Logo
image

ৰাইজৰ পদূলিত সুৰাৰ পোহাৰ

গাঁৱে-চহৰে খুলিব শ শ সুৰা বিপণী

সুৰাৰ ৰাজহত উৎসাহিত চৰকাৰ

প্ৰতিবেদন-১

আমাৰ অসম, ২২ ছেপ্টেম্বৰঃ কেন্দ্ৰীয় চৰকাৰে জি এছ টি ক্ষতিপূৰণ বন্ধ কৰি দিয়াত অৱধাৰিতভাৱেই অসম চৰকাৰ এতিয়া ভয়ংকৰ আৰ্থিক সংকটৰ মুখামুখি হৈছে৷ বিগত এটা বছৰত ১৭,১৩৫ কোটি টকা ঋণলোৱা হিমন্তবিশ্ব শৰ্মাৰ চৰকাৰৰ ধাৰ-ঋণৰ পৰিমাণ ১ লাখ কোটি টকাৰ অতিক্ৰম কৰিছে৷ ইয়াৰ মাজতে চৰকাৰে এখনৰ পাছত আনখন হিতাধিকাৰী আঁচনি ঘোষণা কৰি ভোটাৰ ৰাইজৰ ক্ষোভ নিৰাময়ৰ চেষ্টা কৰাত ৰাজকোষ একেবাৰে উদং হৈ পৰিছে৷ স্বাভাৱিকতেই এতিয়া ৰাজহ ঘাটি জোৰা মৰাৰ বাবে সাধাৰণ নাগৰিকৰ ওপৰত আৰোপিত কৰ-কাটল বৃদ্ধি কৰাৰ যেন বিকল্প নোহোৱা হৈছে৷ অপ্ৰিয় হ’লেও সত্য যে আবকাৰী ৰাজহ এতিয়া অসম চৰকাৰৰ ৰাজভঁৰালৰ চালিকা শক্তিত পৰিণত হৈছে৷ এক কথাত সুৰাপায়ী অৰ্থাৎ মদাহীয়েই চৰকাৰ চলোৱা বুলি ক’লেও যেন ভুল কৰা নহ’ব৷ শেহতীয়া বিশ্বকৰ্মা পূজাৰ দিনটোতে কেৱল গুৱাহাটী মহানগৰীত ৬.২০ কোটি টকাৰ সুৰা বিক্ৰীৰ অভিলেখ ৰচিছে৷ ইয়াৰ বিপৰীতে চৰকাৰে আবকাৰী ৰাজহ লাভ কৰিছে ২.২৫ কোটি টকা৷ আনহাতে বিশ্বকৰ্মা পূজাত সমগ্ৰ অসমতে ১০ কোটি টকাৰো অধিক সুৰা বিক্ৰী হৈছে৷ সুৰাই ৰাজকোষলৈ ৰাজহৰ ধল নমাই অনাত উৎসাহিত হৈ পৰিছে হিমন্তবিশ্ব শৰ্মাৰ চৰকাৰ৷ আবকাৰী ৰাজহ আশা-ভৰষাৰ শেষ সম্বলত পৰিণত হোৱাত ৰাজ্য চৰকাৰে গাঁৱে-ভূঞে তথা চহৰ-নগৰৰ অলিয়ে-গলিয়ে নতুনকৈ শ শ বিদেশী সুৰাৰ বিপণী অৰ্থাৎ ৱাইন শ্বপৰ অনুজ্ঞাপত্ৰ দিয়াৰ বাবে সাজু হৈছে৷ ইতিমধ্যে মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ নেতৃত্বাধীন আবকাৰী বিভাগে প্ৰতিখন জিলাৰ আবকাৰী অধীক্ষকলৈ পত্ৰ প্ৰেৰণ কৰি নতুনকৈ ৱাইন শ্বপৰ লাইচেন্স দিব পৰা অঞ্চলৰ জৰীপ কৰি তালিকা দাখিল কৰিবলৈ নিৰ্দেশ দিছে৷ আবকাৰী বিভাগে চহৰ এলেকাৰ লগতে গাঁও পঞ্চায়তৰ এলেকাৰ অন্তৰ্গত সুৰা বিক্ৰী হোৱাৰ সম্ভাৱনাময় তথা জনবসতি প্ৰধান ৰাজহুৱা স্থানসমূহ বাছনি কৰিবলৈ নিৰ্দেশ দিছে৷ নক’লেও হ’ব যে বিভাগীয় মুৰব্বীৰ পৰা এই নিৰ্দেশ লাভ কৰাত এতিয়া গাঁৱৰ পদুলিয়ে পদুলিয়ে ৱাইন শ্বপ বঢ়োৱাৰ বাবে স্থান নিৰ্ধাৰণৰ তালিকা প্ৰস্তুত কৰিছে আবকাৰী অধীক্ষকসকলে৷ ইতিমধ্যে কামৰূপ, নগাঁৱকে ধৰি কেইবাখনো জিলাই ৱাইন শ্বপৰ অনুজ্ঞাপত্ৰ দিব পৰা স্থানৰ তালিকা দাখিল কৰিছে৷ নগাঁও জিলাত নতুনকৈ ১৯টা স্থান