Logo
image

পিএফআইৰ ওপৰত ছাৰ্জিকেল ষ্ট্ৰাইক

দেশজুৰি ১৫খন ৰাজ্যত ইডি-‘নিয়া’ৰ অভিযান

শতাধিক পিএফআই নেতাক গ্ৰেপ্তাৰ

আমাৰ অসম, ২৩ ছেপ্টেম্বৰঃ সংখ্যালঘু মুছলমানৰ ত্ৰাণকৰ্তা বুলি দাবী কৰা পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া চমুকৈ পি এফ আই নামৰ সংগঠনটোৰ বিৰুদ্ধে বুধবাৰে নিশাৰে পৰা দেশজুৰি অভিযান আৰম্ভ কৰিছে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ ‘নিয়া’, এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেট আৰু আৰক্ষীয়ে৷ অসমকে ধৰি দেশৰ ১৫খন ৰাজ্যৰ ৯৩টা স্থানত স্থানীয় আৰক্ষীৰ সহযোগত যৌথ অভিযান চলাই নিয়া আৰু ইডিয়ে বৰ্তমানলৈ শতাধিক পিএফআই নেতা-কৰ্মীক আটক কৰিছে৷ দেশবিৰোধী কাৰ্যকলাপ আৰু সন্ত্ৰাসবাদী সংগঠনক সমৰ্থন কৰাৰ লগতে সন্ত্ৰাসবাদীৰ সংগঠনৰ পৰা পুঁজি সংগ্ৰহ কৰাৰ অভিযোগতে বাতৰি লিখাৰ পৰলৈকে আৰক্ষী তথা ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাটোৱে ১০৬ জন লোকক গ্ৰেপ্তাৰ কৰাৰ তথ্য নিশ্চিত কৰিছে৷ গৃহ মন্ত্ৰণালয়ৰ নিৰ্দেশত পি এফ আইৰ বিৰুদ্ধে চলোৱা এই বৃহৎ অভিযানৰ পাছতেই দেশজুৰি ব্যাপক প্ৰতিবাদ হোৱা দেখা গৈছে৷ কেৰালা, তামিলনাডু, কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ, তেলেংগানা, বিহাৰ, উত্তৰ প্ৰদেশ, ৰাজস্থান আৰু দিল্লীতো নিশাৰে পৰা অভিযান অব্যাহত ৰাখিছে নিয়া, ইডি আৰু আৰক্ষীয়ে৷ ইতিমধ্যে নিয়াই পি এফ আইৰ অধ্যক্ষ ওমা ছালামক গ্ৰেপ্তাৰ কৰাৰ লগতে দিল্লীত পি এফ আইৰ মুৰব্বী পাৰ্ভেজ আহমেদকো গ্ৰেপ্তাৰ কৰে৷ তদুপৰি সংগঠনটোৰ সবল ভেটি থকা অসমকে ধৰি আন কেইবাখনো ৰাজ্যৰ ৰাজ্যিক মুৰব্বী তথা স্থানীয় নেতাকো গ্ৰেপ্তাৰ কৰি বাসগৃহ, কাৰ্যালয় আদিত তালাচী অভিযান অব্যাহত ৰাখিছে৷ পি এফ আইৰ দিল্লীৰ সভাপতি পাৰভেজ আহমেদ, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক মহম্মদ আলী জিন্নাক গ্ৰেপ্তাৰৰ পাছতেই দিল্লীৰ পাটিয়ালা হাউচ আদালতত হাজিৰ কৰোৱাই ৪ দিনৰ বাবে জিম্মাত লৈছে আৰক্ষীয়ে৷ ইফালে পি এফ আইৰ বিৰুদ্ধে চলোৱা এই অভিযানৰ পাছতেই কেৰালাকে ধৰি কেইবাখনো ৰাজ্যত হাজাৰ হাজাৰ পি এফ আই কৰ্মী-সমৰ্থক ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰা দেখা যায়৷ ইফালে এই গ্ৰেপ্তাৰৰ বিৰোধিতাৰে কাইলৈ সৰ্বাত্মক কেৰালা বন্ধৰ ঘোষণা কৰিছে পিএফআয়ে৷ ইফালে পি এফ আইৰ বিৰুদ্ধে এই অভিযানৰ পাছতেই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ সৈতে এখন  গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়৷ এই অভিযানৰ সুযোগ লৈ দেশত যাতে মৌলবাদী