Logo
image

১১ সহস্ৰাধিকৰ হাতত নিযুক্তি-পত্ৰ চাকৰিৰ লগতে মুখ্যমন্ত্ৰীৰ পৰামৰ্শ ফ্ৰী

আমাৰ অসম, ২৪ ছেপ্টেম্বৰঃ এক লাখ নিযুক্তিৰ অংশৰূপে চাৰিটা পৰামৰ্শ দি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে ২৪টা বিভাগৰ ১১,২৩৬টা পদৰ বিপৰীতে নিযুক্তিপত্ৰ বিতৰণ কৰে৷ নিযুক্তিপ্ৰাপ্ত যুৱক-যুৱতীক প্ৰথম মাহৰ দৰমহাৰ ধনেৰে পিতৃ-মাতৃক, দ্বিতীয় মাহৰ দৰমহাৰ ধনেৰে ঘৰৰ কাষৰ উপাসনাস্থলী মন্দিৰ-মছজিদৰ বাবে আৰু তৃতীয় মাহৰ দৰমহাৰ ধনেৰে নিজে পঢ়া বিদ্যালয়খনৰ বাবে এটাকৈ উপহাৰ দিবলৈ পৰামৰ্শ দিলে মুখ্যমন্ত্ৰী শৰ্মাই৷ তদুপৰি চাকৰি লাভ কৰা যুৱক-যুৱতীৰ পৰিয়ালে যদি বৰ্তমান পৰ্যন্ত অৰুণোদয় আঁচনিৰ ধন লাভ কৰি আছে তেনে পৰিয়ালক অৰুণোদয় আঁচনিৰ ধন নালাগে বুলি লিখি দিবলৈ মুখ্যমন্ত্ৰী শৰ্মাই আনুষ্ঠানিকভাৱে অনুৰোধ জনায়৷ গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত নিযুক্তি পত্ৰ বিতৰণ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয়–কোনো প্ৰাচীৰ তথা প্ৰত্যাহ্বানে অসম চৰকাৰৰ এক নিযুক্তিত বাধা দিব নোৱাৰে৷ সন্মুখত হিমালয় আহি থিয় দিলেও এক লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি অসম চৰকাৰে পূৰণ কৰিব৷ যিমান সমালোচনা কৰিলেও অসম চৰকাৰে স্বচ্ছ আৰু নিকা ভাৱে এক লাখ নিযুক্তিৰ লক্ষ্যত উপনীত হ’বই৷ স্বচ্ছ আৰু নিকা নিযুক্তিৰ ক্ষেত্ৰত চৰকাৰখনে সফলতা অৰ্জন কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে প্ৰত্যাহ্বান জনাই কয় যে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ ২৬ হাজাৰ পদত হ’বলগীয়া নিযুক্তিত যদি এজনেও অনিয়মেৰে চাকৰি পোৱা বুলি প্ৰমাণ হয় তেন্তে চৰকাৰ এৰি দিব৷ তেওঁ কয়– অসমত এতিয়া নেতিবাচক কথা কোৱাৰ দিন নাই৷ অসমত থাকিলে ইতিবাচক কথা ক’ব লাগিব৷ অসম এতিয়া বিকাশৰ পথত আৰু অসমক দেশৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্য কৰা হ’ব৷ একাংশৰ সমালোচনাৰ পাছতো বিদ্যাঞ্জলি আঁচনিৰ অধীনত ৩০ হাজাৰ লোকে নিজে পঢ়া বিদ্যালয়খনলৈ কিবা নহয় কিবা আগবঢ়াইছে৷ নিজে পঢ়া বিদ্যালয়লৈ বুলি ২৬,৮১১খন ফেন দিছে৷ ইয়াত চৰকাৰৰ টকা নথকাৰ কথা নাই৷ বিগত ডেৰ বছৰত অসম চৰকাৰে স্বচ্ছ আৰু নিকাভাৱে ২৭ হাজাৰ নিযুক্তি দিবলৈ সক্ষম হৈছে৷ এক লাখ নিযুক্তি সম্পূৰ্ণ নোহোৱা পৰ্যন্ত নিযুক্তি পত্ৰ বিতৰণৰ এনে সভা আৰু অনুষ্ঠিত হ’ব৷ শীঘ্ৰেই ফৰেষ্টৰ এটা নতুন বেটেলিয়ান