ দিশে ঠেলি দি আৰু মৃত্যুৰ পাছতো মৃতদেহ পৰিয়ালৰ অজ্ঞাতে পুতি থ’বলৈ কুণ্ঠাবোধ নকৰা ডেভিদ নাগাকো গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীয়ে সক্ষম নোহোৱা বিষয়টোৱে ৰহস্যৰ সৃষ্টি কৰিছে৷

মাৰ্ঘেৰিটাৰ অবৈধ কয়লা খননত জড়িত শাসক দলৰ নেতা

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অবৈধ কয়লা খনিত দেওবাৰে কৰুণভাৱে মৃত্যুমুখত পৰা ৩জন নিৰীহ শ্ৰমিকৰ পৰিয়ালক ১কোটিকৈ ক্ষতিপূৰণ আৰু চৰকাৰী চাকৰি প্ৰদানৰ দাবী জনাইছে অল ইণ্ডিয়া ট্ৰেড ইউনিয়ন কংগ্ৰেছে [এ আই টি ইউ চি]৷ আজি এক বিবৃতিত এ আই টি ইউ চিৰ অসম ৰাজ্যিক সমিতিৰ সম্পাদক ৰঞ্জন চৌধুৰীয়ে ৰাজ্য চৰকাৰক এই দাবী জনোৱাৰ লগতে সমগ্ৰ বিষয়টো তদন্তৰ বাবে উচ্ছতম ন্যায়ালয়ৰ ন্যায়াধীশৰ নেতৃত্বত এখন উচ্ছস্তৰীয় তদন্ত সমিতি গঠনৰ বাবেও দাবী জনায়৷ বিবৃতিটোত চৌধুৰীয়ে অভিযোগ কৰে যে, জিলা প্ৰশাসনৰ জ্ঞাতসাৰেই মাৰ্ঘেৰিটাত মহকুমাত কয়লাৰ অবৈধ খনন অব্যাহত আছে৷ কিন্তু শাসকীয় দলৰ একাংশ নেতাৰ পৃষ্ঠপোষকতাত এই অবৈধ বেহা চলি থকাৰ বাবে প্ৰশাসনে মুকবধিৰৰ ভূমিকা গ্ৰহণ কৰিবলৈ বাধ্য হৈছে বুলি তেওঁ কয়৷ প্ৰণিধানযোগ্য যে, মাৰ্ঘেৰিটা মহকুমাৰ মোলাং পাহাৰৰ দুৰ্গম অঞ্চলত থকা ডেভিদ নাগা নামৰ চোৰাং কয়লা বেপাৰীৰ অবৈধ খনিত খনন চলাই থকাৰ সময়ত বিষাক্ত গেছ নিৰ্গত হোৱাৰ ফলত দেওবাৰে ঘটনাস্থলীতে মৃত্যু ঘটিছিল বঙাইগাঁও জিলাৰ যোগীঘোপাৰ ছহিদুল ইছলাম, হুছেইন আলী আৰু গোৱালপাৰা জিলাৰ বগুৱানৰ আছমত আলী নামৰ ৩জন শ্ৰমিকৰ৷ অবৈধ কয়লা খনি বা খাদানত [ৰেট হল মাইনিং] কাম কৰাৰ বাবে শ্ৰমিক যোগান ধৰা ঠিকাদাৰৰ ফান্দত ভৰি দি প্ৰায় এমাহ পূৰ্বে লিডুৰ কয়লা খনিত কাম কৰিবলৈ অহা শ্ৰমিক ৩জনৰ মৃত্যুৰ পাছত কয়লা মাফিয়াই নিশাৰ ভাগতে জে চি বি ব্যৱহাৰ কৰি গাঁত খান্দি মৃতদেহ তিনিটা পুতি সকলো প্ৰমাণ নষ্টৰ অপচেষ্টা চলায়৷ কিন্তু সতীৰ্থ শ্ৰমিকে পুৱতি নিশা নিহত শ্ৰমিকৰ পৰিয়ালক এই শোকাৱহ ঘটনাৰ বিষয়ে অৱগত কৰাৰ পাছত সমগ্ৰ ঘটনা পোহৰলৈ আহে আৰ এই ভয়াৱহ ঘটনাই ব্যাপক চৰ্চা লাভ কৰাৰ পাছত পদক্ষেপ গ্ৰহণ কৰিবলৈ বাধ্য হয় মাৰ্ঘেৰিটাৰ আৰক্ষী৷ আৰক্ষীয়ে কেইবাজনো ব্যক্তিক আটক কৰি সোধ-পোছৰ অন্তত গোপনে পুতি ৰখা মৃতদেহকেইটা খান্দি উলিয়ায় আৰু সোমবাৰে নিশাৰ ভাগত ৩ শ্ৰমিকৰ মৃতদেহ তিনিচুকীয়াৰ অসামৰিক চিকিৎসালয়লৈ অনা হয়৷ মঙ্গলবাৰে অন্যান্য আনুষ্ঠানিকতা আৰু মৰণোত্তৰ পৰীক্ষাৰ অন্তত ইতিমধ্যে নষ্ট হ’বলৈ ধৰা মৃতদেহকেইটা