Logo
image

পৌৰকৰ দিবলৈ কিড্‌নী বিক্ৰী কৰিব লাগিব মহানগৰবাসীয়ে!

সিংঘালৰ বিৰুদ্ধে যুযুধান অতুল বৰা

বিধায়কৰে কথা পতাৰ প্ৰয়োজন নাইঃ সিংঘাল

আমাৰ অসম, ২৩ ছেপ্টেম্বৰঃ ব্যক্তিগত প্ৰতিষ্ঠানৰ জৰিয়তে গুৱাহাটীবাসীৰ পৰা কৰ সংগ্ৰহৰ সিদ্ধান্তৰ পূৰ্বৰ স্থিতিত অটল আছে নগৰ উন্নয়ন মন্ত্ৰী অশোক সিংঘাল৷ বিজেপি দলৰ সতীৰ্থ দুই বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু অতুল বৰাৰ লগতে মিত্ৰদল অগপৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই অশোক সিংঘালে গুৱাহাটী পৌৰ নিগমত একনায়ন্ত্ৰবাদ চলোৱাৰ অভিযোগ কৰাৰ পাছতো কোনো কেৰেপেই কৰা নাই মন্ত্ৰী সিংঘালে৷ আনকি সতীৰ্থ জ্যেষ্ঠ বিধায়কদ্বয়ে অনা অভিযোগৰ সন্দৰ্ভত তেওঁলোকৰ বিৰুদ্ধেহে দলে ব্যৱস্থা ল’ব বুলি একপ্ৰকাৰ সকীয়াই দিছে অশোক সিংঘালে৷ বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত মন্ত্ৰী অশোক সিংঘালে গুৱাহাটীৰ ৭০ শতাংশ লোকেই পৌৰ সম্পত্তিৰ কৰ আদায় নিদিয়ে বুলি দাবী কৰে৷ আনকি ব্যক্তিগত প্ৰতিষ্ঠানক পৌৰ কৰ সংগ্ৰহৰ দায়িত্ব দিয়াৰ সন্দৰ্ভত চৰকাৰী সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত স্থানীয় বিধায়কৰে আলোচনাৰ কোনো প্ৰয়োজন নাই বুলি সদৰ ঘোষণা কৰে মন্ত্ৰী সিংঘালে৷ এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত মন্ত্ৰী অশোক সিংঘালে কয়–‘পৌৰ কৰ সংগ্ৰহৰ বিষয়ত আমাৰ দলৰে প্ৰাক্তন মন্ত্ৰী তথ জ্যেষ্ঠ বিধায়কে যি মন্তব্য কৰিছে, তাৰ ওপৰত মন্তব্য দিয়াটো মোৰ পক্ষে উচিত নহয়৷ তেওঁলোকৰ বক্তব্যৰ বিষয়ে দলে বিবেচনা কৰিব৷ গুৱাহাটীত মিউনিচিপালটী কৰ সংগ্ৰহৰ হাৰ ভাল নহয়৷ পৌৰ নিগম সমূহ ভালদৰে চলাবলৈ পৌৰ কৰ ভালদৰে পাব লাগিব৷ কৰ সংগ্ৰহৰ তাৰ বাবে বিত্তীয় আয়োগে এটা সংস্কাৰ আনিলে৷ পৌৰ নিগমে যদি বিত্তীয় আয়োগৰ পৰা যদিহে অনুদান পাব লাগে তেতিয়াহ’লে পৌৰ এলেকাৰ ৯০ শতাংশ কৰ সংগ্ৰহ কৰিব লাগিব৷ এই সংস্কাৰ সাধন যদি নহয়, তেনেহ’লে আয়োগে গ্ৰাণ্ট মঞ্জুৰ নকৰে বুলি স্পষ্ট কৰি দিয়ে৷ অসমে