Logo
image

দিছপুৰ পোৱাৰ পূৰ্বেই বাধা দিয়া হ’ল ঐক্যমঞ্চক

মহানগৰীত আৰক্ষীৰ যুদ্ধকালীন তৎপৰতা

আমাৰ অসম, ২৩ ছেপ্টেম্বৰঃ ‘আহ ঐ আহ, ওলাই আহ’ শ্লোগানত বৃহস্পতিবাৰে কঁপি উঠিল গুৱাহাটীৰ ৰাজপথ৷ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা স্বতঃস্ফূৰ্তভাৱে ওলাই আহিল অসমৰ ভূমিপুত্ৰসকল৷ মটক, চুতীয়া, টাই-আহোম, কোঁচ-ৰাজবংশী আৰু চাহ জনগোষ্ঠীৰ শ শ লোক দিছপুৰ ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ ওলাই আহিল৷ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত দীৰ্ঘদিনে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছে৷ নিৰ্বাচনী ইস্তাহাৰত উল্লেখ থকাৰ পাছতো ছয় জনগোষ্ঠীক জনজাতিকৰণৰ নামত কেৱল প্ৰতাৰণা কৰাৰ প্ৰতিবাদত দিছপুৰ ঘেৰাও কাৰ্যসূচীৰ আহ্বান জনাইছিল ছয় জনগোষ্ঠী ঐক্যমঞ্চই৷ ছয় জনগোষ্ঠী ঐক্যমঞ্চৰ আহ্বানমৰ্মে দিছপুৰ ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বৃহস্পতিবাৰে পুৱাৰ ভাগতে সমবেত হয় কেইবাশ প্ৰতিবাদকাৰী৷ পুৱা প্ৰায় ১০.৩০ বজাত ছয় জনগোষ্ঠীৰ শ শ প্ৰতিনিধিয়ে জনতা ভৱন ঘেৰাও কৰিবলৈ আগবাঢ়ে৷ প্ৰতিবাদকাৰীসকলে ‘আহ ঐ আহ, ওলাই আহ, ছয় জনগোষ্ঠীৰ জনজাতিৰ জনজাতিকৰণ কৰিবই লাগিব, উই ৱাণ্ট জাষ্টিছ’ আদি শ্লোগান দি কঁপাই তোলে গুৱাহাটীৰ আকাশ বতাহ৷ ইফালে, প্ৰতিবাদকাৰীসকলক ভেটা দিবলৈ আৰক্ষী-অৰ্ধসামৰিক বাহিনীৰ জোৱানৰ বিশাল বাহিনীৰে বেৰিকেট গঢ়ি তোলা হয়৷ আৰক্ষীৰ অভেদ্য প্ৰাচীৰ ভাঙি প্ৰতিবাদকাৰীসকল জনতা ভৱন অভিমুখে আগুৱাই যাবলৈ আপ্ৰাণ চেষ্টা কৰে৷ কিন্তু দিছপুৰৰ জনতা ভৱন পোৱাৰ পূৰ্বেই বাধা দিয়া হ’ল ঐক্যমঞ্চক৷ ইয়াকে লৈ দিছপুৰ ছুপাৰমাৰ্কেটতে ছয় জনগোষ্ঠীৰ প্ৰতিবাদী জনতা আৰু আৰক্ষীৰ মাজত খণ্ডযুদ্ধ লাগে৷ দুয়োপক্ষৰ যুঁজত দীৰ্ঘ সময় ধৰি অঞ্চলটো উত্তপ্ত হৈ থাকে৷ উল্লেখ্য, বৃহস্পতিবাৰৰ প্ৰতিবাদ বিফল কৰিবলৈ বুধবাৰৰ পুৱাৰ পৰা বিভিন্ন ষড়যন্ত্ৰমূলক কৌশল অৱলম্বনৰ জৰিয়তে  প্ৰতিবাদী জনতাক ভাগ ভাগ কৰাৰ বাবে ষড়যন্ত্ৰ ৰচনা কৰে ৰাজ্য চৰকাৰে৷ চৰকাৰৰ এনে ষড়যন্ত্ৰ ওফৰাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বদ্ধ পৰিকৰ ছয় জনগোষ্ঠীৰ জনতাক আৰক্ষী-প্ৰশাসনৰ যোগেদি চৰকাৰী পক্ষই কালিৰ পৰা বিভিন্ন কৌশল অৱলম্বন কৰে৷ বিভিন্ন জিলাৰ আৰক্ষী অধীক্ষকসকলে জিলা পৰ্যায়ৰ বিষয়ববীয়াসকলক কাৰ্যসূচীত অংশগ্ৰহণ নকৰিবৰ বাবে হেঁচা প্ৰয়োগ কৰাৰ উপৰি কাৰ্যসূচীলৈ আহি থকা অৱস্থাত প্ৰতিবাদীসকলক আৱদ্ধ কৰি ৰাকে৷ এই বাধা নেওঁচি আজি দিনৰ ১১ বজাৰ পৰা জনতা ভৱন ঘেৰাও কাৰ্যসূচীৰ বাবে গৈ থকা প্ৰতিবাদীসকলক পূৰ্বৰে পৰা সাজু হৈ থকা আৰক্ষীৰ লোকে বাধা প্ৰদান কৰে৷ ইয়াকে লৈ দুয়োপক্ষৰ মাজত যুদ্ধসদৃশ পৰিস্থিতিৰ সৃষ্টি হয়৷ আৰক্ষীৰ আক্ৰমণত কেইবাজনো প্ৰতিবাদকাৰী আহত হয়৷ আৰক্ষী-অৰ্ধসামৰিক