চিনাক্ত কৰি বিলাতী সুৰাৰ বিপণী স্থাপনৰ বাবে তালিকা দাখিল কৰিছে৷ পূৰ্বৰে পৰা ৱাইন শ্ব’প থকা অঞ্চলৰ সৰ্বনিম্ন ১ কিলোমিটাৰ দূৰত্বৰ ব্যাসাৰ্ধৰ ভিতৰত নতুনকৈ ৱাইন শ্বপৰ প্ৰস্তাৱ দিছে৷ আনকি অন শ্ব’প অৰ্থাৎ বাৰ থকা অঞ্চলতো ৱাইন শ্ব’পৰ প্ৰস্তাৱ দিয়াৰ লগতে ব্যৱসায়ীক এলেকাতো নতুনকৈ ৱাইন শ্ব’পৰ প্ৰস্তাৱ দিয়া দেখা গৈছে৷ তথ্য অনুসৰি মধ্য অসমৰ নগাঁও জিলাত বেবেজীয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত বেবেজীয়া, বঢ়মপুৰ গাঁও পঞ্চায়তৰ বঢ়মপুৰ, হাতীচুং গাঁও পঞ্চায়তৰ জামুগুৰি, হালুৱাগাঁও পঞ্চায়তৰ পুৰণিগুডাম কখাৰি গাঁও, জামুগুৰি কুজিধা গাঁও পঞ্চায়তৰ জামুগুৰি চাৰিআলি, চাপানলা, লাওখোৱা ৰোড, গোসাঁইবড়ী গাঁও পঞ্চায়তৰ কাকমাৰি, ডিফলু গাঁও পঞ্চায়তৰ পলসনি, চামগুৰি গাঁও পঞ্চায়তৰ চামগুৰি, ডেকাৰঘাট গাঁও পঞ্চায়তৰ ডেকাৰঘাট ন বেবেজিয়া, হাতীপাৰা গাঁও পঞ্চায়তৰ হাতীপাৰা, দক্ষিণপাট গাঁও পঞ্চায়তৰ দক্ষিণপাট চাৰিআলি, ননৈ গাঁও পঞ্চায়তৰ ননৈ, ধিং গেট যদুমণি মাৰ্কেট, বেঙেনাআটী গাঁও পঞ্চায়তৰ বৰঘাট আৰু নগাঁও পৌৰ এলেকাৰ নাজিৰাজান এৰিয়াত এখনকৈ ৱাইন শ্বপৰ অনুজ্ঞাপত্ৰ দিয়াৰ প্ৰস্তাৱ দিয়া হৈছে৷ তদুপৰি জিলাখনৰ শেনচোৱা গাঁও পঞ্চায়তৰ অধীনত দুখন ৱাইন শ্বপৰ প্ৰস্তাৱ দিছে৷ আশ্চৰ্যজনকভাৱে নূ্ন্যতম ৩,৯৪৯জন জনসংখ্যা থকা এলেকাতো ৱাইন শ্বপৰ বিপণীৰ প্ৰস্তাৱ দিয়া দেখা গৈছে৷ একেদৰে গুৱাহাটীৰ সমীপৱৰ্তী কামৰূপ জিলাত নতুনকৈ সৰ্বাধিক ৪৪খন ৱাইন শ্বপৰ প্ৰস্তাৱ দিয়া হৈছে৷ ইতিমধ্যে এই প্ৰস্তাৱত আবকাৰী আয়ুক্তালয়ে অনুমোদনো জনাইছে৷ অৱশ্যে কেইবাখনো জিলাই নতুনকৈ ৱাইন শ্বপ বঢ়োৱাৰ বাবে স্থান চিনাক্ত কৰি তালিকা প্ৰেৰণ কৰিবলৈ এতিয়াও বাকী আছে৷ আবকাৰী বিভাগৰ এই সিদ্ধান্তত এটা কথা স্পষ্ট হৈ পৰিল যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি-মিত্ৰজোঁটৰ চৰকাৰৰ কাৰ্যকালত অসমৰ গাঁৱৰ পদুলিয়ে পদুলিয়ে সুৰাৰ বন্যা ব’ব৷ যি সময়ত গ্ৰামাঞ্চলত সুৰামুক্তিৰ বাবে মহিলা সমাজে প্ৰতিবাদ সাব্যস্ত কৰিছে, তেনে সময়ত বিজেপি-মিত্ৰজোঁটৰ চৰকাৰে ওলোটাই গ্ৰামাঞ্চলতো সুৰাৰ বিপনীৰ খোলাৰহে সিদ্ধান্ত লৈছে৷ স্বাভাৱিকতেই গাঁৱে গাঁৱে বিলাতী সুৰা উভৈনদী হৈ পৰিলে যুৱ প্ৰজন্মৰ লগতে বহু পৰিয়ালৰ যে ভৱিষ্যৎ ধবংস হৈ যাব, সেয়া ভুক্তভোগীৰ বাহিৰে আন কোনেও উপলব্ধি কৰিব নোৱাৰিব৷