Logo
image

ৰাজ্যত অপহৰণকাৰী তৎপৰ, লক্ষ্য শিশু-কিশোৰ

আমাৰ অসম, ২২ ছেপ্টেম্বৰঃ ডাইনীৰ পৰা সোপাধৰালৈ, চাইবাৰ অপৰাধীৰ পৰা জেপলুৰুকালৈ, দিন ডকাইতৰ পৰা গভাইত চোৰলৈ– অজস্ৰ অপৰাধীৰে ভৰি পৰিছে অসম৷ গাৰ্হস্থ্য হিংসা আৰু নাৰীজনিত অপৰাধকে ধৰি প্ৰায় সকলো অপৰাধৰ ক্ষেত্ৰতেই ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমৰ গ্ৰাফ ক্ৰমশঃ ঊধবৰ্গামী হৈছে৷ এনে এটা অবাঞ্ছিত পৰিস্থিতিৰ মাজতে আন এক অপৰাধমূলক ঘটনাই সন্ত্ৰস্ত কৰিছে ৰাজ্যৰ বিভিন্ন স্তৰৰ লোকক৷ প্ৰশাসনৰ শেনচকু আৰু তথাকথিত স্মাৰ্ট আৰক্ষীৰ দিবা-নৈশ তৎপৰতাৰ মাজতে গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন ঠাইত তৎপৰ হৈ পৰিছে অপহৰণকাৰী৷ কেৱল সাবালক, যুৱক-যুৱতী আৰু বিষয়া-ব্যৱসায়ীক অপহৰণ কৰিয়েই ক্ষান্ত হোৱা নাই এই শক্তিশালী অপহৰণকাৰী চক্ৰটো৷ আৰ্থিক আৰু ৰাজনৈতিকভাৱে বিশেষ প্ৰতিপত্তিশীল এই অপহৰণকাৰী চক্ৰটোৰ সহজ লক্ষ্য হৈ পৰিছে শিশু আৰু কিশোৰ-কিশোৰীসকল৷ শেহতীয়াভাৱে ৰাজ্যৰ বিভিন্ন ঠাইত সংঘটিত হৈছে শিশু আৰু নাবালক অপহৰণৰ বিভিন্ন ঘটনা৷ এনেধৰণৰ ঘটনা ক্ৰমাৎ বৃদ্ধি পোৱা কাৰ্যই অভিভাৱকসকলক আতংকিত কৰাৰ লগতে ঘৰৰ বাহিৰলৈ ওলাই যোৱা শিশু-কিশোৰৰ নিৰাপত্তাক লৈ শংকাৰ সৃষ্টি কৰিছে৷ এনেধৰণৰ ঘটনা ৰোধ কৰিবৰ বাবে কেনেধৰণৰ ফলপ্ৰসু ব্যৱস্থা গ্ৰহণ কৰা হ’ব সেয়া এতিয়ালৈকে অসম আৰক্ষীয়ে ভাবি পোৱা নাই– উপায় উলিয়াব পৰা নাই৷ অসম আৰক্ষীৰ এই নিষ্ক্ৰিয় ভূমিকা আৰু ব্যৰ্থতাই স্বাভাৱিকতে ৰাইজক ক্ষুব্ধ আৰু অধিক আতংকিত কৰি তুলিছে৷ গুৱাহাটীৰ ৰিহাবাৰীৰ পৰা দুই ছেপ্টেম্বৰত অপহৰণ কৰা এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰীক শেহতীয়াভাৱে ১৯ ছেপ্টেম্বৰত গুৱাহাটীৰ পল্টনবজাৰ আৰক্ষীয়ে উত্তৰ প্ৰদেশত উদ্ধাৰ কৰে৷ আনহাতে, মাহমৰাত বুধবাৰে এজন পঞ্চম শ্ৰেণীৰ ছাত্ৰক অপহৰণ কৰা হয়৷ এয়া মাত্ৰ দুটা উদাহৰণহে৷ এনেধৰণৰ ঘটনা প্ৰতিনিয়ত বৃদ্ধি পাইছে গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত৷ চৰকাৰ তথা আৰক্ষী-প্ৰশাসনে এই সন্দৰ্ভত অচিৰেই ফলপ্ৰসু-কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰিলে পৰিস্থিতি অধিক ভয়াৱহ আৰু জটিল হৈ পৰিব৷

