Logo
image

মায়ঙৰ ক’লা যাদুকে ধৰি ৰহনীয়া সংস্কৃতিৰ পোহাৰ লোকমন্থনত

আমাৰ অসম, ২৩ ছেপ্টেম্বৰঃ ফেঁচাৰ কলিজা, ফেঁচাৰ মঙহ, দেউ ঢেঁকীয়া মূল, বৰ বাদুলিৰ মঙহ, বাঘৰ দাঁত, ফেটি সাপৰ ৰাজহাড়– আদি বিভিন্ন উপাদেয় তথা বশীকৰণ মন্ত্ৰত ব্যৱহৃত দুৰ্লভ আৰু দুষ্প্ৰাপ্য বিভিন্ন সামগ্ৰী লৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বাহৰ পাতিছে মায়াঙৰ কেইবাজনো সুখ্যাত বেজজ্ঞানী তথা কবিৰাজে৷ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ বাকৰিত বুধবাৰৰ পৰা চাৰিদিনীয়াকৈ অনুষ্ঠিত হোৱা লোকমন্থন ২০২২ত অংশগ্ৰহণ কৰিবলৈ আহিছে যাদুৰ দেশ মায়াঙৰ এইসকল বেজজ্ঞানীয়ে৷ কাৰ্যতঃ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰতিনিধিক মুহিছে মায়াঙৰ বেজৰ পৰম্পৰাগত তন্ত্ৰ-মন্ত্ৰই৷ লগতে লোকমন্থনত পয়োভৰ ঘটা সংস্কৃতিৰ পোহাৰৰ ইন্দ্ৰজালে মোহাবিষ্ট কৰিছে সকলোকে৷ কেৱল মায়াঙৰ যাদুৰেই নহয় কলাক্ষেত্ৰৰ বাকৰিত অনুষ্ঠিত লোকমন্থন ২০২২ত সমাহাৰ ঘটিছে উত্তৰ-পূবৰ বিভিন্ন মনোমোহা সংস্কৃতি, ৰং-বিৰঙী পৰম্পৰাগত বস্ত্ৰ, মনোমোহা চিত্ৰশিল্প, মাজুলীৰ চামগুৰি সত্ৰৰ মুখাশিল্পৰ৷ লগতে সুৰজিৎ একাডেমীৰ বিভিন্ন পুতলা নাচৰ কাৰুকাৰ্যই মুহিছে দৰ্শকক৷  ৰজা মায়াঙৰ প্ৰখ্যাত বেজ প্ৰবীণ শইকীয়া, কেশৱ নাথ আৰু কৰুণা নাথকে ধৰি কেইবাজনো বেজে  নিজৰ তন্ত্ৰ-মন্ত্ৰৰ কৃচ্ছসাধনাৰ চানেকি প্ৰদৰ্শন কৰি সাংবাদিকৰ আগত দাবী কৰে যে পূৰ্বৰ দৰে এতিয়া বেজ-বেজালিৰে  মানুহক পূৰ্ণ ভেড়া বনাব নোৱাৰি যদিও মন্ত্ৰৰ দ্বাৰা মানুহক আজিও ভেড়াৰলেখীয়া কৰিব পাৰি৷ ক’লা যাদু কৰি বশ কৰিব পাৰি শত্ৰুক৷ তেল জাৰি নিমিষতে নাইকিয়া কৰিব পাৰি স্বামী-স্ত্ৰীৰ পাৰিবাৰিক কাজিয়া৷ লোক মন্থনত উপলব্ধ হৈছে উত্তৰ-পূবৰ  থলুৱা খাদ্যভাসৰ বিভিন্ন লোভনীয় সমল৷ থলুৱা তথা পৰম্পৰাগত খেলধেমালিৰ বিভিন্ন চানেকিও শিশু তথা অভিভাৱকৰ মন মুহিছে কলাক্ষেত্ৰত৷ উল্লেখ্য যে,  উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে আজি ৰাজ্যপাল জগদীশ মুখী আৰু মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাষ্ট্ৰীয় বৌদ্ধিক সংগঠন প্ৰজ্ঞা প্ৰবাহৰ ‘লোকমন্থন’ শীৰ্ষক অনুষ্ঠানৰ তৃতীয়টো