Logo
image

সীমা সমস্যা সমাধানৰ বাবে জোৰামথাংগাৰে মুখ্যমন্ত্ৰীৰ বৈঠক

আমাৰ অসম, ২২ ছেপ্টেম্বৰঃ অসম আৰু মিজোৰামৰ দীৰ্ঘদিনীয়া সীমা সমস্যা সমাধানৰ বাবে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাৰ মাজত বুধবাৰে নতুন দিল্লীৰ অসম হাউছত এই বৈঠক অনুষ্ঠিত হয়৷ এই বৈঠকত দুয়োগৰাকী মুখ্যমন্ত্ৰীয়ে চলিত বৰ্ষৰ ৯ আগষ্টত আইজলত দুয়োখন ৰাজ্যৰ মাজৰ সীমা সমস্যা সমাধানৰ উদ্দেশ্যেৰে অনুষ্ঠিত হোৱা মন্ত্ৰী পৰ্যায়ৰ আলোচনাৰ পৰ্যালোচনা কৰে৷ উল্লেখ্য যে ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰাৰ নেতৃত্বত যোৱা এটা প্ৰতিনিধি দলৰ সৈতে সীমা সমস্যা সমাধানৰ বাবে আইজলত এই বৈঠক অনুষ্ঠিত হৈছিল৷ ইয়াৰ পিছতে সাংবাদিকৰ সৈতে হোৱা মত-বিনিময়ৰ সময়ত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে বুধবাৰে অনুষ্ঠিত এই বৈঠকত মিজোৰামত অনুষ্ঠিত হৈ যোৱা বৈঠক সম্পৰ্কত পৰ্যালোচনা কৰা হয়৷ এই ক্ষেত্ৰত যথেষ্ট সন্তোষজনক অগ্ৰগতি লাভ কৰা হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়৷ মুখ্যমন্ত্ৰীয়ে কয় যে দুয়োখন ৰাজ্যৰ সীমা সমস্যা সমাধানৰ দিশত থকা বিভিন্ন বিষয় বিতংভাৱে আলোচনা কৰা হয়৷ তেওঁ লগতে কয় যে সীমা সমস্যাৰ এক স্থায়ী সমাধানৰ বাবে এখন আঞ্চলিক সমিতি গঠনৰ জৰিয়তে দুয়োখন ৰাজ্যৰ মাজত থকা সীমা সমস্যা সমাধানৰ বিষয়টোক অধিক গতিশীল কৰা হ’ব৷

