Logo
image

উজনিৰ দুই মন্ত্ৰীৰ সংঘাত, আৰক্ষী বিষয়াক ৰিজাৰ্ভ ক্ল’জ

আমাৰ অসম, ২৩ ছেপ্টেম্বৰঃ গোলাঘাট জিলাৰ ঐতিহ্যমণ্ডিত আঠখেলীয়া নামঘৰৰ ক্ষমতাকেন্দ্ৰিক  সংঘাতে ক্ৰমাৎ নতুন মোৰ লৈছে৷ এই সংঘাতৰ আঁৰত আছে ৰাজ্য চৰকাৰৰ দুগৰাকীকৈ কেবিনেট মন্ত্ৰী৷ আঠখেলীয়া নামঘৰক লৈ দুটা ফৈদৰ সৃষ্টি হোৱাৰ আঁৰত আছে মন্ত্ৰী অতুল বৰা আৰু মন্ত্ৰী অজন্তা নেওগ৷ দুয়োজন মন্ত্ৰীয়ে দুয়োটা ফৈদৰ আঁৰত থাকি ক্ষমতাকেন্দ্ৰিক সংঘাতক নতুন মাত্ৰা দিয়াৰ গুৰুতৰ অভিযোগ উঠিছে৷ ইতিমধ্যে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দুয়োজন মন্ত্ৰীৰ এনে ভূমিকা আৰু নামঘৰৰ ঐতিহ্যত কালিমা সনা কাৰ্যক কঠোৰ ভাষাৰে নিন্দা কৰিছে৷  সংগঠনটোৱে আঠখেলীয়া নামঘৰৰ সংঘাতৰ অন্তৰালত ৰাজনৈতিক শক্তিৰ পৃষ্ঠপোষকতাৰ বাবেই ধৰ্মীয় পীঠখনত মতানৈক্য ঘটা বুলি অভিযোগ কৰি সমগ্ৰ বিষয়টোৰ পৰা দুয়োজন মন্ত্ৰীক আঁতৰি থাকিবলৈ সকীয়াই দিছে৷ উল্লেখ্য যে, আঠখেলীয়া নামঘৰৰ পৰিচালনাক লৈ দিনদিয়েক পূৰ্বে দুটা ফৈদৰ মাজত তীব্ৰ সংঘাতে গা কৰি উঠিছিল৷ আনকি এটা ফৈদে নামঘৰৰ দুৱাৰত তলা পৰ্যন্ত লগাই দিছিল৷ অৱশ্যে পৰৱৰ্তী পৰ্যায়ত আৰক্ষীৰ হস্তক্ষেপত নামঘৰৰ তলা খুলি দিয়া হয়৷ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আজি নামঘৰ প্ৰাংগনত উপস্থিত হৈ আঠখেলীয়া নামঘৰৰ সংঘাত সন্দৰ্ভত মুকলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিনিধি দলটোৰ হৈ সম্পাদক বিদ্যুৎ শইকীয়াই ধৰ্মীয় অনুষ্ঠানক লৈ ক্ষমতাকেন্দ্ৰিক সংঘাতৰ সৃষ্টি হোৱা বিষয়টো অত্যন্ত দুৰ্ভাগ্যজনক বুলি অভিহিত কৰি ৰাজহুৱা অনুষ্ঠানটোত এনে অৰাজকতা কোনো কাৰণতে সহ্য কৰা নহ’ব বুলিও সকীয়াই দিয়ে৷ সমিতিৰ প্ৰতিনিধি দলটোৱে নামঘৰৰ কৰ্ণধাৰ সমিতি আৰু পৰিচালনা সমিতিৰ সৈতে সংঘাত সন্দৰ্ভত পৃথকে আলোচনাত মিলিত হৈ দুয়োপক্ষৰ অভিযোগ-প্ৰতিঅভিযোগ শুনাৰ পাছত এই বিবাদ আলোচনাৰ মাজেৰে নিষ্পত্তি কৰিবলৈ দুয়োপক্ষক আহ্বান জনায়৷ সমিতিৰ সম্পাদক বিদ্যুৎ শইকীয়াৰ অভিযোগ– বুধবাৰে স্থানীয় বিধায়ক তথা মন্ত্ৰী অজন্তা নেওগে বিষয়টো মীমাংসা কৰিবৰ  বাবে কৰ্ণধাৰ সমিতি আৰু পৰিচালনা সমিতিক গোলাঘাট জিলা উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত থাকিবলৈ আহ্বান জনাইছিল যদিও সভাখনত কেৱল কৰ্ণধাৰ সমিতিৰ বিষয়ববীয়াসকলহে উপস্থিত থাকে৷ অথচ পৰিচালনা সমিতিৰ বিষয়ববীয়াসকল উপস্থিত নাথাকি পুনৰ উচ্ছ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ বাবে গুৱাহাটীলৈ ৰাওনা হয়৷ ইয়াৰে পৰিপ্ৰেক্ষিতত বিষয়টোৰ সমাধানৰ ক্ষেত্ৰত যে দুয়োপক্ষৰ সহযোগিতা-সহমত নাই সেই কথা স্পষ্ট হৈ পৰে৷ এনে পৰিস্থিতিত নামঘৰৰ সংঘাতে দীৰ্ঘকালীন ৰূপ লোৱাৰ সম্ভাৱনাই দেখা দিছে৷ দুয়োটা ফৈদৰ সৈতে হোৱা আলোচনাৰ পাছত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুকলি অভিযোগ– নামঘৰৰ কৰ্ণধাৰ সমিতিৰ আঁৰত জড়িত আছে মন্ত্ৰী অজন্তা নেওগ আৰু পৰিচালনা সমিতিৰ আঁৰত আছে মন্ত্ৰী অতুল বৰাৰ  হাত৷ দুয়োজন মন্ত্ৰীৰ ৰাজনৈতিক হস্তক্ষেপৰ বাবেই আঠখেলীয়া নামঘৰত ক্ষমতাকেন্দ্ৰিক সংঘাতে কাৰ্যতঃ অতি জটিল ৰূপ ধাৰণ কৰিছে৷ সমিতিয়ে দুয়োজন মন্ত্ৰীক বিষয়টোৰ পৰা আঁতৰি থাকিবলৈ সকীয়াই দি আঠখেলীয়া নামঘৰৰ ঐতিহ্য আৰু গৰিমাত দাগ নলগাবলৈ সংশ্লিষ্ট সকলো পক্ষকে আহ্বান জনাইছে৷