মাহমৰাত পঞ্চম শ্ৰেণীৰ ছাত্ৰক অপহৰণ

চৰাইদেউ জিলাৰ মাহমৰাৰ দিচাংপানীত আজি পঞ্চম শ্ৰেণীৰ এজন ছাত্ৰৰ অপহৰণকাণ্ডই সমগ্ৰ জিলাখনকে জোকাৰি গৈছে৷ জানিব পৰা মতে, মাহমৰাৰ দিচাংপানী দলঙৰ সমীপত থকা এটা জিৰণি চ’ৰাৰ পৰা বগা ৰঙৰ ইউনিফৰ্ম ছাৰ্ট পৰিহিত এজন ছাত্ৰক সোণাৰি-ডবা-চেপন পথেৰে সোণাৰি দিশৰ পৰা চেপন অভিমুখে অহা এখন নীলা ৰঙৰ মাৰুতি ভানত অহা এটা দুৰ্বৃত্তৰ দলে জোৰ-জুলুমকৈ গাড়ীত উঠাই তীব্ৰবেগে চেপন অভিমুখে গতি কৰে৷ ছাত্ৰজনক এনেদৰে অতৰ্কিতে গাড়ীত উঠাই নিয়া কাণ্ডক জিৰণি চ’ৰাটোত থকা ধেমাজি দিচাংপানী উচ্ছতৰ মাধ্যমিক বিদ্যালয়ত সপ্তম শ্ৰেণীত অধ্যয়নৰত কেইবাজনো ছাত্ৰীয়ে প্ৰত্যক্ষ কৰি বিদ্যালয়ৰ শিক্ষকসকলক অৱগত কৰে৷ অপহৰণকাৰীয়ে বিদ্যালয়ৰ ছাত্ৰক অপহৰণ কৰাৰ আশংকা কৰি বিদ্যালয়ত একপ্ৰকাৰ আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়৷ অৱশ্যে ইতিমধ্যে ছমহীয়া পৰীক্ষা দি ঘৰলৈ যোৱা ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱকৰ সৈতে যোগাযোগ কৰি অপহূত ছাত্ৰজন উক্ত বিদ্যালয়ৰ নহয় সেয়া নিশ্চিত হয়৷ উল্লেখ্য, আজি আগবেলা অনুষ্ঠিত ছমহীয়া পৰীক্ষা দি অভিভাৱকৰ বাবে পথৰ দাঁতিৰ উক্ত জিৰণি চ’ৰাটোত অভিভাৱকৰ বাবে অপেক্ষা কৰি আছিল ছাত্ৰজনে৷ আনহাতে, একে সময়তে ধেমাজি দিচাংপানী উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ কেইজনমান ছাত্ৰী জিৰণি চ’ৰাটোত উপস্থিত আছিল৷ উল্লেখ্য, ছাত্ৰীকেইগৰাকীৰ সন্মুখতে অপহৰণ কাণ্ডটো সংঘটিত হয়৷ ইতিমধ্যে এই অপহৰণ কাণ্ডৰ খবৰ অঞ্চলটোত বনজুইৰ দৰে বিয়পি পৰে৷ ঘটনাৰ খবৰ পাই চেপন আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাৰ লগতে ধেমাজি দিচাংপানী উচ্ছতৰ মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈ প্ৰত্যক্ষদৰ্শী ছাত্ৰীকেইগৰাকীৰ ভাষ্য গ্ৰহণ কৰে৷ ছাত্ৰীকেইগৰাকীয়ে জানিবলৈ দিয়া মতে, অপহূত ছাত্ৰজন পঞ্চম শ্ৰেণীত অধ্যয়নৰত, কিন্তু অপহূত ছাত্ৰজন কোন বিদ্যালয়ৰ সেয়া তেওঁলোকৰ অজ্ঞাত বুলি জানিবলৈ দিয়ে৷ ঘটনা সন্দৰ্ভত সামাজিক মাধ্যমত ব্যাপক চৰ্চা আৰম্ভ হোৱাত চৰাইদেউ জিলা আৰক্ষীয়ে জিলাখনৰ সকলো থানাৰ আৰক্ষীকে সষ্টম হ’বলৈ নিৰ্দেশ দিয়ে৷ চৰাইদেউ আৰক্ষীয়ে ছাত্ৰজনৰ সন্ধানত সমগ্ৰ জিলাখনতে অভিযান চলোৱাৰ লগতে সম্ভাৱ্য আটাইকেইটা পথতে আৰক্ষীয়ে তালাচী অভিযান অব্যাহত ৰাখিছে৷ ইফালে এতিয়ালৈকে অপহূত ছাত্ৰজনৰো সঠিক তথ্য পোহৰলৈ অহা নাই৷  অপহৰণ কাণ্ডটোৰ পাছতেই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷

গুৱাহাটীৰ অপহূত কিশোৰীক উত্তৰ প্ৰদেশত উদ্ধাৰ

নাৰীজনিত অপৰাধ নিয়ন্ত্ৰণ কৰিবলৈ ৰাজ্য চৰকাৰে কঠোৰ স্থিতি গ্ৰণ কৰাৰ সময়তে ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে শিশু-কিশোৰীৰ অপহৰণৰ ঘটনা৷ নাৰীজনিত অপৰাধৰ বিৰুদ্ধে অসম আৰক্ষীয়ে যিমানেই তৎপৰ হৈছে ৰাজ্যত সিমানেই তৎপৰ হৈছে অপহৰণকাৰী৷ এইবাৰ অপহৰণকাৰীয়ে শিশু-কিশোৰক লক্ষ্য হিচাপে বাছি লৈছে৷ গুৱাহাটীৰ ৰিহাবাৰীৰ পৰা অপহৰণ কৰি নিয়া এগৰাকী কিশোৰীক মহানগৰ আৰক্ষীয়ে উত্তৰ প্ৰদেশৰ পৰা উদ্ধাৰ কৰাৰ লগতে অপহৰণকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ আৰক্ষীৰ সূত্ৰই জনোৱা মতে, উত্তৰ প্ৰদেশৰ বাসিন্দা অশোক কুমাৰ নামৰ যুৱকজনে ইনষ্টাগ্ৰামৰ জৰিয়তে গুৱাহাটীৰ ৰিহাবাৰীৰ সপ্তম শ্ৰেণীৰ এগৰাকী চাত্ৰীৰ লগত চিনাকি হৈ বন্ধুত্ব গঢ়ি তোলে৷ ইনষ্টাগ্ৰামৰ জৰিয়তে নিতৌ কথা পাতি অশোক কুমাৰে কিশোৰীগৰাকীৰ লগত প্ৰেমৰ সম্পৰ্ক গঢ়ি তোলে৷ বিয়া কৰোৱাৰ প্ৰলোভন দি অশোক কুমাৰে ২ ছেপ্টেম্বৰত কিশোৰীগৰাকীক গুৱাহাটীৰ পৰা অপহৰণ কৰি নিয়ে৷ ইপিনে, ১৩ বছৰীয়া কিশোৰীগৰাকী সন্ধানহীন হোৱাত পৰিয়ালৰ লোকে ৩ ছেপ্টেম্বৰত ছাত্ৰীগৰাকীক দুবৃৰ্ত্তই অপহৰণ কৰা বুলি পল্টন বজাৰ থানাত এজাহাৰ দাখিল কৰে৷ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৩৬৩নং ধাৰাৰ অধীনত থানাত ৪৪৩/২২ নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে৷ আৰক্ষীৰ প্ৰাথমিক তদন্তত কিশোৰীগৰাকী উত্তৰ প্ৰদেশত থকা বুলি নিশ্চিত তথ্য লাভ কৰে৷ এই তথ্যৰ ভিত্তিত পল্টন বজাৰ থানাৰ আৰক্ষীৰ দল এটাই উত্তৰ প্ৰদেশত অভিযান চলাই অপহূৎ কিশোৰীগৰাকীক উদ্ধাৰ কৰাৰ লগতে অপহৰণকাৰীক গ্ৰেপ্তাৰ কৰে৷ ধৃত অপহৰণকাৰীক আৰক্ষীয়ে উত্তৰ প্ৰদেশৰ আদালতত হাজিৰ কৰাই ট্ৰেনজিৎ ৰিমাণ্ডত লৈ কালি নিশা গুৱাহাটীলৈ আনে৷ আজি আৰক্ষীয়ে অপহৰণকাৰীজনক কামৰূপ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰায়৷ আদালতে ধৃত যুৱকজনক জে’ল হাজোতলৈ প্ৰেৰণ কৰে৷ ইপিনে, উদ্ধাৰ কৰা কিশোৰীগৰাকীক আৰক্ষীয়ে পৰিয়ালৰ লোকক আনুষ্ঠানিকভাৱে গতাই দিয়ে৷ উল্লেখ্য, বিগত কিছুদিন ধৰি ৰাজ্যখনত সোপাধৰাৰ উৰা বাতৰিয়ে ৰাইজৰ মাজত এক আতংকৰ সৃষ্টি কৰি আহিছে৷ ইতিমধ্যে সোপাধৰাৰ সন্দেহত গণ প্ৰহাৰত কেইবাজনো নিৰীহ লোকৰ মৃত্যু হৈছে৷ সোপাধৰাৰ উৰা বাতৰি নিৰ্মূল কৰিবলৈ অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰা বুলি ডিজিপি ভাস্কৰজ্যোতি মহন্তই ইতিমধ্যে ঘোষণা কৰিছে৷