কৰা হ’ব আৰু য’ত বহুসংখ্যক নিযুক্তি হ’ব৷ আজিৰ নিযুক্তিত অনুকম্পামূলক পাঁচশতাধিক নিযুক্তি দিয়া হৈছে বুলি তেওঁ কয়৷ দুটা দশকৰ পূৰ্বৰ পৰিৱেশৰ কথা সদৰি কৰি তেওঁ কয় যে সেইসময়ত চাকৰিৰ এখন ডাঙৰ বজাৰ চলি আছিল৷ তেওঁ কয়– ১৯৯৮ চনৰ কথা৷ তেতিয়া মই বিধায়কো হোৱা নাছিলো৷ সেই সময়ৰ চৰকাৰৰ প্ৰতিনিধিয়ে মোক জালুকবাৰী সমষ্টিৰ পৰা ৩০জন প্ৰাৰ্থীৰ নাম দিবলৈ কৈছিল৷ সেইমতে ৩০জন প্ৰাৰ্থীৰ নাম জমা দিছিলো৷ কোনো সাক্ষাৎকাৰ-পৰীক্ষা অবিহনে সেইসকলে নিযুক্তি পালে৷ আজিও চাকৰি কৰি আছে তেওঁলোকে৷ মুখ্যমন্ত্ৰীৰ এনে ভাষ্যৰ পিছতে চৰ্চা হৈছে বিধায়ক হোৱাৰ পূৰ্বেই তেওঁ নিযুক্তি কেলেংকাৰীত জড়িত আছিল নেকি? মুখ্যমন্ত্ৰী ড॰ শৰ্মাই আৰু কয়– ২০১১ চনত শিক্ষা বিভাগত টেট্‌ৰ যোগেদি স্বচ্ছ আৰু নিকাভাৱে নিযুক্তি দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ সময়ত বহু প্ৰত্যাহ্বান আহিছিল৷ কিন্তু সকলো বিতৰ্ক নেওচি অসমত শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত স্বচ্ছ আৰু নিকা ব্যৱস্থা কৰিবলৈ সক্ষম হৈছিলোঁ৷ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পাছত গৃহ বিভাগৰ নিযুক্তিৰ ক্ষেত্ৰত শিক্ষাৰ দৰে স্বচ্ছতা অনাৰ প্ৰয়াস কৰা হয়৷ নিযুক্তি প্ৰক্ৰিয়া ‘গংগা’ৰ দৰে পবিত্ৰ আৰু নিকা কৰাৰ সংকল্প গ্ৰহণ কৰা হৈছিল৷ যাৰ পৰিপ্ৰেক্ষিতত নিকা আৰু স্বচ্ছভাৱে পুলিচৰ নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন হৈছে৷ এতিয়া আৰু ইয়াক কোনেও কলংকিত কৰিব নোৱাৰে৷ যোগ্যতাৰ ভিত্তিতে চাকৰি পাব তাৰ ব্যৱস্থা কৰা হৈছে৷ এইখন চৰকাৰে দুৰ্নীতিক কোনো কাৰণতে প্ৰশ্ৰয় নিদিয়ে অসমে দেশক ৰাস্তা দেখুৱাইছে৷ পৰীক্ষাৰ বাবে দুঘণ্টা ইণ্টাৰনেট বন্ধ ৰখাক কেন্দ্ৰ কৰি বিভিন্ন মহলে চৰকাৰখনক কৰা সমালোচনাৰ প্ৰত্যুত্তৰ দি তেওঁ কয় যে অসমৰ দুখীয়া ল’ৰা-ছোৱালীৰ স্বাৰ্থত প্ৰয়োজন হ’লে দিনটো ইণ্টাৰনেট বন্ধ কৰি ৰাখিম৷ বিশেষকৈ সংবাদ মাধ্যমক আক্ৰমণৰ লক্ষ্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে যিমান সমালোচনা নকৰক কিয় নিজৰ বা মন্ত্ৰী-আমোলাৰ বাবে নহয় ৰাজ্যৰ দৰিদ্ৰ-দুখীয়াৰ বাবে প্ৰয়োজন হ’লে ২০ ঘণ্টাৰ বাবে ইণ্টাৰনেট বন্ধ কৰিবলগীয়া হ’লে এক মুহূৰ্তও চিন্তা নকৰো৷ আৰক্ষীত নিযুক্তি পোৱা সকলক দৰিদ্ৰজনৰ বন্ধু হিচাপে কাম কৰি যোৱাৰ বাবে আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে৷ আনহাতে