Logo
image

হাগ্ৰামাৰ ৰিজ’ৰ্টত স্থানীয় যুৱতীৰ শ্লীলতা হানিৰ চেষ্টা যুৱকৰ

আমাৰ অসম, ২৩ ছেপ্টেম্বৰঃ কোকৰাঝাৰ আৰু চিৰাং জিলাৰ সীমান্তৱৰ্তী শ্যামথাইবাৰীৰ একত্ৰিশ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অৱস্থিত বাথৌ-খেৰাই নামৰ ৰিজৰ্টত বিগত বিশ্বকৰ্মা পূজাৰ নিশা ফূত্তিৰ্ৰ নামত এচাম যুৱ-প্ৰজন্মই নিচা জাতীয় দ্ৰব্য গ্ৰহণ কৰি সংগীতৰ তালে তালে কৰা উদ্দাম যৌনগন্ধী নৃত্যৰ ভিডিঅ’ এটা ভাইৰেল হৈ পৰাৰ পিছতে বিটিচিত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ বিশেষকৈ উক্ত ভাইৰেল ভিডিঅ’টোত উদ্দাম নৃত্যত অংশগ্ৰহণ কৰা স্বল্পবসনা যুৱতী সকলৰ এগৰাকীৰ শ্লীলতা হানি কৰাৰ দৃশ্য প্ৰকট হৈ উঠাত সাম্প্ৰতিক সময়ত যুৱ প্ৰজন্ম কোন দিশে গতি কৰিছে সেয়া বৰ্ণনা কৰাৰ প্ৰয়োজন নাই৷ প্ৰকাশ যে বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য তথা বৰ্তমানৰ পাৰিষদ হাগ্ৰামা মহিলাৰীৰ  পত্নী চেউলী মহিলাৰীৰ মালিকাধীন বাথৌ-খেৰাই নামৰ ৰিজৰ্টতো যুৱ-প্ৰজন্মৰ মাজত বিশেষ গুৰুত্ব লাভ কৰিছে৷ কাৰণ উক্ত ৰিজৰ্টো নৈসৰ্গিক সৌন্দৰ্যৰ লগতে বিভিন্ন উৎসৱ পাৰ্বনত তাত উচ্ছ স্তৰীয় নৃত্য গীতৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়৷ য’ত পশ্চিমীয়া সংস্কৃতিৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰাৰ সুযোগ পায় আজিৰ আধুনিক যুৱ-প্ৰজন্মই৷  বিগত ১৭ ছেপ্টেম্বৰ বিশ্বকৰ্মা পূজাৰ নিশাও তেনে ধৰণৰ অনুষ্ঠান অনুষ্ঠিত কৰা হৈছিল৷ য’ত নিচাগ্ৰস্ত যুৱক-যুৱতীসকলে শালীনতাৰ সকলো সীমা অতিক্ৰম কৰিছিল৷ বাথৌ-খেৰাইৰ দৰে ধৰ্মীয় নামকৰণ কৰা ৰিজৰ্ট এটাত ফূত্তিৰ্ৰ নামত কৰা উদ্দাম যৌনগন্ধী নৃত্যৰ নামত দেখিবলৈ পোৱা অতি নিৰ্লজ্জ উক্ত ভিডিঅ’ ভাইৰেলৰ ঘটনাই যুৱ প্ৰজন্মৰ ভৱিষ্যত অৱক্ষয়ৰ এক ভয়লগা ছবি দাঙি ধৰিছে বুলি বিভিন্ন পক্ষই মত প্ৰকাশ কৰিছে৷ বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যৱাহী সদস্য তথা বৰ্তমানৰ পাৰিষদ হাগ্ৰামা মহিলাৰী দৰে স্বনামধন্য ব্যক্তি এজনৰ মালিকনাধীন ৰিজৰ্টত সংঘটিত উক্ত কাৰ্যত অতিকে দুৰ্ভাগ্যজনক বুলি আখ্যা দি তীব্ৰ ভাষাৰে গৰিহণা দিছে এবছুৰ উপ-সভাপতি খৌৰৌমদাউ ওৱাৰীয়ে৷ তেওঁ এয়া সমাজৰ বাবে ভাল লক্ষণ নহয় আৰু ৰিজৰ্টোত দেখিবলৈ পোৱা পৰিৱেশ সুস্থ নহয় বুলি উল্লেখ কৰি নিশ্চিত ভাৱে ড্ৰাগছ মাদক দ্ৰব্য লৈ যুৱ-প্ৰজন্ম নিঃশেষ হোৱাৰ দিশে আগবাঢ়িছে বুলি মন্তব্য কৰে৷ সেয়ে তেওঁ মালিকপক্ষক এই বোৰ দিশত গুৰুত্ব আৰোপ কৰিব লাগিব বুলি আহবান জনায়৷ ছাত্ৰ নেতাজনে প্ৰতিটো সপ্তাহৰ শেষত এনেকুৱা ধৰণৰ অনুষ্ঠান অনুষ্ঠিত হয় বুলি অভিযোগ কৰি এবচুই ইয়াৰ প্ৰতিবাদ কৰি যাব বুলি সদৰি কৰে৷ আনহাতে ইউপিপিএলৰ দলৰ কেন্দ্ৰীয় নিৰ্বাচনী ষ্টিয়াৰিং কমিটিৰ মুখ্য আহ৩ায়ক তথা কেন্দ্ৰীয় সাংগঠনিক সম্পাদক চিন্দয় দেও এয়া সমাজৰ বাবে অশুভ লক্ষণ বুলি জানিব দি অনাগত দিনত যাতে এনে ধৰণৰ লজ্জাজনক ঘটনাৰ পুনৰাবৃত্তি নহয় তাৰ প্ৰতি দৃষ্টি দিবলৈ আহ্বান জনাইছে৷  উল্লেখ্য যে বাথৌ-খেৰাই ৰিজৰ্টত প্ৰতিটো উইক এণ্ড এঞ্জয়মেণ্টৰ নামত মদ-ভাং, নিচাজাতীয় সা-সামগ্ৰীৰ লগতে অশ্লীল নৃত্য-গীতৰ পয়োভৰ ঘটে বুলি বিভিন্ন পক্ষই অভিযোগ উত্থাপন কৰিছে৷