এই সংস্কাৰৰ বাবে আগবঢ়াৰ বাবেই এইবাৰ ৫০০ কোটি টকা বিত্তীয় সাহায্য লাভ কৰিব৷ এই সংস্কাৰ সাধনৰ বিষয়টো কেবিনেটত উপস্থাপন কৰা হয়৷ আৰু কেবিনেটৰ অনুমোদন সাপেক্ষে ইয়াক কাৰ্যকৰী কৰাৰ বাবে আমি আগবাঢ়িছো৷ এই সিদ্ধান্তক লৈ বিধায়কৰ লগত কথা-নপতাটো এটা সুকীয়া কথা৷ কোনো নীতিৰ সংস্কাৰ সাধনৰ বাবে চৰকাৰে স্থানীয় বিধায়কৰ লগত কথা পাতিব লাগিব বুলি কোনো ধৰা বন্ধা নাই৷ কেবিনেটে লোৱা সিদ্ধান্তৰ কাৰোবাৰ যদি আপত্তি আছিল তেতিয়াই ক’ব লাগিছিল৷ এই সিদ্ধান্ত গ্ৰহণৰ দুমাহ হৈ গ’ল৷ গুৱাহাটী মহানগৰীত ২০২১-২২ বৰ্ষত সৰ্বমুঠ হ’ল্ডিং আছিল৷ ২.৫০ লাখ৷ ইয়াৰ ভিতৰত মাত্ৰ ৯০ হাজাৰ মানুহে সম্পত্তি কৰ দিছে৷ ২০১৬-১৭ বৰ্ষত ১.৬০ লাখ মানুহৰ বিপৰীতে মাত্ৰ ৬০ হাজাৰ লোকেহে কৰ পৰিশোধ কৰিছিল৷ গুৱাহাটীত বছৰি ৩০%, ৪০% বা ৫০% হে সম্পত্তি কৰ সংগ্ৰহ হৈ আছে৷ গুৱাহাটী পৌৰ নিগমৰ কৰ্মচাৰী গ’লেও নাগৰিকে কৰ আদায় দিব নিবিচাৰে৷ ২০১৮-১৯ বৰ্ষত জি এম চিৰ ২১০ কোটি টকা কৰ সংগ্ৰহৰ লক্ষ্য আছিল৷ ইয়াৰ বিপৰীতে ৫৫ কোটি টকা সংগ্ৰহ হ’ল৷ অৰ্থাৎ মাত্ৰ ২৬ শতাংশহে কৰ সংগ্ৰহ হ’ল৷ ২০২১-২২ বৰ্ষত সংগ্ৰহ হ’ল মাত্ৰ ২৩ শতাংশ৷ অৰ্থাৎ ৭০ শতাংশ কৰ সংগ্ৰহেই নহ’ল৷ এই কৰ চৰকাৰৰ পইচা৷ চৰকাৰে এই পইচা পোৱাৰ বাবেই ব্যৱস্থা কৰি আছো৷ যদি এই প্ৰচেষ্টা বেয়া দেখা যায়৷ তেনেহ’লে বন্ধ কৰি দিম৷ কিন্তু বাহিৰত এই প্ৰচেষ্টা সফল হৈছে৷ এই বিষয়টোৰ সন্দৰ্ভত মই মুখ্যমন্ত্ৰীক অৱগত কৰিছো৷ অসন্তুষ্ট বিধায়কসকলৰ সৈতে আলোচনাত বহিব লগা হ’লেও মই সাজু আছো৷’ অৱশ্যে অশোক সিংঘালে নিজৰ স্থিতিত অটল থাকিলেও মন্ত্ৰীজনক পুনৰ আক্ৰমণৰ লক্ষ্য কৰি লয় দলৰে বিধায়ক অতুল বৰাই৷ দিছপুৰ সমষ্টিৰ বিধায়কজনে বহিৰাগত প্ৰতিষ্ঠানে কৰ সংগ্ৰহ কৰিলে গুৱাহাটীৰ নাগৰিকে কিডনী বিক্ৰী কৰিবলগীয়া হ’ব বুলিও মন্তব্য কৰে৷ ইফালে সমষ্টিবাসী ৰাইজৰ স্বাৰ্থত ষ্টাৰ চিমেণ্টৰ বিৰুদ্ধে প্ৰতিবাদ কৰোতে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৱে চিমেণ্ট কোম্পানীটোৰ সৈতেও বিধায়জনক