সংস্কৰণ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে৷ লোক-পৰম্পৰাক মুখ্য বিষয় হিচাপে লৈ উত্তৰ-পূৰ্বাঞ্চলৰ বৌদ্ধিক মঞ্চ [আইএফএনই]ৰ উদ্যোগত অসম পৰ্যটন উন্নয়ন নিগমৰ সহযোগত লোকমন্থন-২০২২ অনুষ্ঠিত হৈছে৷ এই অনুষ্ঠানৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত থকা সাংস্কৃতিক আৰু পৰম্পৰাগত সম্পদসমূহৰ অম্বেষণত গুৰুত্ব প্ৰদান কৰা হৈছে৷ এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে কয়– ‘ভাৰতবৰ্ষত মত প্ৰকাশৰ স্বাধীনতাৰ ক্ষেত্ৰত কোনো ধৰণৰ কম্প্ৰমাইজ নহয়৷ যদিহে আমি ইয়াৰ পৰা আঁতৰি আহো তেন্তে দেশৰ অখণ্ডতা আৰু সমগ্ৰতাৰ ক্ষেত্ৰত আপোচ কৰা হ’ব৷’ তেওঁ কয় যে দেশত ছদ্মবেশী বুদ্ধিজীৱীৰ সংখ্যা বাঢ়িছে, তেওঁলোকক নিয়ন্ত্ৰণ কৰাৰ সময় আহি পৰিছে৷ গণতন্ত্ৰত বিধানপালিকাৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে৷ কিন্তু আজি কালি ইচ্যুবিলাকৰ বিধানসভাত আলোচনা নহয়, পথতহে আলোচনা হয়৷ একেই অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমবাসীৰ বাবে আজিৰ দিনটো অতিশয় উল্লেখযোগ্য দিন৷ উপ-ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত  প্ৰথমবাৰৰ বাবে অসমলৈ অহা উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ক মুখ্যমন্ত্ৰীয়ে ধন্যবাদ জ্ঞাপন কৰি কয় যে ভাৰতবৰ্ষৰ গৌৰৱময় ঐতিহ্য আৰু সংস্কৃতিৰ প্ৰতি তেওঁ গভীৰভাৱে শ্ৰদ্ধাশীল৷ তেওঁ কয় যে ভাৰতীয় সংস্কৃতি আৰু পৰম্পৰাত শিপাই থকা লোকমন্থনৰ তৃতীয় সংস্কৰণ অসমত আয়োজন কৰাটো ৰাজ্যখনৰ বাবে এক গৌৰৱৰ বিষয়৷ গুৱাহাটী সংস্কৰণত ভাৰতৰ লোক-পৰম্পৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে এই মঞ্চত হ’বলগীয়া আলোচনাই উত্তৰ-পূব আৰু দেশৰ চহকী সংস্কৃতি, পৰম্পৰা, জীৱনশৈলীৰ ওপৰত সজাগতাৰ সৃষ্টি কৰিব৷ ইয়াৰ ফলত আমাৰ সাংস্কৃতিক জীৱন অধিক উজ্জীৱিত হৈ উঠিব বুলিও তেওঁ কয়৷ মুখ্যমন্ত্ৰীয়ে কয় যে স্বাধীনতাৰ সময়ৰে পৰা যোৱা কেইবাটাও দশক ধৰি ভাৰতবৰ্ষক এখন যুক্তৰাষ্ট্ৰীয় ৰাষ্ট্ৰ হিচাপে গণ্য কৰি অহা হৈছিল৷ সেই চিন্তা সেই সময়ৰ ভাৰতৰ শিক্ষিত সমাজ, সংবাদ মাধ্যম আৰু বৌদ্ধিক শ্ৰেণীয়েও সমৰ্থন কৰিছিল৷ মুখ্যমন্ত্ৰীয়ে কয় যে আমাৰ দেশৰ এই গৌৰৱময় ভূমিয়ে