Logo
image

মছজিদ পালেগৈ মোহন ভাগৱত, ইমামৰে বৈঠক

আমাৰ অসম, ২৩ ছেপ্টেম্বৰঃ মুছলমানসকলৰ সমৰ্থন আদায়ৰ বাবে এইবাৰ তৎপৰ হৈ পৰিছে আৰএছএছ অৰ্থাৎ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ৷ যাৰ বাবে প্ৰাক্তন মুখ্য নিৰ্বাচন আয়ুক্ত এছও ৱাই কুৰেছিসহ পাঁচজন বিশিষ্ট মুছলমান ব্যক্তিৰ সৈতে বৃহস্পতিবাৰে দীৰ্ঘ সময় এক বৈঠকত মিলিত হয় আৰএছএছৰ মুৰব্বী মোহন ভাগৱত৷ উল্লেখ্য, বৃহস্পতিবাৰে পুৱাই ‘অল ইণ্ডিয়া ইমাম অৰ্গেনাইজেশ্বন’ৰ প্ৰধান ওমৰ আহমেদ ইলিয়াছিৰ সৈতে দিল্লীৰ কস্তুৰবা গান্ধী মাৰ্গত থকা মছজিদলৈ যায় ভাগৱত৷ তাত তেওঁ ৫ মুছলমান ব্যক্তিত্বৰ সৈতে প্ৰায় ৭৫ মিনিট সময় সংখ্যালঘুসকলৰ বিভিন্ন সমস্যাক লৈ মত বিনিময় কৰে৷ বৈঠকত সংখ্যালঘুসকলক লৈ কৰা কু-সমালোচনা যাতে আৰু পুনৰ হ’ব নোৱাৰে তাৰ বাবে ভাগৱতে প্ৰতিশ্ৰুতি আগবঢ়ায়৷ স্মৰ্তব্য যে বিগত দিনসমূহত বিজেপি আৰু সংঘ পৰিবাৰৰ কিছুসংখ্যক নেতাৰ বিৰুদ্ধে সংখ্যালঘু সম্পৰ্কে আপত্তিজনক মন্তব্য আগবঢ়োৱাৰ অভিযোগ উঠিছিল৷ আনকি তিনিমাহ পূৰ্বে বিজেপিৰ মুখপাত্ৰ [সম্প্ৰতি নিলম্বিত] নুপুৰ শৰ্মাই কৰা আপত্তিজনক মন্তব্যৰ বাবে মোদী চৰকাৰখন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অস্বস্তিকৰ পৰিস্থিতিৰ সন্মুখীন হ’ব লগাত পৰিছিল৷ এনে অৱস্থাত মছজিদলৈ গৈ মুছলমান ব্যক্তিত্বৰ সৈতে বৈঠকত মিলিত হোৱাটো বিশেষ ‘তাৎপৰ্যপূৰ্ণ’ বুলি অভিহিত কৰিছে একাংশ ৰাজনৈতিক বিশ্লেষকে৷ আনহাতে, সাম্প্ৰতিক পৰিস্থিতিত হিন্দু-মুছলমানৰ মাজত সৃষ্টি হোৱা বিদ্বেষৰ ভাৱ আঁতৰাবলৈ গ্ৰহণ কৰা তৎপৰতাৰ বাবে অল ইণ্ডিয়া ইমাম অৰ্গেনাইজেশ্বন অৰ্থাৎ ‘অখিল ভাৰতীয় ইমাম সংগঠন’ৰ মুৰব্বী ইমাম ওমৰ আহমেদ ইলিয়াছিয়ে মোহন ভাগৱতক আনকি আজি ‘জাতিৰ পিতা’ আখ্যাৰেও অভিহিত কৰে৷ ইলিয়াছিয়ে সাংবাদিকৰ আগত কয়– ‘আমাৰ সকলোৰে ডিএনএ একেধৰণৰ৷ অকল আল্লাহৰ ইবাদত কৰাৰ পদ্ধতিহে পৃথক৷’ ইমামগৰাকীয়ে কৰা এই মন্তব্য আৰু ভাগৱতক তেওঁ জাতিৰ পিতা বুলি আখ্যা দিয়াটোৱেও বিশেষ তাৎপৰ্য বহন কৰিছে৷ ইপিনে বৈঠকৰ শেষত এছ ও ৱাই কুৰেছিয়ে সাংবাদিকৰ আগত কয়– ‘দেশৰ বৰ্তমানৰ পৰিস্থিতিক লৈ যে সংখ্যালঘুসকলৰ মনত শংকাৰ সৃষ্টি হৈছে, সেয়া আৰএছএছ প্ৰধানজনে মানি লৈছে৷ ভাগৱতৰ মতে হিন্দু-মুছলমানৰ একতাই আজি মূল লক্ষ্য হ’ব লাগে৷ ভাৰতবাসীৰ পৰিচয় ধৰ্মক লৈ নহয় ভাৰতীয় হিচাপেহে হয়৷ এনে ক্ষেত্ৰত ধৰ্মক লৈ হোৱা বিদ্বেষ আঁতৰোৱাত ভাগৱতে গুৰুত্ব প্ৰদান কৰিছে৷ স্মৰ্তব্য যে আজিৰ পৰা চাৰিমাহ পূৰ্বে জুন মাহত নাগপুৰত অনুষ্ঠিত এখন সভাতো মোহন ভাগৱতে বাৰাণসী আৰু মথুৰাক লৈ উগ্ৰ হিন্দুত্ববাদী একাংশই নতুনকৈ উত্তেজনা বিয়পাবলৈ কৰা চেষ্টাৰ ঘোৰ বিৰোধিতা কৰিছিল৷ তদুপৰি তথাকথিত গো-ৰক্ষকসকলৰ সন্ত্ৰাসৰ বিৰুদ্ধে শেহতীয়াকৈ সৰৱ হৈ পৰিছে সংঘ পৰিবাৰৰ মুৰব্বীজন৷ যোৱা বছৰ তেওঁ কৈছিল যে যিসকলে গো-ৰক্ষাৰ অজুহাত লৈ যিসকলে গণৰোষৰ দৰে পৰিৱেশৰ সৃষ্টি কৰিছে তেওঁলোক আচলতে হিন্দুত্ববিৰোধী৷ তদুপৰি সংখ্যালঘুৰ বিষয়ে কটু মন্তব্য কৰাটোৰো বিৰোধিতা কৰিবলৈ লৈছিল ভাগৱতে৷ ইয়াৰ মাজতে আজি মছজিদত প্ৰৱেশ কৰি মুছলমান ব্যক্তিত্বৰ সৈতে আৰএছএছৰ মুৰব্বীগৰাকীয়ে কৰা বৈঠকে বিশেষ তাৎপৰ্য বহন কৰিছে৷