Logo
image

ত্ৰিপাক্ষিক বৈঠকৰ দাবীত অনড় ৬ জনগোষ্ঠী

একাধিক জনগোষ্ঠীয় নেতাৰে বৈঠক মন্ত্ৰী পীয়ূষ-ৰণোজৰ

মাজৰাতি গুৱাহাটীত উপস্থিত মুখ্যমন্ত্ৰী

আমাৰ অসম, ২২ ছেপ্টেম্বৰঃ জনজাতিকৰণৰ দাবীত দীৰ্ঘদিন ধৰিসংগ্ৰাম অব্যহাত ৰখা ৰাজ্যৰ ৬ জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা দল-সংগঠনৰ মাজত দিছপুৰৰ এখন আলোচনাক কেন্দ্ৰ কৰি উলম্ব বিভাজন ঘটে বুধবাৰে নিশা৷ কেন্দ্ৰীয় চৰকাৰে বছৰৰ পাছত বছৰ ধৰি ৰাজ্যৰ ৬ জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান নকৰাৰ প্ৰতিবাদত অসম বন্ধ আৰু অসম সচিবালয় ঘেৰাও কাৰ্যসূচী ঘোষণা কৰিছিল ছয় জনগোষ্ঠী ঐক্যমঞ্চই৷ বিশেষকৈ কেন্দ্ৰীয় চৰকাৰে শেহতীয়াভাৱে দেশৰ ৫খন ৰাজ্যৰ বহুকেইটা জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণৰ পাছত জাঙুৰ খাই উঠে অসমৰ ৬ জনগোষ্ঠী৷ কেন্দ্ৰীয় চৰকাৰৰ বঞ্চনাৰ প্ৰতিবাদত ছয় জনগোষ্ঠী অধ্যুষিত অঞ্চলসমূহত ব্যাপক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আছে ছয় জনগোষ্ঠী ঐক্যমঞ্চই৷ ছয় জনগোষ্ঠী ঐক্যমঞ্চৰ অন্তৰ্গত সংগঠন ক্ৰমে সদৌ মৰাণ ছাত্ৰ সন্থা, সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনী, সদৌ টাই আহোম ছাত্ৰ সন্থা, সদৌ কোঁচ-ৰাজবংশী ছাত্ৰ সন্থা, চুতীয়া যুৱ সন্মিলনী আৰু অসম চাহ জনজাতি ছাত্ৰ সন্থাই অসম চৰকাৰৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰি ২২ ছেপ্টেম্বৰত অসম সচিবালয় আৰু ২৬ ছেপ্টেম্বৰত অসম বন্ধৰ আহ্বান জনায়৷ ইয়াৰ পাছতে ছয় জনগোষ্ঠী ঐক্যমঞ্চক বুধবাৰে নিশা দিছপুৰলৈ আলোচনাৰ বাবে আমন্ত্ৰণ জনোৱা হয়৷ প্ৰথম অৱস্থাত মন্ত্ৰীদ্বয় ডাঃ ৰণোজ পেগু আৰু পীয়ূষ হাজৰিকাৰ সৈতে আলোচনাৰ বাবে আমন্ত্ৰণ জনোৱা হৈছিল ঐক্যমঞ্চক৷ কিন্তু ঐক্যমঞ্চই এই আমন্ত্ৰণ নাকচ কৰাত পৰৱৰ্তী সময়ত বুধবাৰে নিশাই মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰেও আলোচনাৰ প্ৰতিশ্ৰুতি দিয়া হয় ঐক্যমঞ্চৰ নেতৃত্বক৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা বুধবাৰে নতুন দিল্লীত ব্যস্ত থকাৰ বাবে এই আলোচনাৰ সময় নিশা ১১ বজাত নিৰ্ধাৰণ কৰা হয়৷ কিন্তু ঐক্যমঞ্চই মাজনিশাৰ এই আলোচনাৰ আমন্ত্ৰণক নাকচ কৰে৷ ঐক্যমঞ্চৰ স্পষ্ট অভিযোগ যে মুখ্যমন্ত্ৰীয়ে হওক বা মন্ত্ৰী পীয়ূষ হাজৰিকা বা ৰণোজ পেগুৱেই হওক কোনেও জনজাতিকৰণৰ বিষয়টোৰ ক্ষেত্ৰত কোনো ধৰণৰ চূড়ান্ত সিদ্ধান্ত দিব নোৱাৰে৷ এনেধৰণৰ আলোচনা ইতিপূৰ্বে বহুত হ’ল৷ নিৰ্বাচনৰ সময়ত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই নিজেই কৈছিল যে ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা দিলে অসমৰ পৰিস্থিতি ৰক্তাক্ত হ’ব৷ জনজাতিকৰণৰ বিল ৰাজ্যসভাত উত্থাপিত হোৱাৰ পাছতো মন্ত্ৰীগোটৰ প্ৰতিবেদন বিচৰা হ’ল৷ অসম চৰকাৰে কয়– মন্ত্ৰীগোটৰ প্ৰতিবেদন দিল্লীলৈ প্ৰেৰণ কৰা হৈছে৷ দিল্লীয়ে কয় প্ৰতিবেদন পোৱা নাই৷ গতিকে মাজনিশাৰ এনে আলোচনা অৰ্থহীন৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৪ চনৰ নিৰ্বাচনী প্ৰচাৰৰ সময়তে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দিছিল৷ সেয়াও কাৰ্যকৰী নহ’ল৷ সেয়ে এতিয়া ত্ৰিপাক্ষীক বৈঠক অনুষ্ঠিত কৰিলেহে ঐক্যমঞ্চই এই বৈঠকত অংশ ল’ব৷ কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু ঐক্যমঞ্চৰ মাজত এই বৈঠক অনুষ্ঠিত হ’ব লাগিব৷ এক ফলাফলকেন্দ্ৰিক আলোচনা হ’লেহে তাত ঐক্যমঞ্চই অংশ ল’ব৷ ঐক্যমঞ্চই পৰৱৰ্তী দুয়োটা আন্দোলনৰ কাৰ্যসূচী ৰূপায়িত কৰাৰ সিদ্ধান্তত অটল বুলিও ঘোষণা কৰে৷ উল্লেখ্য, ঐক্যমঞ্চই ৰাজ্য চৰকাৰৰ আলোচনা নাকচ কৰিলেও জনগোষ্ঠীকেইটাৰ অন্য একাংশ দল-সংগঠন বুধবাৰে নিশা মন্ত্ৰী পীয়ূষ হাজৰিকা আৰু ডাঃ ৰণোজ পেগুৰ সৈতে দিছপুৰত আলোচনাত মিলিত হয়৷ ইফালে, দিল্লীত একাধিক কাৰ্যসূচীত অংশ লোৱাৰ পাছত মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মা নিশা গুৱাহাটী অভিমুখে ৰাওনা হয়৷