সংগঠনে হিংসাত্মক কাৰ্য সংঘটিত কৰিব নোৱাৰে তাক নিশ্চিত কৰিবলৈও নিৰ্দেশ দিয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে৷ অৱশ্যে এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে পি এফ আই নেতাৰ বেংক একাউণ্টলৈ সন্ত্ৰাসবাদী সংগঠনে ধন যোগান ধৰাৰ গুৰুতৰ অভিযোগ কৰিছে যদিও নিয়াৰ সূত্ৰই দেশত নাগৰিকত্ব আইন বিৰোধী আন্দোলনকে ধৰি বিভিন্ন সময়ত মুছলমান সমাজক উচটনি দি সংঘৰ্ষৰ সৃষ্টি কৰাৰ ধাৰাতহে গ্ৰেপ্তাৰ কৰা বুলি প্ৰকাশ কৰিছে৷ নিয়াৰ ছাৰ্জিকেল ষ্ট্ৰাইকৰ এই অভিযানক সমালোচনা কৰি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে সংগঠনটো৷ সংগঠনটোৱে অভিযোগ কৰা মতে চৰকাৰৰ বিৰুদ্ধে সংগঠনটোৰ প্ৰতিবাদী কণ্ঠস্বৰ ৰুদ্ধ কৰিবলৈ এই অভিযান চলাইছে৷ অভিযোগ অনুসৰি চলিত মাহৰ আৰম্ভণিতে নিয়াই অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানাৰ ৪০ টা স্থানত পিএফআইৰ বিৰুদ্ধে অভিযান চলাইছিল আৰু চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিছিল৷ অভিযানৰ সময়ত বিভিন্ন ডিজিটেল সামগ্ৰী, নথিপত্ৰ আৰু নগদ ৮,৩১,৫০০ টকা জব্দ কৰিছিল৷ নিয়াৰ সূত্ৰই প্ৰকাশ কৰা মতে পি এফ আইৰ বিৰুদ্ধে ‘অপাৰেচন মিডনাইট’ নাম দি দেশজুৰি অভিযান চলোৱাৰ বাবে ১৯ ছেপ্টেম্বৰত অনুমোদন জনাইছিল গৃহ মন্ত্ৰণালয়ে৷ নিয়াৰ এই অভিযানৰ বাবে হেড কোৱাৰ্টাৰত ৬টা নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰিছিল৷ অভিযানত নিয়াৰ ৪ জন আই জি আৰু এডিজিৰ নেতৃত্বত ২০০ জনীয়া বিষয়াৰ দলক নিয়োজিত কৰা হৈছে৷ তদুপৰি অভিযানত ১৬ জন আৰক্ষী অধীক্ষক পৰ্যায়ৰ বিষয়াকো নিয়োগ কৰা হৈছে৷ উল্লেখ্য, ১৯৯২ চনৰ বাবৰি মছজিদ ধংসৰ পাছতেই তিনিটা ইছলামিক সংগঠনক একত্ৰিত কৰি ২০০৭ চনৰ ১৭ ফেব্ৰুৱাৰীত পপুলাৰ ফ্ৰণ্ট অফ ইণ্ডিয়া [পিএফআই] গঠন কৰা হৈছিল৷ দক্ষিণ ভাৰতৰ তিনিটা মুছলমান সংগঠন একত্ৰিত হৈ এই সংগঠনটো গঠন হৈছিল৷ ইয়াৰ ভিতৰত আছিল কেৰালাৰ নেচনেল ডেমক্ৰেটিক ফ্ৰণ্ট, কৰ্ণাটক ফৰাম ফৰ ডিগনিটি আৰু তামিলনাডুৰ মণিতা নীথি পাচৰাই৷ পি এফ আয়ে দাবী কৰিছে যে বৰ্তমান পৰ্যন্ত ২৩ খন ৰাজ্যত সংগঠনটো সক্ৰিয় হৈ আছে৷ বিশেষকৈ কৰ্ণাটক, কেৰালা অৰ্থাৎ দক্ষিণ ভাৰতীয় ৰাজ্যসমূহত সংগঠনটো অধিক সক্ৰিয়৷ তাৎপৰ্যপূৰ্ণ বিষয় যে– সংগঠনটো গঠনৰ পাছতেই ইয়াৰ বিৰুদ্ধে অসামাজিক কাৰ্যকলাপ অথবা ৰাষ্ট্ৰ বিৰোধী কাম-কাজ কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ অভিযোগ অনুসৰি এই সংগঠনটোৱে ভাৰতক এখন মুছলমান ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ দিশত কাম কৰি আহিছে৷