ৰাজহুৱা শিক্ষা ব্যৱস্থা শক্তিশালী কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা উদ্যোগৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে দুটা দশকত ৪০ হাজাৰ বিদ্যালয় নতুনকৈ স্থাপন কৰাৰ লগতে ২ লাখ শিক্ষক নিযুক্তি দিয়া হৈছে৷ ১২ অক্টোবৰত চাহ বাগানত আৰু ১০০খন বিদ্যালয় ৰাষ্ট্ৰপতিয়ে উদ্বোধন কৰাৰ কথা মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে৷ তেওঁ লগতে কয় যে ৭৫ বছৰৰ দুখ-দুৰ্দশা আঁতৰাই অসমখনক শ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ়ি তোলা হ’ব৷ ৰাজ্য চৰকাৰে ২ লাখ লোকক আত্মসংস্থাপন দিয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু এই সন্দৰ্ভত ৮ অক্টোবৰত সিদ্ধান্ত ঘোষণা কৰা হ’ব৷ উল্লেখ্য, শুকুৰবাৰে ৰাজ্যৰ ২৪টা বিভাগত নিযুক্তি লাভ কৰা ১১,২৩৬ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ কৰা হয়৷ ইয়াৰে গৃহ আৰু ৰাজনৈতিক বিভাগত সৰ্বাধিক ৫,৩৩৫ জনে, উচ্ছ আৰু কাৰিকৰী শিক্ষাত ৯২৭ জনে, বিদ্যালয় শিক্ষাত ৩, ৮১১ জনে, উদ্যোগ আৰু ৰাজহুৱা প্ৰতিষ্ঠানত ১জনে, পঞ্চায়ত আৰু গ্ৰামোন্নয়নত ২৭৭ জন, স্বাস্থ্য আৰু পৰিয়াল কল্যাণত ২৯৯ জনে, লোক নিৰ্মাণত ৩০৪ জনে, পৰ্যটনত ৬ জনে, জলসিঞ্চনত ১৩৭ জনে, পৰিৱেশ আৰু বন বিভাগত ৩ জন, পৰিবহণ বিভাগত ৩ জনে, গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগত এজনে, পৰিৱেশ আৰু বন বিভাগত ৩৩জনে, মহিলা আৰু শিশু উন্নয়নত ৪ জনে, জলসম্পদত ৩ জনে নিযুক্তি লাভ কৰে৷ তাৰ লগতে জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগত ৪ জনে, ক্ৰীড়া আৰু যুৱ কল্যাণত ১৩ জনে, হস্ততাঁত আৰু বস্ত্ৰ শিল্প সঞ্চালকালয়ত ৬ জনে, ৰূপান্তৰ আৰু উন্নয়নত ১১ জনে, সমবায় বিভাগত ২ জনে, দক্ষতা-নিয়োগ আৰু উদ্যমিতা বিভাগত ২৪ জনে, তথ্য আৰু ¸জন সংযোগ বিভাগত এজনে, তথ্য প্ৰযুক্তি বিভাগত ৪ জনে, পশুপালন আৰু পশু চিকিৎসাত ২৭ জনে আৰু মীন বিভাগত ৩ জনে নিযুক্তি লাভ কৰিছে৷ নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত মন্ত্ৰী ৰণজিৎ কুমাৰ দাস, অতুল বৰা, কেশৱ মহন্ত, ডাঃ ৰণোজ পেগু, অজন্তা নেওগ, যোগেন মহন, সঞ্জয় কিষাণ, নন্দিতা গাৰ্লোছা, ইউ জি ব্ৰহ্ম, জয়ন্ত মল্লবৰুৱা, অশোক সিংহল, বিমল বড়া আৰু পীযুষ হাজৰিকা, মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তকে ধৰি বিভিন্ন বিভাগৰ ভালেসংখ্যক শীৰ্ষ বিষয়া উপস্থিত থাকে৷