Logo
image

চোৰাং চিকাৰ কমিছে, গঁড় বাঢ়িছে

আমাৰ অসম, ২৩ ছেপ্টেম্বৰঃ চলিত বৰ্ষত কাজিৰঙাত হোৱা গণনাত বৃদ্ধি পাইছে দুষ্প্ৰাপ্য অসম গৌৰৱ এশিঙীয়া গঁড়ৰ সংখ্যা৷ ২০২২ বৰ্ষৰ গণনাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ২,৬১৩টা গঁড় থকাৰ তথ্য পোহৰলৈ আহিছে৷ এফালে গঁড়ৰ সংখ্যা বাঢ়িছে আনফালে চোৰাং চিকাৰ কমিছে৷ গঁড়ৰ খৰ্গ যে মূল্যহীন সেই কথা প্ৰমাণ কৰিবলৈ বিগত বৰ্ষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বোকাখাতৰ ৰাজহুৱা খেলপথাৰত মুঠ ২,৪৭৯টা গঁড়ৰ খৰ্গ ৰাজহুৱাকৈ দাহন কৰিছিল৷ সেই দাহনৰ ফলাফল যেন এতিয়া  আহিবলৈ আৰম্ভ কৰিছে৷ উল্লেখ্য যে অলপতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও অসমত গঁড়ৰ সংখ্যা বৃদ্ধি হোৱাৰ প্ৰসংগত ৰাজহুৱাকৈ প্ৰশংসা কৰিছিল৷ ইফালে আজি উলহ-মালহেৰে উদ্‌যাপন কৰা হ’ল বিশ্ব  গঁড় দিৱস৷ গঁড়ৰ সুৰক্ষা আৰু সংৰক্ষণৰ সজাগতাৰ উদ্দেশ্যে ২২ ছেপ্টেম্বৰৰ দিনটো বিশ্বৰ গঁড় দিৱস হিচাপে পালন কৰি আহিছে বিশ্ববাসীয়ে৷ সমান্তৰালকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কতৃৰ্পক্ষই  বিশ্ব গঁড় দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰে বিভিন্ন কাৰ্যসূচী৷ দিনজোৰা এই কাৰ্যসূচীৰ অংশ হিচাপে আজি কঁহাৰৰ পৰা কমাৰ গাঁৱলৈ চাইকেল ৰেলী উলিওৱা হয়৷ এই ৰেলীত বোকাখাত মহকুমাৰ ৩০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে৷ ইয়াৰোপৰি উদ্যান কতৃৰ্পক্ষৰ উদ্যোগত কঁহৰা, বোকাখাত, নুমলীগড় আৰু কমাৰগাঁৱত অনুষ্ঠিত হয় সজাগতামূলক বাটৰ নাট৷ বিশ্ব ঐতিহ্যক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাহবাৰী ৰেঞ্জত প্ৰকৃতিপ্ৰেমী সংগঠন ডব্লিউ ডব্লিউ এফ আৰু এম ই ডব্লিউ এছৰ উদ্যোগত আজি বিশ্ব গঁড় দিৱস উদ্‌যাপন কৰা হয়৷ এই উদ্দেশ্যে অনুষ্ঠিত এখন সজাগতা সভাত গঁড় সুৰক্ষাৰ সজাগতা, প্ৰকৃতি-পৰিৱেশ সুৰক্ষাৰ ওপৰত বক্তৃতা প্ৰদান কৰে আন্তৰ্জাতিক খ্যাতিসম্পন্ন প্ৰকৃতিবিদ, অসম গৌৰৱ বঁটা প্ৰাপক বনবিষয়া ধৰণীধৰ বড়োয়ে৷ উল্লেখ্য যে বৰ্তমানলৈ মানাহ ৰাষ্ট্ৰীয় উদ্যানত মতা, মাইকী, পোৱালি গঁড়ৰ সংখ্যা মুঠ ৫১টালৈ বৃদ্ধি পোৱা বুলি আজি ৰাষ্ট্ৰীয় উদ্যান কতৃৰ্পক্ষই সদৰী কৰে৷ লক্ষণীয় যে এটা সময়ত কাজিৰঙাত গঁড়ৰ চোৰাং চিকাৰ নিয়ন্ত্ৰণ কৰাটো প্ৰায় অসম্ভৱ যেন হৈ পৰিছিল৷ দৈনিক চোৰাং চিকাৰীয়ে কাজিৰঙাত গঁড় হত্যা কৰাৰ বাতৰি আহিছিল৷ সেই পৰিৱেশ এতিয়া সলনি হ’ল৷ ইয়াৰ কৃতিত্ব নিশ্চয় বৰ্তমানৰ চৰকাৰ প্ৰশাসনে দাবী কৰিব পাৰে৷