Logo
image

এয়াৰ হোষ্টেজৰ পৰা মুখ্যমন্ত্ৰীলৈ... অখিলৰ দিল্লীযাত্ৰাক লৈ সৰৱ আলোচনা

অসমৰ উন্নয়নক লৈ দিল্লীত হিমন্তবিশ্বৰে বৈঠক

আমাৰ অসম, ২২ ছেপ্টেম্বৰঃ ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ শেহতীয়া দিল্লী ভ্ৰমণ দিছপুৰৰ বাহিৰে-ভিতৰে সৰৱ আলোচনাৰ বিষয় হৈ পৰিছে৷ বিশেষকৈ দিল্লী যাত্ৰাৰ সময়ত একাংশ এয়াৰ হোষ্টেজৰ সৈতে অখিল গগৈৰ ফটো তথা নতুন দিল্লীৰ অসম ভৱনত সদলবলে মুখ্যমন্ত্ৰীক সাক্ষাৎ– এই বিষয় দুটা আলোচনাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে৷ উল্লেখ্য, মঙলবাৰে দিল্লীলৈ যোৱাৰ সময়ত বিধায়ক অখিল গগৈয়ে বিমানখনৰ একাংশ এয়াৰ হোষ্টেজৰ সৈতে ফটো উঠিছিল৷ এই ফটো অখিল গগৈয়ে নিজে ফেচবুকত আপলোড কৰে৷ চাৰিগৰাকী এয়াৰ হোষ্টেজৰ সৈতে বিধায়ক গগৈয়ে অতি উৎফুল্লিত হৈ উঠা ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে৷ আনকি কাগজৰ টুকুৰা এটাত বিমানখনৰ এয়াৰ হোষ্টেজকেইগৰাকীয়ে অখিল গগৈক উচ্ছ প্ৰশংসা কৰি লিখা বাক্য কেইশাৰীৰ ফটোও নিজেই ফেচবুকত আপলোড কৰিছিল বিধায়ক গগৈয়ে৷ আনহাতে, দিল্লী যাত্ৰাৰ সময়তে নতুন দিল্লীত ৰাইজৰ দলৰ সভাপতিজনে বৃহস্পতিবাৰে অসম ভৱনত মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি অসম আৰু শিৱসাগৰ সমষ্টিৰ উন্নয়নৰ বিষয়ে দিঘলীয়া আলোচনা কৰে৷ আলোচনাৰ পাছত ৰাইজৰ দলৰ নেতা-কৰ্মীসকলে অসম ভৱনত মুখ্যমন্ত্ৰীৰে ফটোও উঠে৷ যাৰ ফলত অখিল গগৈৰ এইবাৰৰ দিল্লী যাত্ৰা দিছপুৰৰ বাহিৰে-ভিতৰে সৰৱ আলোচনাৰ বিষয় হৈ পৰিছে৷ বিশেষকৈ শিৱসাগৰ সমষ্টি তথা সামগ্ৰিকভাৱে অসমৰ উন্নয়নৰ বিষয়টো দিছপুৰ বা অসমৰ অন্য ঠাইত আলোচনা কৰাৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰীৰে ইয়াক আলোচনা কৰিবলৈ দিল্লীলৈ যাবলগীয়া হোৱাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে৷

ঐতিহাসিক শিৱসাগৰ চহৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা প্ৰদানৰ বাবে ৰাজ্য চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে৷ ইয়াৰ বাবে প্ৰয়োজনীয় অধ্যয়নৰ বাবে দু-এদিনৰ ভিতৰত ৰাজ্য চৰকাৰে ১ কোটি টকা মোকলাই দিব৷ ইয়াৰ বাবে মুখ্যমন্ত্ৰীজনে আজি তেওঁৰ প্ৰধান সচিব সমীৰ সিনহাক প্ৰয়োজনীয় নিৰ্দেশ প্ৰদান কৰিছে৷ নতুন দিল্লীৰ আছাম হাউছত স্থানীয় বিধায়ক অখিল গগৈৰে হোৱা আলোচনাকালত মুখ্যমন্ত্ৰীয়ে এই নিৰ্দেশ দিয়া বুলি গগৈয়ে দিয়া সাংবাদিকৰ আগত জানিবলৈ দিয়ে৷ আনহাতে চহৰখনত থকা ৰং ঘৰত ‘লাইট এণ্ড ছাউণ্ড’ৰ ব্যৱস্থা কৰাৰ বাবেও মুখ্যমন্ত্ৰীয়ে আজি পৰ্যটন বিভাগৰ সংশ্লিষ্ট বিষয়াক নিৰ্দেশ প্ৰদান কৰা বুলি গগৈয়ে প্ৰকাশ কৰিছে৷ উল্লেখ্য যে বিধায়জনে আজি মুখ্যমন্ত্ৰীৰ সৈতে তেওঁৰ সমষ্টিকলৈ একাধিক বিষয়ত আলোচনা কৰা বুলি দাবী কৰি কয় যে তেওঁৰ সমষ্টিত থকা সমবায় বিশ্ববিদ্যালয়খনকো অহা বছৰ সাধাৰণ বিশ্ববিদ্যালয়লৈ ৰূপান্তিৰত কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে আজি প্ৰতিশ্ৰুতি দিছে৷ ইয়াৰ বাবে অহা বছৰ এপ্ৰিল মাহত বাজেট অধিবেশনৰ কালছোৱাত প্ৰয়োজনীয় বিধেয়ক উত্থাপনৰে বিহীত ব্যৱস্থা গ্ৰহণ কৰা হব৷ আনহাতে ইতিমধ্যে কৰা ঘোষণা অনুসৰি থাওৰাত স্থাপন কৰিব লগীয়া চিকিৎসা মহাবিদ্যালয়খন থাওৰা আৰু শিৱসাগৰ সমষ্টিৰ মাজত কৰবাত কৰাৰ ক্ষেত্ৰতো মুখ্যমন্ত্ৰীয়ে বিধায়ক সুশান্ত বৰগোহাইৰ সৈতে আলোচনা কৰিব বুলি গগৈয়ে সাংবাদিকক জানিবলৈ দিয়ে৷