ঘিলাধাৰী আৰক্ষী থানাৰ অ’চি ৰাজেশ্বৰ গগৈক ৰিজাৰ্ভ ক্ল’জ

গোলাঘাটৰ ঐতিহ্যমণ্ডিত আঠখেলীয়া নামঘৰৰ প্ৰাংগণত গৃহৰক্ষীৰ জোৱানক মাৰপিট কৰি নিৰ্যাতন চলোৱা ঘিলাধাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজেশ্বৰ গগৈক ৰিজাৰ্ভ ক্ল’জৰ নিৰ্দেশ প্ৰদান কৰিছে গোলাঘাটৰ আৰক্ষী অধীক্ষক ৰমনদীপ কৌৰে৷ যোৱা মঙলবাৰে সুৰামত্ত হৈ নিজৰে গাড়ীচালকৰ ওপৰত বীৰত্ব দেখুওৱা অ’চি ৰাজেশ্বৰ গগৈক সাময়িকভাৱে ৰিজাৰ্ভ ক্ল’জ কৰাৰ পাছতে পৰৱৰ্তী সময়ত ঘটনাটোৰ ওপৰত তদন্তৰো নিৰ্দেশ প্ৰদান কৰিছে আৰক্ষী অধীক্ষকজনে৷ আঠখেলীয়া নামঘৰৰ চৌহদত কৰ্তব্যৰত এছ এছ বি জোৱানৰ লগত তৰ্কাতৰ্কিত লিপ্ত হোৱাৰ লগতে ঘিলাধাৰী আৰক্ষী থানাৰ গাড়ীচালক পাপু সোণোৱালৰ ওপৰত বীৰত্ব প্ৰদৰ্শন কৰি গুলীয়াই মৰাৰ ভাবুকি প্ৰদান কৰি লক্‌আপত আবদ্ধ কৰি চলাইছিল নিৰ্যাতন৷ এই ঘটনাক লৈ বৃহস্পতিবাৰে গোলাঘাট জিলা সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী বাহিনী গোলাঘাট জিলা সমিতিয়ে ঘিলাধাৰী আৰক্ষী থানাত উপস্থিত হৈ পাপু সোণোৱালৰ পৰা ভাষ্য গ্ৰহণ কৰাৰ লগতে স্বাস্থ্যৰ বুজ লয়৷ লগতে থানাৰে এজন আৰক্ষী বিষয়াই এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে গৃহৰক্ষী সন্থাৰ হৈ গোলাঘাট আৰক্ষী অধীক্ষক আৰু গোলাঘাটৰ জিলা উপায়ুক্তক স্মাৰক-পত্ৰ প্ৰদান কৰে৷ স্মাৰক-পত্ৰৰ যোগেদি ঘিলাধাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজেশ্বৰ গগৈক শীঘ্ৰে নিলম্বন কৰিবলৈ দাবী জনায়৷ ইফালে ভাৰপ্ৰাপ্ত বিষয়াজনে একাংশ আৰ এছ এছ নেতাৰ ঘনিষ্ট সম্পৰ্ক ৰাখি থানাৰ আৱাসগৃহত সুৰাৰ পাৰ্টি কৰি নিজকে মন্ত্ৰী অজন্তা নেওগৰ লগত মধুৰ সম্পৰ্ক থকা বুলি থানাখনৰ আন আৰক্ষীক গালি-গালাজ পাৰি দু-ব্যৱহাৰ কৰি আহিছে৷ তদুপৰি, কিছুদিনৰ আগতে গৰুগাড়ী, কাঠৰ গাড়ী ধৰি ধন লোৱাৰ অভিযোগ আনিছে থানাখনৰ একাংশ আৰক্ষীয়ে৷ সম্প্ৰতি এই ঘটনাৰ পাছতে আৰক্ষীৰ উচ্ছপদস্থ বিষয়াসকলে আৰক্ষী বিষয়াজনৰ বিষয়ে কিধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ’ব লক্ষণীয়৷