Logo
image

মোদীৰ শান্তি প্ৰস্তাৱ পুটিনৰ যুদ্ধ হুংকাৰ

আমাৰ অসম, ২২ ছেপ্টেম্বৰঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উজবেকিস্তানৰ সমৰখণ্ডত মুখামুখিকৈ লগ পাওতে যুদ্ধ বন্ধ কৰিবলৈ বুজনি দি উভতি আহি দিল্লীত থিত নৌলাগোঁতেই ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্‌লাডিমিৰ পুটিনে ব্যাপক সমৰসজ্জা আৰম্ভ কৰি পশ্চিমীয়া দেশকো পাৰমাণৱিক অস্ত্ৰৰে শেষ কৰি দিব বুলি ভাবুকি দিছে৷ পাৰমাণৱিক অস্ত্ৰৰ ব্যৱহাৰৰ ভাবুকি যে কেৱল কথাৰ কথা [ব্লাফ] নহয় তাকো পুটিনে ৰাষ্ট্ৰক উদ্দেশ্যি দিয়া ভাষণত স্পষ্ট কৰি দিছে৷ প্ৰতিবেশী দেশ ইউক্ৰেইনক এইবাৰ সমুলঞ্চে ধুলিসাৎ কৰিবলৈ ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে ব্যাপক হাৰত সেনাৰ সঞ্চালন আৰম্ভ কৰিছে আৰু সংৰক্ষিত কৰি ৰখা তথা পূৰ্বে সেনাবাহিনীত সেৱা আগবঢ়োৱা অসামৰিক নাগৰিকক সেনাবাহিনীত ভৰ্তি হৈ নিৰ্ণায়ক যুদ্ধত অৱতীৰ্ণ হ’বলৈ কঠোৰ নিৰ্দেশ জাৰি কৰিছে৷ দ্বিতীয় বিশ্বযুদ্ধত ৰাষ্ট্ৰপতি যোছেফ ষ্টেলিনে যুদ্ধ ঘোষণা কৰাৰ পাছত এইবাৰেই প্ৰথম ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে নিজমুখে যুদ্ধ আৰু সেনা সমাৱেশৰ কথা ঘোষণা কৰিলে৷ বুধবাৰে পুটিনে সেনা সমাবেশ, সঞ্চালনৰ ‘ডিক্ৰী’ত স্বাক্ষৰ কৰি এই কঠোৰ নিৰ্দেশৰ বিষয়ে ৰাষ্ট্ৰীয় টেলিভিছনৰ জৰিয়তে ঘোষণা কৰাত ইতিমধ্যে আঠ মাহ অতিক্ৰম কৰা ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ মাজতে পশ্চিমীয়া দেশত ব্যাপক আতংকৰ সৃষ্টি হৈছে৷ এই আতংকৰ মূল কাৰণ হ’ল– ভ্‌লাডিমিৰ পুটিনে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ বিকল্প স্বৰূপাৰ্থতে গ্ৰহণ কৰাৰ বাবে বিবেচনা কৰা বুলি দিয়া ঘোষণা৷ পুটিনে তেওঁৰ ঘোষণাত কৈছে যে, আঞ্চলিক অখণ্ডতাৰ ওপৰত কোনো আঘাত আহি পৰিলে ৰাছিয়া মনে মনে বহি নাথাকে৷ তেতিয়া ৰাছিয়াই তেওঁলোকৰ হাতত থকা যিকোনো অস্ত্ৰ [পাৰমাণৱিক] ব্যৱহাৰ কৰিব৷ তেনে অস্ত্ৰ ব্যৱহাৰ কৰিব বুলি কোৱাতো কেৱল কথাৰ কথা নহয়, সেয়া সত্য৷ আঞ্চলিক অখণ্ডতা ৰক্ষা কৰাৰ বাবে ৰাছিয়াই বিশ লাখ সংৰক্ষিত সেনাবাহিনীৰ এটা বৃহৎ অংশক সক্ৰিয়ভাৱে সঞ্চালন কৰিব৷ প্ৰসংগতঃ উল্লেখযোগ্য, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা শুকুৰবাৰে ভ্‌লাডিমিৰ পুটিনক ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াই চলাই থকা যুদ্ধ বন্ধ কৰাৰ আহ্বান জনাইছিল৷ ভাৰতীয় মিডিয়াই আৰু বিশ্বৰ একাংশ সংবাদ মাধ্যমে সেই বাতৰি গুৰুত্বসহকাৰে প্ৰকাশ কৰিছিল৷ মোদী আৰু পুটিন দুয়ো মুখামুখি হৈছিল ছাংহাই সহযোগিতা পৰিষদৰ বৈঠকত অৱসৰত উজবেকিস্তানৰ সমৰখণ্ডত৷ মোদীৰ সেই আহ্বানক পশ্চিমৰ ৰাষ্ট্ৰনেতায়ো শলাগিছিল৷ ৰাষ্ট্ৰসংঘৰ বৈঠকত ফৰাচী