Logo
image

আঢ়ৈ বছৰৰ পাছত দ্বাৰ মুকলি ভূটানৰ

আমাৰ অসম, ২৪ ছেপ্টেম্বৰঃ ভাৰত-ভূটান আন্তৰ্জাতিক সীমান্তত বন্ধ হৈ থকা গেলেফু গেটখন শুকুৰবাৰে পুনৰ মুকলি কৰে ভূটান চৰকাৰে৷ বিশ্ব জুৰি আতংকিত কৰা ক’ভিড মহামাৰীৰ বাবেই বিগত আঢ়ৈ বছৰ ধৰি চিৰাং জিলাৰ ৰুণীখাটা থানাৰ অন্তৰ্গত দাদঘাৰিৰ হাতীসাৰস্থিত ভূটানৰ গেলেফু গেটখন বন্ধ কৰি ৰাখিছিল ভূটান চৰকাৰে৷ চুবুৰীয়া ৰাষ্ট্ৰখনৰ সৈতে কেন্দ্ৰীয় চৰকাৰৰে পৰ্যায়ক্ৰমে হোৱা আলোচনাৰ অন্তত আজি ভূটান চৰকাৰে মুকলি কৰিলে উক্ত গেলেফু গেটখন৷ গেটখন মুকলিৰ পিচতে ভূটান সীমান্তৰ ভিতৰত দুয়োদেশৰ প্ৰতিনিধিৰ মাজত অনুষ্টুপীয়াকৈ অনুষ্ঠিত এখন সভাত মত-বিনিময় হয়৷ তাৰ পিচতে দলে দলে ভাৰতীয় লোকৰ আগমন ঘটে ভূটানলৈ৷ গেটখন খোলাৰ পাছত আনন্দিত হৈ পৰে দুয়োখন দেশৰ সীমান্তবাসী৷ দীৰ্ঘ দিনৰ পৰা দুয়োখন দেশৰ মাজত বন্ধ হৈ থকা ব্যৱসায় বাণিজ্য পুনৰ আৰম্ভ হ’ল৷ ভাৰতৰ সীমাৰ ভিতৰত থকা গেটখনৰ পাশ্বৰ্ৱৰ্তী এলেকাৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ আজি খুলি দিয়ে৷ এই অঞ্চলৰ ভাৰতীয় লোকে বিশেষকৈ চুবুৰীয়া ৰাষ্ট্ৰখনৰ ওপৰতে অৰ্থনৈতিকভাৱে নিৰ্ভৰশীল৷ 

উল্লেখযোগ্য যে একেদিনাই ভূটানে ভাৰতৰ সৈতে সীমান্তত থকা মুঠ ৫খন গেট মুকলি কৰি দিয়ে৷ ভাৰত-ভূটান সীমান্তত থকা অসমৰ মাজেৰে ভূটানলৈ যাব পৰা গেলেফুৰ উপৰি ছামদ্ৰুপ জংখাৰ গেটখনো একেদিনাই মুকলি কৰা হয়৷ সেই উপলক্ষে মথনগুৰিত আয়োজিত এক অনুষ্ঠানত ভূটানৰ পানবাও জিলাৰ মহকুমাধিপতি সোনাম দৰ্জী, আৰক্ষী বিষয়া কেপ্তেইন উগেন দৰ্জী, শালবাৰী মহকুমাৰ মহকুমাধিপতিকে ধৰি বহুকেইজন উচ্ছ পৰ্যায়ৰ বিষয়া উপস্থিত থাকে৷ ইয়াৰ উপৰি ভূটানে একেদিনাই পশ্চিমবংগৰ সীমান্তত থকা ভাৰত-ভূটানৰ ফুলচিলিং, পাৰো আৰু ছামট্‌ছে গেট মুকলি কৰি দিয়ে৷ ভূটানৰ জনসাধাৰণে মংগলজনক বুলি ভবা বৰষুণৰ মাজতে ফুলচিলিং গেটখন মুকলি কৰে দেশখনৰ প্ৰধানমন্ত্ৰী ডাঃ লটে চেৰিঙে৷ উল্লেখ্য যে ২০২০ চনৰ ২৩ মাৰ্চৰ পৰা ভূটানে ভাৰতৰ সীমান্তত থকা মুঠ ৫খন গেটৰ ৩খন সম্পূৰ্ণৰূপে আৰু দুখন আংশিকভাৱে বন্ধ কৰি ৰাখিছিল৷ অতি গুৰুত্বপূৰ্ণ প্ৰয়োজনত ব্যৱহাৰ হোৱাকৈ আংশিকভাৱে খোলা আছিল পাৰো আৰু ফুলচিলিং গেটখন৷ অসমৰ সীমান্তত থকা গেলেফু আৰু ছামদ্ৰুপ জংখাৰকে ধৰি ছামট্‌ছে গেটখন শুকুৰবাৰে মুকলি কৰি দিয়ে৷ এই তিনিওখন গেট বিগত আঢ়ৈবছৰ ধৰি বন্ধ হৈ থকাৰ ফলত সীমান্তৱৰ্তী দুয়োখন দেশৰ নাগৰিক অসুবিধাৰ সন্মুখীন হৈছিল৷ কিয়নো উভয় দেশৰ সীমান্তৱৰ্তী নাগৰিকে এইকেইখন গেটেৰে ইপাৰ-সিপাৰ হৈ দুয়োদেশৰ মাজত বেপাৰ-বণিজ চলাই থকাৰ লগতে জীৱিকাও নিৰ্বাহ কৰিছিল৷ শুকুৰবাৰে উভয় দেশৰ মাজত থকা ৫খন গেট মুকলি কৰি দি ভূটানৰ কতৃৰ্পক্ষই ভাৰতীয় নাগৰিকক তেওঁলোকৰ দেশলৈ পৰ্যটক আৰু ব্যৱসায়ী হিচাপে অহা যোৱা কৰিবলৈ আহ্বান জনায়৷ ভাৰতীয় নাগৰিকে ভূটানত প্ৰৱেশ কৰিবলৈ হ’লে ভোটাৰ আই ডি কাৰ্ড অথবা পাছপ’ৰ্ট প্ৰদৰ্শন কৰিব লাগিব৷ ভূটান চৰকাৰে নিৰ্দিষ্ট কৰি দিয়া স্থানতকৈ আগবাঢ়ি আন স্থানলৈ পৰ্যটক গ’লে তেওঁলোকে ১২০০ টকা ভৰিব লাগিব৷ সেই ধন দেশখনৰ পৰিৱেশ ৰক্ষাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হ’ব বুলি ভূটানৰ প্ৰধানমন্ত্ৰী আৰু অন্যান্য চৰকাৰী বিষয়াই প্ৰকাশ কৰিছে৷