বাহিনীৰ প্ৰৱল বাধা সত্ত্বেও উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা ছয় জনগোষ্ঠীৰ ঐক্যমঞ্চই জনজাতিকৰণৰ দাবীত প্ৰতিবাদস্থলীৰ পৰা ২৬ ছেপ্টেম্বৰত অসম বন্ধ কাৰ্যসূচীৰ আহ্বান জনায়৷ উল্লেখ্য, ছয় জনগোষ্ঠী ঐক্যমঞ্চৰ অন্তৰ্গত সংগঠন ক্ৰমে সদৌ মৰাণ ছাত্ৰ সন্থা, সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনী, সদৌ টাই আহোম ছাত্ৰ সন্থা, সদৌ কোঁচ-ৰাজবংশী ছাত্ৰ সন্থা, চুতীয়া যুৱ সন্মিলনী আৰু অসম চাহ জনজাতি ছাত্ৰ সন্থাই অসম চৰকাৰৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰি ২২ ছেপ্টেম্বৰত অসম সচিবালয় আৰু ২৬ ছেপ্টেম্বৰত অসম বন্ধৰ আহ্বান জনায়৷ ইয়াৰ পাছতে ছয় জনগোষ্ঠী ঐক্যমঞ্চক বুধবাৰে নিশা দিছপুৰলৈ আলোচনাৰ বাবে আমন্ত্ৰণ জনোৱা হয়৷ প্ৰথম অৱস্থাত মন্ত্ৰীদ্বয় ডাঃ ৰণোজ পেগু আৰু পীয়ূষ হাজৰিকাৰ সৈতে আলোচনাৰ বাবে আমন্ত্ৰণ জনোৱা হৈছিল ঐক্যমঞ্চক৷ কিন্তু ঐক্যমঞ্চই এই আমন্ত্ৰণ নাকচ কৰাত পৰৱৰ্তী সময়ত বুধবাৰে নিশাই মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰেও আলোচনাৰ প্ৰতিশ্ৰুতি দিয়া হয় ঐক্যমঞ্চৰ নেতৃত্বক৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা বুধবাৰে নতুন দিল্লীত ব্যস্ত থকাৰ বাবে এই আলোচনাৰ সময় নিশা ১১ বজাত নিৰ্ধাৰণ কৰা হয়৷ কিন্তু ঐক্যমঞ্চই মাজনিশাৰ এই আলোচনাৰ আমন্ত্ৰণক নাকচ কৰে৷ ঐক্যমঞ্চৰ স্পষ্ট অভিযোগ যে মুখ্যমন্ত্ৰীয়ে হওক বা মন্ত্ৰী পীয়ূষ হাজৰিকা বা ৰণোজ পেগুৱেই হওক কোনেও জনজাতিকৰণৰ বিষয়টোৰ ক্ষেত্ৰত কোনো ধৰণৰ চূড়ান্ত সিদ্ধান্ত দিব নোৱাৰে৷ এনেধৰণৰ আলোচনা ইতিপূৰ্বে বহুত হ’ল৷ নিৰ্বাচনৰ সময়ত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই নিজেই কৈছিল যে ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা নিদিলে অসমৰ পৰিস্থিতি ৰক্তাক্ত হ’ব৷ জনজাতিকৰণৰ বিল ৰাজ্যসভাত উত্থাপিত হোৱাৰ পাছতো মন্ত্ৰীগোটৰ প্ৰতিবেদন বিচৰা নহ’ল৷ অসম চৰকাৰে কয় মন্ত্ৰীগোটৰ প্ৰতিবেদন দিল্লীলৈ প্ৰেৰণ কৰা হৈছে৷ দিল্লীয়ে কয় প্ৰতিবেদন পোৱা নাই৷ গতিকে মাজনিশাৰ এনে আলোচনা অৰ্থহীন৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৪ চনৰ নিৰ্বাচনী প্ৰচাৰৰ সময়তে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দিছিল৷ সেয়াও কাৰ্যকৰী নহ’ল৷ স্মৰ্তব্য, ঐক্যমঞ্চই ৰাজ্য চৰকাৰৰ আলোচনা নাকচ কৰিলেও জনগোষ্ঠীকেইটাৰ অন্য একাংশ দল-সংগঠন বুধবাৰে নিশা ৰাজ্য চৰকাৰৰ প্ৰতিনিধিৰে দিছপুৰত আলোচনাত মিলিত হয় যদিও আলোচনা ব্যৰ্থ হোৱা বুলি কয় আলোচনাত বহা ছয় জনগোষ্ঠীৰ একাংশ সংগঠনৰ প্ৰতিনিধিয়ে৷ অসম চৰকাৰৰ তৰফৰ পৰা কাইলৈ বিয়লিও জনজাতিকৰণ সন্দৰ্ভত আলোচনা কৰিবলৈ আমন্ত্ৰণ জনাইছে৷ ছয় জনগোষ্ঠী ঐক্যমঞ্চই এই সন্দৰ্ভত কাইলৈ দিনৰ ১২ বজাত এখন বৈঠকত মিলিত হ’ব৷