Logo
image

মাথোঁ কুৰি কিলোমিটাৰ বাট হেলিকপ্টাৰেৰে উপ-ৰাষ্ট্ৰপতি

আমাৰ অসম, ২৩ ছেপ্টেম্বৰঃ দেশৰ উপ-ৰাষ্ট্ৰপতি হিচাপে প্ৰায় ডেৰমাহ পূৰ্বে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত প্ৰথমবাৰৰ বাবে বৃহস্পতিবাৰে পুৱা গুৱাহাটীত উপস্থিত হয় জগদীপ ধনখড়৷ পুৱা ৯ বজাত নতুন দিল্লীৰ পৰা ভাৰতীয় বায়ু সেনাৰ বিশেষ বিমানৰে বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত উপস্থিত হোৱাৰ পাছত উপ-ৰাষ্ট্ৰপতি গৰাকীক অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখি, মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী ৰণজিৎ কুমাৰ দাস, মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত, গুৱাহাটীৰ আৰক্ষী আয়ুক্ত হৰমিট সিং, কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাঁকে ধৰি ৰাজ্য প্ৰশাসনৰ উচ্ছপদস্থ বিষয়া, গুৱাহাটীৰ সাংসদ কুইন ওজা, পূৱ গুৱাহাটীৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই বিপুল আদৰণি জনায়৷ উল্লেখযোগ্য যে বুধবাৰৰ পৰা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হোৱা লোকমন্থন কাৰ্যসূচীৰ আজিৰ উদ্বোধনী কাৰ্যসূচীত মুখ্য অতিথি হিচাপে ভাগ লোৱাৰ বাবে গুৱাহাটীত উপস্থিত হয় উপ-ৰাষ্ট্ৰপতি ধনখড়৷ উপ-ৰাষ্ট্ৰপতি ধনখড়ৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি বৃহস্পতিবাৰে গুৱাহাটী মহানগৰ আৰক্ষীয়ে গুৱাহাটীৰ কেইবাটাও পথত গাড়ী চলাচলত প্ৰতিবন্ধকতা আৰোপ কৰে৷ পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত লোকমন্থন কাৰ্যসূচীত ভাগ ল’বলৈ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰৰ পৰা উপ-ৰাষ্ট্ৰপতি ধনখড় ভাৰতীয় বায়ু সেনা বাহিনীৰ এমআই হেলিকপ্টাৰেৰে খানাপাৰা ফিল্ডলৈ উৰা মাৰে৷ মাত্ৰ ১৫ মিনিটত তেওঁ ২০ কিলোমিটাৰ পথ অতিক্ৰম কৰে৷ খানাপাৰা ফিল্ডৰ পৰা গাড়ীৰে ধনখড় পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত উপস্থিত হয়৷ ইফালে লোকমন্থন কাৰ্যসূচীৰ উদ্বোধন কৰি বৃহস্পতিবাৰে বিয়লি কামাখ্যা ধামত উপস্থিত হয় উপ-ৰাষ্ট্ৰপতি ধনখড়৷ কামাখ্যা ধামত উপস্থিত হৈ বিশেষ পূজা আগবঢ়ায় ধনখড়ে৷  কামাখ্যা ধামত উপ-ৰাষ্ট্ৰপতিক আদৰণি জনাই কামাখ্যা দেৱালয়ৰ দলৈ কবিন্দ শৰ্মা আৰু সংগ দিয়ে মন্ত্ৰী অশোক সিংহালে৷ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজতে মা কামাখ্যাৰ আশীষ লৈ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় বিয়লি প্ৰায় ৪ বজাত গুৱাহাটী বিমান বন্দৰৰ পৰা নতুন দিল্লী অভিমুখে উৰা মাৰে৷