ৰাষ্ট্ৰপতি ইমানুৱেল মেঁক্ৰ’ৱে মোদীৰ প্ৰচেষ্টাৰ শলাগ লৈছিল৷ ভাৰতৰ সংবাদ মাধ্যমত মোদীৰ সেই প্ৰয়াসক ভুৰি ভুৰি প্ৰশংসা কৰা হৈছিল৷ কিন্তু প্ৰশংসা শেষ নহওঁতেই বুধবাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্‌লাডিমিৰ পুটিনে যি মূৰ্তি দেখুৱাইছে, তাকে দেখি সকলোৰে চূৰ্তি হেৰোৱাৰ উপক্ৰম ঘটিছে৷ পুটিনৰ খঙৰ মূল কাৰণ ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধত ৰাছিয়াই প্ৰত্যাশিত সফলতা লাভ নকৰা৷ ইয়াৰ প্ৰকৃত কাৰণ হৈছে যুদ্ধত প্ৰত্যক্ষভাৱে ভাগ নোলোৱাকৈয়ো আমেৰিকা তথা ইউৰোপৰ পশ্চিমীয়া দেশসমূহে অস্ত্ৰ-শস্ত্ৰৰে ইউক্ৰেইনক প্ৰথমৰ পৰাই সহায় কৰাতো৷ সেই অস্ত্ৰৰে বলীয়ান হৈ ইউক্ৰেইনে যোৱা আঠ মাহ ধৰি ৰাছিয়াক প্ৰবল পৰাক্ৰমেৰে ভেটিবলৈ সক্ষম হৈছে৷ আনকি শেহতীয়াকৈ ইউক্ৰেইনৰ সেনাবাহিনীৰ প্ৰত্যাক্ৰমণত ৰাছিয়াই ইতিমধ্যে দখল কৰি লোৱা বহু অঞ্চল এৰি দিবলগীয়া হৈছে৷ ইয়াৰ আঁৰত যে পশ্চিমীয়া শক্তিৰ সামৰিক সাহায্য সেয়া গোপন হৈ থকা নাই৷ যুদ্ধ যিমানে দীঘলীয়া হৈছে ৰাছিয়াৰ ক্ষতিৰ পৰিমাণ সিমানে বৃদ্ধি পাইছে৷ যদিহে ৰাছিয়াই ঈপ্সিত লক্ষ্য পূৰণ নকৰাকৈ বা ইউক্ৰেইনক পদদলিত নকৰাকৈ যুদ্ধ সামৰিবলগীয়া হয়, তেন্তে বিশ্বৰ ওচৰত কেৱল মান-সন্মান যোৱাই নহয়, ছুপাৰ পাৱাৰ ৰাছিয়া পশ্চিমৰ দেশৰ ওচৰত ক্ষুদ্ৰ শক্তিলৈ পৰ্যবসিত হ’ব লাগিব৷ শীতল যুদ্ধৰ অৱসানৰ পাছত এতিয়া আমেৰিকাৰ নেতৃত্বত নাটোৰ অন্তৰ্ভুক্ত দেশৰ শক্তি বিশ্বৰ অদ্বিতীয়৷ বিশ্বৰ কুটনীতিত প্ৰায় অকলশৰীয়া হৈ পৰা ৰাছিয়াৰ গোষ্ঠীত সম্প্ৰতি প্ৰত্যক্ষভাৱে তেনে কোনো শক্তি নাই৷ ৰাছিয়াৰ প্ৰতি চীনৰ সমৰ্থন থাকিলেও দুয়োখন দেশ যুদ্ধৰ ক্ষেত্ৰতো মিত্ৰ বুলি কোনো দ্বিপাক্ষিক ৰণকৌশলগত চুক্তিত আৱদ্ধ হৈ থকা নাই৷ ফলত ৰাছিয়াৰ বাবে, মূলতঃ ৰাষ্ট্ৰপতি পুটিনৰ বাবে এতিয়া– ‘সাতোঁৰ, সাঁতোৰ নিজ বাহুবলে, সাঁতুৰিব নোৱাৰ যা ৰসাতলে’ৰ দৰে অৱস্থান৷ সেয়ে পুটিনে বুধবাৰে তেওঁৰ মনোভাৱ মুকলিকৈ প্ৰকাশ কৰিছে আৰু বৃহৎ সংখ্যাত সেনা সঞ্চালনৰ কথা নিজমুখে ঘোষণা কৰিছে৷ যুদ্ধ আৰম্ভ হোৱাৰ পৰাই নহয়, দ্বিতীয় বিশ্বযুদ্ধত জোছেফ ষ্টেলিনৰ পাছত ৰাছিয়াৰ ৰাষ্ট্ৰপতি হিচাপে পুটিনৰ এই পদক্ষেপ বিগত প্ৰায় ৮০ বছৰত প্ৰথম৷ পুটিনক এতিয়া যুদ্ধৰ চয়-নিচয় লাগে৷ নিৰ্ণায়ক যুদ্ধলৈ সাজু হোৱা পুটিনে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ আহ্বান ইখন কাণেৰে শুনি সিখন কাণেৰে উলিয়াই দিয়াৰ প্ৰমাণ বুধবাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ ঘোষণাতে প্ৰমাণিত হৈছে৷ মোদীয়ে তেওঁৰ আহ্বানৰ প্ৰশংসা বুটলি শেষ নৌকৰোঁতেই পুটিনে মোদীৰ বাক্য কৰ্ণপাত নকৰাৰ ঘটনা প্ৰকাশ পোৱাত নতুন দিল্লী অস্বস্তিৰ সন্মুখীন হৈছে৷