Logo
image

কতৃৰ্পক্ষৰ নিষ্পেষণৰ চূড়ান্ত ৰূপ নিতৌ মৃত্যু একাধিক শ্ৰমিকৰ

আমাৰ অসম, ২২ ছেপ্টেম্বৰঃ মণিপুৰত ভূমিস্খলনৰ ফলত ৰে’ল প্ৰকল্পত কৰ্মৰত অসমৰ কুৰিজন শ্ৰমিকৰ শোকাৱহ মৃত্যুৰ চাঞ্চল্য মাৰ নৌযাওঁতেই অসমতো কয়লা খনি তথা উদ্যোগ প্ৰতিষ্ঠানৰ কতৃৰ্পক্ষৰ ভুলৰ বাবে এজনৰ পাছত এজন শ্ৰমিকে মৃত্যুক সাৱটিবলগীয়া হৈছে৷ লিডুত অবৈধ কয়লাখনিত মালিকপক্ষৰ গুৰুত্বহীনতাৰ বাবেই দুদিনপূৰ্বে তিনিজন শ্ৰমিক মৃত্যু হ’বলগীয়া হৈছে৷ লিডুৰ মোলোং পাহাৰত কয়লাখনিত বিষাক্ত গেছ নিৰ্গত হৈ কৰুণ মৃত্যুক আকোঁৱালি লয় যোগীঘোপাৰ ছহিদুল ইছলাম, হুছেইন আলী আৰু গোৱালপাৰাৰ আছমত আলীয়ে৷ কয়লা মাফিয়া ডেভিদ নাগাৰ মালিকানাধীন ৰেট হল কয়লা খনিটোত শ্ৰমিকসকলক ইমানেই শোষণ-নিষ্পেষণ চলোৱা হয় যে দুৰ্ভাগ্যজনকভাৱে মৃত্যুমুখত পৰা শ্ৰমিককেইজনৰ মৃতদেহকেইটাও স-সন্মানেৰে ঘৰলৈ পঠাই দিয়াৰ পৰিৱৰ্তে সমগ্ৰ বিষয়টো গাপ দি ৰাখিবলৈ এছকেভেটৰে মাটি খান্দি পুতি থোৱা হ’ল তিনিও শ্ৰমিকৰ মৃতদেহ৷ অৱশ্যে শেষত পৰিয়ালৰ লোক অৱগত হৈ আৰক্ষী-প্ৰশাসনক অভিযোগ কৰাত মৃতদেহকেইটা মাটি খান্দি উদ্ধাৰ কৰা হয়৷ ইফালে, কামৰূপ জিলাৰ কমলপুৰতো নৰ্থ ইষ্ট পলি পাইপ এণ্ড পৱন ক্ৰাফ্‌ট পেপাৰ নামৰ উদ্যোগটোত বুধবাৰে এজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ হয়৷ উদ্যোগটোৰ মালিকপক্ষৰ মানসিক নিৰ্যাতনৰ বাবেই শ্ৰমিকজনৰ মৃত্যু হোৱা বুলি পৰিয়ালৰ লোকে অভিযোগ কৰিছে৷ আনহাতে, যোগীঘোপাৰ কয়লা ডিপুত কৰ্মৰত এজন শ্ৰমিকৰো কৰুণ মৃত্যুৰ ঘটনা পোহৰলৈ আহিছে৷ ইয়াৰ পূৰ্বেও ৰাজ্যৰ চাহ উদ্যোগৰ কলঘৰত কেইবাজনো শ্ৰমিকে আঘাতপ্ৰাপ্ত হোৱা ঘটনা সংঘটিত হৈছিল৷ ডিব্ৰুগড়ৰ লেপেটকাটা চাহ বাগিচাৰ কলঘৰৰ চিটিচি মেচিনত সোমাই মূৰৰ ছাল-চুলি এৰি গৈছিল মইনা নায়ক নামৰ মহিলা শ্ৰমিকগৰাকীৰ৷ অথচ চাহ বাগানৰ কলঘৰত মহিলা শ্ৰমিকৰ প্ৰৱেশৰ কোনো অনুমতিয়েই নাই৷ শাসকপক্ষৰ ঘনিষ্ঠ কলকাতাৰ ব্যৱসায়ী ৰুদ্ৰ চেটাৰ্জীৰ মালিকানাধীন বাগান কতৃৰ্পক্ষই নীতিবহিৰ্ভূতভাৱে মইনা নায়কক কলঘৰৰ কামত নিয়োগ কৰিছিল৷ শ্ৰমিক আইন উলংঘন কৰি মালিকপক্ষই শ্ৰমিকসকলক নিৰ্যাতন-শোষণ চলোৱাৰ বাবেই ৰাজ্যত শ্ৰমিকৰ দুৰ্ভাগ্যজনক মৃত্যুৰ ঘটনা বৃদ্ধি পাইছে৷ শ্ৰমজীৱী লোকৰ মৃত্যুৰ ঘটনা বৃদ্ধি পালেও চৰকাৰৰ বাবে আজিও শ্ৰমিকৰ মূল্য শূন্য৷

লিডুৰ কয়লাখনিত শ্ৰমিক নিহত, পাঁচজন জে’ললৈ

লিডুৰ অবৈধ কয়লাখনিত তিনিজনকৈ শ্ৰমিকৰ মৃত্যুৰ ভয়ংকৰ ঘটনাই জোকাৰি যোৱাৰ পাছত তৎপৰ হৈ পৰিছে আৰক্ষী৷ নিহত তিনি শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰি চলোৱা অভিযানত কয়লা মাফিয়াসহ মুঠ ৮জনক আটক কৰিছিল৷ আৰক্ষীয়ে সোধ-পোছৰ অন্তত বিজন ৰয় ৰাণা দাস আনোৱাৰ হুছেইন ওৰফে চুফি বাবাসহ ৫জনক আজি আদালতত হাজিৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰে৷ চোৰাং কয়লাৰ চিণ্ডিকেটৰ লগত জড়িত লোকৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে৷ উল্লেখ্য যে, যোৱা দেওবাৰৰ নিশা পাটকাই পাহাৰৰ দুৰ্গম স্থানৰ ডেভিদ নাগা নামৰ লোকজনৰ অবৈধ কয়লাখনিত[ ৰেট হল মাইনিং] বিষাক্ত গেছৰ কৱলত পৰি তিনিজন শ্ৰমিকৰ মৃত্যু হৈছিল৷ তিনিচুকীয়া জিলাৰ লিডুৰ পাটকাই পাহাৰৰ দুৰ্গম স্থানত তিনি কয়লা চোৰ শ্ৰমিক মৃত্যু হোৱাৰ ঘটনাৰ তদন্তৰ দাবী আমছুৰ৷  সংগঠনটোৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি ফিৰোজুৰ ৰহমানে অবৈধ কয়লা খনন আৰু শ্ৰমিক নিয়োজিত কৰা বিষয়টোৰ উচ্ছস্তৰীয় তদন্তৰ দাবী জনাইছে৷ অন্যহাতে, সংগঠনটোৱে নিহত শ্ৰমিককেইজনৰ পৰিয়ালক ক্ষতিপূৰণ বা এককালীন সাহায্য দিয়াৰ বাবে আহ্বান জনাইছে৷