Logo
image

সাৱধান! এইবোৰ নম্বৰৰ পৰা ফোন আহিলে নধৰিব

আমাৰ অসম, ২৩ ছেপ্টেম্বৰঃ সাৱধান! চাইবাৰ অপৰাধীয়ে সহজ চিকাৰৰ সন্ধানত নামি পৰিছে৷ ৰহস্যজনক ফোন নম্বৰৰ পৰা ফোন আহিলে আপুনি নধৰিব৷ অন্যথা আপুনি নিমিষতে সৰ্বস্বান্ত হৈ পৰিব পাৰে৷ ৰহস্যজনক ফোন কল ৰিচিভ কৰিলে আপোনাৰ বেংক একাউণ্ট পলকতে শূন্য হৈ পৰিব৷ ইতিমধ্যে চাইবাৰ অপৰাধীৰ ফোনৰ কৱলত পৰি গুণী-জ্ঞানী বিশিষ্ট লোক সৰ্বস্বান্ত হ’ব লগা হৈছে৷ আনকি চাইবাৰ অপৰাধীয়ে দেশ সুৰক্ষাৰ দায়িত্বত নিয়োজিত সেনাবাহিনীৰ লোকৰ পৰিচয় দি ফোন কৰি বহু গণ্য-মান্য ব্যক্তিৰ একাউণ্টৰ পৰা কোটি কোটি টকা লুট কৰি নিয়া ঘটনা পোহৰলৈ আহিছে৷ চাইবাৰ অপৰাধীৰ আতংকত ৰাজ্যবাসী আতংকিত হৈ থকাৰ সময়তে অসম আৰক্ষীয়ে চাইবাৰ অপৰাধীৰ পৰা জনগণক সুৰক্ষা দিবলৈ ফলপ্ৰসূ আঁচনি হাতত লৈছে৷ চাইবাৰ অপৰাধীয়ে ফোন কৰা ৩৯টা নম্বৰ অসম আৰক্ষীয়ে চিনাক্ত কৰি ফোন নম্বৰসমূহ ৰাজহুৱা কৰিছে৷ চিনাক্ত কৰা চাইবাৰ অপৰাধীৰ ফোন আহিলে জনসাধাৰণক ৰিচিভ নকৰিবলৈ অসম আৰক্ষীয়ে কাতৰ আহ৩ান জনাইছে৷ অসম আৰক্ষীয়ে চিনাক্ত কৰা চাইবাৰ অপৰাধীৰ নম্বৰসমূহ হৈছে– ৯৩৪৮০৫৫৬৮৭, ২২৯৫৭৯৬৫৪০৮, ২২৯৫৯০৩২৪৯৫, ২২৯৫৯০৩২২৩৯, +১[২২৪]৩৩৯৭৮৬০, +১[৩১৫]৯৯৫১৪৪৫, +১[৬০৫]৭৭৬৭৬১৬, +১[৬৩৯]৩৯৬৯০৭৮, +১[৭১৫]৬০২৬০৯৩, +১[৭৩১]৩১৯৯৬২৩, +১[৮৪০]৪৭৮৩৪১৩, +১[৭৭৯]৩৭৯৯২৬২, ৯৩৯৪৮৮৭৫৬১, ৯০০১৫৭০৭৮২, ৯৪৬২২৬২২৫৪, ৮৯৬৭২৩৫৮৪৯, ৯৮৩০০৪৮৭০৭, ৯৭৭৭৫৪১৫২৯, ৮৪০৩০৯৮৬১১, ৯৪৭৩৯৮৩৫৭৭, +২২৯৫১৮৪৫১১০, ৯৯৫৫৫৯৮০৮৫, ৬২৯৭৭০৪৯৪৭, ৬৩৯০৩৪৪৩৯৪, +৯১১৭২৫৩৪০২২০, +৯১১৭২৫৩৪০২১০, +৯৭৭৭৮২১৪৮৫৭২০, +৯১৯৫৪৭৩৫৫২১৫, +৯১৮৮১১৯৬০৮৯৭, +৮৮০১৯৬১০৮৪০৭০, +৯১৮২৬০৩৬৬৩৫৯, +৯১৬৩৭০৭৪৫৪৫৩, ৭২৩৪৯৪০৪৬৬, ৭০০১৩৮৯২৬৭, ৭০০১৩৮৯২৬৭, ৯৩৩৬০৯৩৪০৭, ৮৪৫৩১২২৫১৮, ৯৭০৭৯৭৮১৪৮, ৭৮৭২৭৭০৪৫৯, ৮২৯৩৪২১৫৯১ আদি৷ এই নম্বৰসমূহৰ পৰা চাইবাৰ অপৰাধীয়ে ফোন কৰি বিভিন্ন ব্যক্তিৰ পৰা বিভিন্ন কৌশল অৱলম্বন কৰি বেংক একাউণ্ট নম্বৰ, পাছৱৰ্ড, চিক্ৰেট নম্বৰ, পিন নম্বৰ, অ’টিপি আদি সংগ্ৰহ কৰি জনসাধাৰণৰ একাউণ্টাৰ পৰা ধন লুট কৰি আহিছে৷ এই নম্বৰসমূহৰ পৰা ফোন আহিলে ফোন নধৰিবলৈ অসম আৰক্ষীয়ে ৰাইজক আহ্বান জনাইছে৷