জনজাতিকৰণৰ প্ৰক্ৰিয়াটোত জটিলতা আছেঃ মুখ্যমন্ত্ৰী

ছয় জনগোষ্ঠীৰ জনজাতিকৰণকলৈ অসমত এক উত্তপ্ত পৰিস্থিতি বিৰাজ কৰি থকাৰ সময়ত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ বিষয়টোত চৰকাৰৰ স্থিতি স্পষ্ট কৰে৷ মুখ্যমন্ত্ৰীৰ মতে, ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীক চৰকাৰে সমৰ্থন কৰে৷ চৰকাৰেও বিচাৰে যে তেওঁলোকে জনজাতিৰ মৰ্যাদা লাভ কৰক৷ পিছে সমগ্ৰ প্ৰক্ৰিয়াটোত থকা জটিলতাৰ বিষয়টো অনুধাৱন কৰাৰ বাবে তেওঁ আজি সকলোকে আহ্বান জনায়৷’ কিন্তু জনজাতিকৰণৰ ক্ষেত্ৰত থকা জটিলতাসমূহও আমি জানিব লাগিব’— নতুন দিল্লীত সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীয়ে এনেদৰে মন্তব্য কৰে৷ উল্লেখ্য যে, মঙলবাৰে তিনিচুকীয়াৰ শাসকীয় বিজেপি দলৰ বিধায়ক তেৰছ গোৱালাই জনজাতিকৰণকলৈ নিজৰ চৰকাৰৰ বিৰুদ্ধে বিষোদগাৰ কৰা পৰিলক্ষিত হৈছে৷ তেওঁৰ মতে, ছয় জনগোষ্ঠীৰ জনজাতিকৰণ হ’ব নে নাই সেয়া চৰকাৰে স্পষ্টকৈ জনাই দিব লাগে৷ জনপ্ৰতিনিধি হিচাপে তেওঁৰ নিজৰ সমষ্টিত ৰাইজৰ আগত উত্তৰ দিব নোৱৰা হৈছে বুলি তেওঁ ক্ষোভ ব্যক্ত কৰে৷ তেওঁৰ মতে এনেকৈ চলি থাকিলে নিৰ্বাচনত বিজেপিয়ে প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব৷ দৰাচলতে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই বিধায়কজনে কৰা এই মন্তব্যৰ প্ৰতিক্ৰিয়াস্বৰূপে দিল্লীত সাংবাদিকৰ আগত চৰকাৰৰ স্থিতি স্পষ্ট কৰি সমগ্ৰ বিষয়টোত থকা জটিলতাৰ কথা দাঙি ধৰে৷ তেওঁ কয় যে জনজাতিকৰণকলৈ থকা জটিলতাসমূহ এতিয়া আঁতৰাবলৈ চেষ্টা কৰি থকা হৈছে৷ আৰু যেতিয়াই এই জটিলতাসমূহ আঁতৰিব তেতিয়াই আমি জনজাতিকৰণৰ বিষয়টো আগুৱাই নিব পাৰিম’— সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত ড॰ শৰ্মাৰ এয়াই আছিল মন্তব্য৷ মুখ্যমন্ত্ৰীৰ মতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় কেবিনেটে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোত ইতিমধ্যে সিদ্ধান্ত লৈ ৰাখিছে৷ কেবিনেটে অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰস্তাৱত মঞ্জুৰি প্ৰদান কৰিছে৷ আনকি জনজাতিকৰণৰ হকে কেন্দ্ৰীয় চৰকাৰে সংসদৰ উচ্ছকক্ষ ৰাজ্যসভাত এখন বিধেয়ক উত্থাপন কৰি ৰাখিছে৷ এতিয়া কেৱল সেয়া ৰূপায়ণৰ ক্ষেত্ৰত থকা জটিলতাসমূহ আঁতৰাবলৈ চেষ্টা কৰি থকা হৈছে বুলি ড॰ শৰ্মাই স্পষ্টীকৰণ দিয়ে৷ 