বুজাবুজি কৰাৰ পৰামৰ্শ দিয়াৰ বিস্ফোৰক অভিযোগ কৰিছে বিজেপি বিধায়ক অতুল বৰাই৷ এই সন্দৰ্ভত সাংবাদিকৰ আগত বিধায়ক বৰাই কয়–গুৱাহাটীৰ মানুহৰ পৰা যদিহে বহিৰাগত প্ৰতিষ্ঠানে কৰ তুলিবলৈ লয়, তেনেহ’লে অসমীয়া পৰিয়ালসমূহৰ এনে অৱস্থা হ’ব যে কিডনী বিক্ৰী কৰি কৰ আদায় দিব লাগিব৷ বহিৰাগত আহিলে অসমীয়া মানুহৰ টেটু চেপিব৷ কিয়নো ডিব্ৰুগড়ত এগৰাকী মহিলাই কোনোবা বহিৰাগত খান উপাধিৰ ব্যক্তিৰ পৰা টকা ধাৰ লৈ দিব নোৱাৰাত শেষত কিডনী বিক্ৰী কৰি ধাৰ মাৰিবলগীয়া হৈছিল৷ গুৱাহাটীতো এটা সময়ত কিডনী বিক্ৰী কৰি কৰ দিব লাগিব বহিৰাগত কোম্পানীক৷ গুৱাহাটী পৌৰ নিগমে ইমান দিনে নিজাকৈ কৰ সংগ্ৰহ কৰি আহিছে৷ নিগমৰ পাৰিষদসকল আৰু মুখ্যমন্ত্ৰীক বাদ দি গুৱাহাটীৰ তিনি বিধায়কৰ সৈতে কোনো আলোচনা নকৰাকৈ কিয় এনে সিদ্ধান্ত ল’ব লগা হ’ল অশোক সিংঘালে৷ আমি হৈছো গুৱাহাটীৰ বিধায়ক আৰু অশোক সিংঘাল হৈছে ঢেকীয়াজুলিৰ বিধায়ক৷ এই সিদ্ধান্তই ঢেকীয়াজুিলত কোনো প্ৰভাৱ নেপেলাই আৰু সিংঘালৰ কোনো ক্ষতি নহয়৷ ইয়াৰ বিপৰীতে আমি ৰাইজৰ ওচৰত জবাবদিহি হ’ব লাগিব৷ মই ৰাইজৰ হকে সদায় মাত মাতি আহিছো৷ ষ্টাৰ চিমেণ্টৰ বিৰুদ্ধে মই আন্দোলন কৰিছো৷ ষ্টাৰ চিমেণ্টক মই উৰুৱাই দিব পাৰিম জানো৷ আন্দোলনহে কৰিব পাৰিম৷ চৰকাৰৰ ওচৰতহে মই দাবী জনাইছো৷ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ ওচৰতহে দাবী তুলিছো৷ চন্দ্ৰমোহন পাটোৱাৰীয়ে এঘণ্টা সময় আলোচনা কৰোতে মোক কি কৈছিলে–আপুনি ষ্টাৰ চিমেণ্টৰ লগত এটা কম্প্ৰমাইজ কৰক আৰু অঞ্চলটোৰ উন্নয়নৰ বাবে কোম্পানীৰ পৰা পইচা লওক৷ ইয়াকে চন্দ্ৰমোহন পাটোৱাৰীয়ে মোক কৈছিল৷ মই তেতিয়া কৈছিলো–মই কিয় পইচা লম৷ তেওঁলোকক উচ্ছেদহে কৰিব লাগে বুলিহে পৰামৰ্শ দিছিলো৷ চন্দ্ৰমোহন পাটোৱাৰীৰ পৰামৰ্শ আছিল তেওঁলোকৰ সৈতে মিলিজুলি অঞ্চলটোৰ উন্নয়নৰ বাবে কাম কৰিব লাগে৷ টকা-পইচা ষ্টাৰ চিমেণ্টে দিব আৰু মই ল’ব লাগে৷ মই তেতিয়া চন্দ্ৰমোহন পাটোৱাৰীক স্পষ্টকৈ উত্তৰ দিছিলো যে এইবিলাক কামৰ বাবে মই তললৈ নামিব নোৱাৰো৷