পৰিয়ালৰ লোকক চমজাই দিয়া হয়৷ অৱশ্যে আৰক্ষীয়ে এইপৰ্যন্ত দুৰ্ঘটনা সংঘটিত হোৱা অবৈধ কয়লা খনিটোৰ মালিক ডেভিদ নাগা নামৰ চোৰাং কয়লা মাফিয়াটোক ধৰিবলৈ সক্ষম হোৱা নাই৷ লক্ষণীয়ভাৱে মাৰ্ঘেৰিটাৰ অবৈধ কয়লা খনিত এনে এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতো অধিকাংশ দল, সংগঠনে ৰহস্যজনক মৌনতা অৱলম্বন কৰি অহা দেখা গৈছে৷ অৱশ্যে মাৰ্ঘেৰিটাৰ অবৈধ খনিত শ্ৰমিকৰ মৃত্যুৰ ঘটনা কোনো নতুন কথা নহয়৷ প্ৰভাৱশালী চোৰাং কয়লা মাফিয়া চক্ৰই ধনৰ বলেৰে সকলো পক্ষকে মেনেজ কৰি বেছিভাগ ক্ষেত্ৰতে এনে ঘটনাসমূহ গাপ দি আহিবলৈ সক্ষম হৈছে৷ সূত্ৰমতে, অধিকাংশ ঘটনাতে অবৈধ খনিৰ ভিতৰত আবদ্ধ হৈ মৃত্যুমুখত পৰা শ্ৰমিকক তাতেই এৰি অহা হয়৷ কোনো কোনো ক্ষেত্ৰত শ্ৰমিকক উদ্ধাৰ কৰা হয় যদিও সেই তথ্য কয়লা মাফিয়াই ধনৰ বিনিময়ত থাপিথুপি থ’বলৈ সক্ষম হয়৷ চোৰাং কয়লা মাফিয়াৰ দৌৰাত্ম্যত মৃত্যু উপত্যকাত পৰিণত হোৱা মাৰ্ঘেৰিটাত বিগত ২৬ জুলাইৰ নিশা লিডুৰ ১ নং কয়লাপাৰাৰ শুভম দাস নামৰ যুৱকজনৰ অকাল মৃত্যুৰ পাছত পুনৰ ২৭ জুলাইৰ নিশা চোৰাং কয়লা মাফিয়াৰ নিৰ্দেশত টিৰাপ কলিয়ৰীৰ ৬ নং লাইনৰ এক অবৈধ কয়লা খনিত খনন চলাবলৈ গৈ খনিৰ ভিতৰত সংঘটিত বিষাক্ত গেছ বিস্ফোৰণৰ ঘটনাত চাৰিজন শ্ৰমিক অগ্নিদগ্ধ হোৱাৰ লগতে ইয়াৰে এজন নিহত হোৱাৰ ঘটনা সংবাদ মাধ্যমে পোহৰলৈ আনিছিল৷ তাৎপৰ্যপূৰ্ণভাৱে উক্ত দুৰ্ভাগ্যজনক ঘটনা সন্দৰ্ভত মাৰ্ঘেৰিটা আৰক্ষী অথবা মহকুমা প্ৰশাসনৰ ওচৰত নাছিল কোনো তথ্য৷ কিন্তু সংবাদকৰ্মীৰ অনুসন্ধানত এই কথা পোহৰলৈ আহিছিল যে ২৭ জুলাইৰ নিশা লিডু অঞ্চলৰ জনৈক বেতাব মালি, ৰাজা আৰু ৰাজীৱ নামৰ কয়লা চোৰকেইটাৰ অবৈধ কয়লা খনিত অগ্নিদগ্ধ শ্ৰমিক তিনিজনক ঘটনাৰ নিশাই চিকিৎসাৰ বাবে ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল৷ অৱশ্যে প্ৰায় ২০/২১ বছৰীয়া ছফিকুল ইছলাম, জয়নাল ইছলাম আৰু বি ইছলাম নামৰ শ্ৰমিককেইজনক হোটেলত আহাৰ বনাই থকাৰ সময়ত ষ্ট’ভ বিস্ফোৰণৰ ফলত অগ্নিদগ্ধ হোৱা বুলিহে চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল৷ কিন্তু অবৈধ কয়লাখনিত সংঘটিত এই দুৰ্ঘটনা পোহৰলৈ আহিবলৈ ধৰাত বিপদৰ আশংকাত চিকিৎসা চলি থকাৰ মাজতে কয়লা মাফিয়াই তেওঁলোকক দ্বিতীয় দিনাই মেডিকেলৰ পৰা গোপনে অজ্ঞাত স্থানলৈ লৈ যাবলৈ সক্ষম হয়৷ কিন্তু এই সমস্ত ঘটনা আমাৰ অসমত তথ্যসহ প্ৰকাশ পোৱাৰ পাছতো মাৰ্ঘেৰিটা আৰক্ষীয়ে এই বিষয়ে একো নেজানে বুলিহে প্ৰকাশ কৰিছিল৷