পৃথিৱীৰ অন্যতম পুৰণি সভ্যতাকে প্ৰতিফলিত কৰে৷ ভাৰতীয় পৰিচয়বোধ ঊনবিংশ শতিকাৰ পৰিঘটনা নহয়৷ ভাৰতবৰ্ষত বিগত কেইবাটাও সহস্ৰাব্দৰ এক সভ্যতাৰ ধাৰাবাহিকতা আৰু ঐতিহ্য আছে৷ তেওঁ লগতে কয় যে ইউৰোপীয় ঔপনিবেশিক শক্তিসমূহে কেৰিবিয়ান দ্বীপপুঞ্জ, আমেৰিকা, আফ্ৰিকা, অষ্ট্ৰেলিয়া আদি ঠাই আৰু মহাদেশসমূহৰ প্ৰচলিত ধৰ্মসমূহক সম্পূৰ্ণৰূপে নিঃশেষ কৰি তেওঁলোকৰ নিজস্ব আদিবাসী সংস্কৃতিক সংখ্যালঘুলৈ ৰূপান্তৰিত কৰিছিল৷ কিন্তু ভাৰতৰ খিলঞ্জীয়া জনসাধাৰণৰ প্ৰাচীন বিশ্বাস আৰু পৰম্পৰা ধবংস কৰাত সফল নহ’ল৷ সনাতন সভ্যতাৰ অন্তৰ্নিহিত শক্তিৰ বাবে ইউৰোপীয় শক্তিৰ সন্মুখত আমাৰ সভ্যতা অপৰাজেয় হৈ থাকিল বুলিও মুখ্যমন্ত্ৰীয়ে কয়৷ মুখ্যমন্ত্ৰীয়ে কয় যে উত্তৰ-পূব ভাৰতৰ এক চহকী লোক পৰম্পৰা আছে, য’ত লোককলা, শিল্পকলা, সাজ-পোছাক, ৰীতি-নীতি, বিশ্বাস, পৰম্পৰাগত চিকিৎসা পদ্ধতি, ৰন্ধন  প্ৰণালী, সংগীত, নৃত্য, খেলা-ধূলাৰ লগতে মৌখিক প্ৰকাশভংগীও আছে যাৰ মাজত লোক-সাহিত্য বিৰাজমান৷ অঞ্চলটোৰ সংগীত, নৃত্য আৰু নাটকৰ গাঁথনিগত আৰু তুলনামূলক অধ্যয়নে অঞ্চলটোৰ পৰম্পৰাগত সংস্কৃতিৰ আকৰ্ষণীয় দিশটোকে প্ৰতীয়মান কৰে৷ অঞ্চলটোত বৌদ্ধ ধৰ্মৰ প্ৰভাৱৰ বিষয়েও মুখ্যমন্ত্ৰীয়ে ভাষণত উল্লেখ কৰে৷ আজিৰ এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ড॰ শৰ্মাৰ দ্বাৰা ৰচিত ‘এটা সপোনৰ সন্ধানত’ শীৰ্ষক গ্ৰন্থৰ ইংৰাজী অনুবাদ গ্ৰন্থ ‘In Pursuit of A Dream’ খন উপ-ৰাষ্ট্ৰপতিয়ে উন্মোচন কৰে৷ মুখ্যমন্ত্ৰীয়ে তেওঁৰ গ্ৰন্থখন উন্মোচন কৰাৰ বাবে উপ-ৰাষ্ট্ৰপতি গৰাকীক ধন্যবাদ জ্ঞাপন কৰে৷ অনুষ্ঠানত ৰাজ্যপাল অধ্যাপক জগদীশ মুখী,  প্ৰজ্ঞা প্ৰৱাহৰ ৰাষ্ট্ৰীয় আহ্বায়ক প্ৰজ্ঞা প্ৰভা জে নন্দ কুমাৰ, লোকমন্থন ২০২২ৰ  কাৰ্যকৰী সভাপতি ড॰ গাৰ্গী শইকীয়া মহন্ত আৰু অন্যান্য গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকি বক্তব্য প্ৰদান কৰে৷ উল্লেখ্য যে আজিৰ অনুষ্ঠানত ৰাষ্ট্ৰীয় প্ৰজ্ঞা প্ৰৱাহৰ আহ্বায়ক জে নন্দ কুমাৰে আদৰণি ভাষণত ‘অ মোৰ আপোনাৰ দেশ গীতটো সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকাই ৰচনা কৰা বুলি কোৱাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