প্ৰধানমন্ত্ৰী মোদীৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক

অসমত বিকাশৰ অগ্ৰগতিকলৈ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে এখন বৈঠকত মিলিত হয়৷ নতুন দিল্লীৰ ৭ লোককল্যাণ মাৰ্গস্থিত প্ৰধানমন্ত্ৰীৰ বাসভৱনত হোৱা আলোচনাকালত ব্ৰহ্মপুত্ৰৰ তলেৰে উত্তৰ পাৰৰ কলিয়াবৰ আৰু দক্ষিণ পাৰৰ জামুগুৰীৰ মাজত নিৰ্মাণ কৰিবলগীয়া সুৰংগৰ বিষয়টো বিশেষ গুৰুত্ব আৰোপ কৰে৷ আলোচনাৰ পাছত সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীয়ে এই কথা অৱগত কৰে৷ তেওঁ কয় যে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিকাশমূলক কাৰ্যসূচীৰ কথা মই প্ৰধানমন্ত্ৰীক অৱগত কৰিছোঁ৷ তদুপৰি, ব্ৰহ্মপুত্ৰৰ তলেৰে নিৰ্মাণ কৰিবলগীয়া সুৰংগৰ বিষয়টো আলোচনাত স্থান লাভ কৰে৷ আনহাতে, ২৪ নৱেম্বৰত নতুন দিল্লীৰ বিজ্ঞান ভৱনত অসম চৰকাৰে আয়োজন কৰা লাচিত দিৱসৰ মুখ্য অতিথি হিচাপে প্ৰধানমন্ত্ৰীক অংশ ল’বলৈ মুখ্যমন্ত্ৰীজনে আজি অনুৰোধ জনায়৷ তেওঁ কয় যে আনুষ্ঠানিকভাৱে প্ৰধানমন্ত্ৰীক ইতিমধ্যে আমন্ত্ৰণ জনোৱা হৈছে যদিও আজি তেওঁক বিষয়টো সোঁৱৰাই দিয়া হয়৷ মন কৰিবলগীয়া যে প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা এই আলোচনাৰ পূৰ্বে মুখ্যমন্ত্ৰীজনে কেন্দ্ৰীয় জাহাজ আৰু আয়ুষমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু প্ৰতিদিন গোষ্ঠীৰ সত্ত্বাধিকাৰী জয়ন্ত বৰুৱাই যৌথভাৱে প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰি অলপতে প্ৰকাশ পোৱা হেমকোষ অভিধানৰ ব্ৰেইল সংষ্কৰণ উপহাৰ হিচাপে প্ৰদান কৰে৷