দুলুং বনাঞ্চলত অসমীয়াৰ প্ৰৱেশ নিষেধ, অবাধে বিচৰণ অৰুণাচলীৰঃ ‘আপ’ৰ অভিযোগ

অসম-অৰুণাচল সীমা বিবাদক লৈ আম আদমি পাৰ্টী, অসমে বুধবাৰ গুৱাহাটীৰ গণেশগুৰিস্থিত মুখ্য কাৰ্যালয়ত এখন সংবাদমেলৰ আয়োজন কৰে৷ সংবাদ মেল সম্বোধন কৰি দলৰ নেতা হেমন্ত ফুকনে অসম আৰু অৰুণাচল প্ৰদেশৰ সীমা সমস্যা নিষ্পত্তিৰ প্ৰক্ৰিয়াত অসমৰ কেবিনেট মন্ত্ৰীৰ অদক্ষতা তথা পূৰ্ব প্ৰস্তুতি নথকাৰ বাবে অসমে বহু মাটি হেৰুৱাবলগীয়া হোৱাৰ সম্ভাৱনা প্ৰকট হৈছে বুলি অভিযোগ উত্থাপন কৰে৷ তেওঁ লগতে কয়- এই সীমা বিবাদ নিষ্পত্তিৰ বাবে দুয়ো ৰাজ্যৰ চৰকাৰ দুখনে নিজ নিজ জিলাৰ বিষয়াসকলক লৈ একোজনকৈ কেবিনেট মন্ত্ৰীৰ নেতৃত্বত জিলা পৰ্যায়ৰ বাৰ খনকৈ সমিতি গঠন কৰি দিছে৷ এই সমিতিবোৰে যুটীয়াভাৱে বিবাদমান অঞ্চলসমূহ ভ্ৰমণ কৰি চলিত বছৰৰ ১৫ ছেপ্টেম্বৰত ঊৰ্ধতন কতৃৰ্পক্ষক প্ৰতিবেদন জমা দিছে৷ আম আদমি পাৰ্টীৰ হাতত পৰা তথ্য মতে, অসমৰ একাংশ কেবিনেটে মন্ত্ৰীৰ বিষয়টোৰ ওপৰত বিশদ অধ্যয়ন নথকাৰ বাবে অৰুণাচল প্ৰদেশৰ প্ৰতিনিধিসকলৰ দাবীৰ বিপৰীতে অসমৰ সপক্ষে নিজৰ স্থিতি সুদৃঢ়ভাৱে দাঙি ধৰাত বিফল হৈছে৷ অসমৰ মন্ত্ৰীসকলৰ দুৰ্বল স্থিতিৰ পৰিপ্ৰেক্ষিতত অসমে অনাকাংক্ষিতভাৱে অধিক মাটি হেৰুৱাবলগীয়া হোৱাৰ শংকা দেখা গৈছে৷ ২০২২ চনৰ জানুৱাৰী মাহৰ পৰাই দুই ৰাজ্যৰ সীমা সমস্যা সমাধানৰ বাবে অসম আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী ক্ৰমে ড॰ হিমন্ত বিশ্ব শৰ্মা আৰু পেমা খাণ্ডুৱে কেইবালানি আলোচনাৰ অন্তত যোৱা ১৫ জুলাইত নামচাইত মিলিত হৈ এক চুক্তি সম্পাদিত কৰে৷ নামচাই ঘোষণা হিচাপে নামকৰণ কৰা এই চুক্তি মতে অসম আৰু অৰুণাচল প্ৰদেশৰ বিবদমান ১২৩খন গাঁৱৰ বিবাদ নিষ্পত্তি কৰি এই সংখ্যা ৮৬ খনলৈ কৰিবলৈ দুয়ো পক্ষ সন্মত হয়৷ বিষয়টোৰ সমাধানৰ বাবে দুয়ো ৰাজ্যই ১২খন ১২ খনকৈ জিলা পৰ্যায়ৰ সমিতি গঠনৰ সিদ্ধান্ত লৈছিল৷ এনে এখন সমিতিৰ নেতৃত্বত চাহ শ্ৰমিক আৰু শ্ৰমিক উন্নয়ন বিভাগৰ মন্ত্ৰী সঞ্জয় কৃষাণে যোৱা ২৭ আগষ্টত তেওঁৰ নেতৃত্বত অসমৰ এখন সমিতি আৰু অৰুণাচল প্ৰদেশৰ প্ৰতিনিধিসকলে লখিমপুৰ জিলাৰ দুলুং সংৰক্ষিত বনাঞ্চলত থকা ছখন অৰুণাচলী গাঁও পৰিদৰ্শন কৰে৷ মন কৰিবলগীয়া যে দুলুং সংৰক্ষিত বনাঞ্চল হোৱাৰ বাবে ইয়াৰ দক্ষিণ দিশৰ পৰা বন বিভাগে অসমৰ মানুহৰ প্ৰৱেশ নিষিদ্ধ কৰিছে যদিও উত্তৰ দিশৰ পৰা অৰুণাচলী লোকৰ অবাধ আহ-যাহ চলি আছে৷ বনাঞ্চলখনৰ ভিতৰতে ৰাজালি, খেৰবাৰী, মিদফু, টানিও বমটে আৰু লুমচি নামৰ ছখন অৰুণাচলী গাঁও স্থাপন হৈছে৷ ২০১১ চনৰ লোকপিয়লৰ মতে এই ছয়খন গাঁৱৰ জনসংখ্যা ৬৬১জন আৰু তাত বিদ্যালয়, হাস্পতাল, পকী পথ, বিজুলী সংযোগ, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানী যোগান আঁচনি আদি অৰুণাচল প্ৰদেশ চৰকাৰে স্থাপন কৰিছে৷ যোৱা ২৭ আগষ্টত এই গাঁওসমূহ পৰিদৰ্শন কৰাৰ সময়ত অসমৰ মন্ত্ৰী সঞ্জয় কৃষাণে বিষয়টোৰ ওপৰত বিশদ অধ্যয়ন নথকাৰ বাবে অৰুণাচল প্ৰদেশৰ প্ৰতিনিধিসকলৰ সন্মুখত একো মাত মাতিব নোৱাৰিলে৷ দুলুং সংৰক্ষিত বনাঞ্চলত এই ছখন গাঁও স্থাপন কৰা হৈছে আৰু অৰুণাচল প্ৰদেশ চৰকাৰে গাঁও ছখন অৰুণাচলত অন্তৰ্ভুক্ত কৰাৰ দাবীৰ লগতে সমগ্ৰ দুলুং সংৰক্ষিত বনাঞ্চলখনেই দাবী কৰিছে৷ অৰুণাচলে অসমৰ ভূমি লঅব নোৱাৰাৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনালোঁ৷ অসম অৰুণাচল প্ৰদেশ আৰু কেন্দ্ৰত বিজেপি চৰকাৰ আছে আৰু এই সুযোগতে দুই ৰাজ্যৰ সীমা সমস্যা সমাধান হোৱাটো আম আদমি পাৰ্টীয়ে বিচাৰে৷ কিন্তু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সীমা বিবাদ নিষ্পত্তিৰ কতৃৰ্ত্ব হুৰমূৰকৈ ল’বলৈ গৈ যাতে অসমে অধিক মাটি হেৰুৱাবলগীয়া নহয়, সেয়া নিশ্চিত কৰিবলৈ আমি আহ্বান জনালোঁ৷ লগতে লখিমপুৰ জিলাৰ প্ৰাকৃতিক পৰিৱেশ আৰু বৃষ্টিপাতত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা দুলুং সংৰক্ষিত বনাঞ্চলখন যাতে মাটি হস্তান্তৰণৰ নামত ধবংসৰ মুখলৈ ঠেলি দিয়া নহয়, সেয়া নিশ্চিত কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি দাবী জনালোঁ৷ সংবাদমেল আপৰ সাংগঠনিক সম্পাদক মামুন ইমদাদুল হক চৌধুৰী আৰু সৌমিক সেনগুপ্তা উপস্থিত থাকে৷